Home নগাঁও নগাঁৱত ৰাজসাহাৰ্য যুক্ত-সাৰৰ ৰমৰমীয়া বেহা

নগাঁৱত ৰাজসাহাৰ্য যুক্ত-সাৰৰ ৰমৰমীয়া বেহা

536
0


ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ৪ এপ্ৰিল ঃ
চৰকাৰী ৰাজসাহায্যযুক্ত সাৰৰ চোৰাং বেহা অব্যাহত আছে নগাঁও জিলাত৷ কৃষিপ্ৰধান জিলাখনৰ কৃষকৰ বাবে আবণ্টিত ৰাজসাহায্যযুক্ত সাৰৰ চোৰাং বেহা চলি থকা হেতুকে জিলাখনৰ কৃষক ৰাইজে প্ৰয়োজনীয় সাৰৰ বাবে হাবুডুবু খাবলগীয়া হৈছে৷ অথবা তিনি-চাৰিগুণ দামত ৰাজসাহায্যযুক্ত সাৰকে ক্ৰয় কৰিবলৈ বাধ্য হৈছে৷ নগাঁৱৰ কৃষকৰ বাবে আবিKI×ত সাৰ কৃষকক নিদি অসাধু ব্যৱসায়ীয়ে এক চক্ৰৰ জৰিয়তে বহিঃৰাজ্যলৈ, আনকি বহিঃৰাষ্ট্ৰলৈও সৰবৰাহ কৰা বুলিও গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ অভিযোগ অনুসৰি, অসাধু চক্ৰটোৱে চৰকাৰী ৰাজসাহায্যযুক্ত ইউৰিয়া সাৰ চোৰাংকৈ নি ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে বহিঃৰাজ্যলৈ সৰবৰাহ কৰে৷ ট্ৰাকত বোজাই কৰি নগাঁৱৰ পৰা শিলচৰ হৈ বাংলাদেশলৈ ইউৰিয়া সাৰ চোৰাংকৈ নি থকা হৈছে যদিও এইবোৰত চকু দিওঁতা কোনো নাই৷ অভিযোগ মতে, চোৰাং ইউৰিয়া সাৰৰ ব্যৱসায়ী চক্ৰটোৱে নগাঁৱৰ পৰা ইউৰিয়া সাৰ সংগ্ৰহ কৰি ভিন্ন স্থানত মজুত কৰে৷ হোজাই জিলাৰ ডবকা আৰু মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ লগতে শেহতীয়াকৈ নগাঁও জিলাৰ ধিং আৰু জুৰীয়া, ডুমডুমীয়া আদি অঞ্চলত সাৰ মজুত কৰে অসাধু ব্যৱসায়ীয়ে৷ সৰু সৰু গাড়ীৰে ইউৰিয়া সাৰ সংগ্ৰহ কৰি চোৰাং ব্যৱসায়ী চক্ৰটোৱে সুবিধা অনুসৰি ডবকা, মৈৰাবাৰী, ধিং আৰু জুৰীয়া, ডুমডুমীয়াত মজুত কৰে৷ পিছত সেই সাৰসমূহ ট্ৰাকেৰে বিভিন্ন ঠাইলৈ লৈ যোৱা হয়৷ আনকি এই সাৰ শিলচৰলৈ নি তাৰ পৰা বাংলাদেশলৈকো সৰবৰাহ কৰা হয় বুলি ৰাইজৰ মাজত বু বু-বা বা চলিছে৷ অৱশ্যে এই কথা অস্বীকাৰ কৰিছে নগাঁও জিলা প্ৰশাসনে৷ তাৎপৰ্যপূৰ্ণ বিষয় এই যে নগাঁও জিলাৰ কৃষকৰ চাহিদা অনুসৰি সাৰ উৎপাদনত জড়িত কোম্পানীসমূহে ইউৰিয়া সাৰ যোগান ধৰিব পৰা নাই যদিও সাৰৰ চোৰাং ব্যৱসায়ত জড়িত চক্ৰটোৱে নতুন নতুন কৌশল অৱলম্বন কৰি সাৰৰ ক’লা বজাৰ চলাই আহিছে৷ বিশেষকৈ কৃষি বিভাগৰ অনুজ্ঞা-পত্ৰ থকা একাংশ পাইকাৰী আৰু একাংশ খুচুৰা ব্যৱসায়ীৰ উপৰিও চোৰাং ব্যৱসায়ীয়ে মিলি ইউৰিয়াৰ চোৰাং ব্যৱসায় চলাই আছে বুলি জানিব পৰা গৈছে৷ চৰকাৰী নীতি মতে, ব্যৱসায়ীসকলে এজন কৃষকক প্ৰতি ৪৫ কিলোগ্ৰাম ইউৰিয়া সাৰৰ পেকেট কৃষকক বিক্ৰী কৰিব লাগে ২৪২ টকা দামত৷ কিন্তু নগাঁৱতে অবৈধভাৱে এই ৰাজসাহায্যযুক্ত সাৰৰ প্ৰতি বেগত বিক্ৰী হৈ আছে ৫০০-৬০০ টকা দামত৷ স্মৰ্তব্য যে ৪৫ কিলোগ্ৰাম ইউৰিয়া সাৰৰ প্ৰকৃত মূল্য ৯৮৮.৪০ টকা৷ ইউৰিয়াৰ প্ৰকৃত মূল্য ৯৮৮.৪০ টকাৰ পৰা ৭৪৬.৪০ টকা কেন্দ্ৰীয় চৰকাৰে সাৰ প্ৰস্তত কৰা কোম্পানীক আদায় দিয়ে৷ সেয়ে সাৰৰ ব্যৱসায়ীসকলে প্ৰতি ৪৫ কিলোগ্ৰামৰ বেগ কৃষকক ২৪২ টকাত বিক্ৰী কৰিব লাগে৷ চৰকাৰে প্ৰকৃত কৃষকে যাতে সাৰ লাভ কৰে তাৰ বাবে কঠোৰ হৈছে৷ কিন্তু নগাঁৱৰ ইউৰিয়া সাৰৰ অসাধু ব্যৱসায়ীয়ে চৰকাৰৰ কঠোৰ নীতিৰ মাজত কৌশলেৰে ইউৰিয়া সাৰ ক’লা বজাৰত বিক্ৰী কৰি আহিছে৷ জানিব পৰা মতে, ২০২১ চনৰ অক্টোবৰ মাহৰ পৰা ২০২২ চনৰ মাৰ্চ মাহলৈকে নগাঁও জিলাত ইউৰিয়া সাৰৰ চাহিদা ৰ কোটি ৮৩ লাখ কিলোগ্ৰাম৷ ইয়াৰ বিপৰীতে জিলাখনক ইউৰিয়া যোগান ধৰা হয় ৰ কোটি চ্ছ্ৰ লাখ ৯৬ হাজাৰ কিলোগ্ৰামহে৷ জিলাখনলৈ চাহিদা মতে ৫৭.৩৫ শতাংশহে ইউৰিয়া সাৰ আহে ৷ ৫৭.৩৫ শতাংশ ইউৰিয়া সাৰ নগাঁৱলৈ অহাৰ পিছতো ইয়াৰে আধা ইউৰিয়া নগাঁৱৰ কৃষকে লাভ কৰিবলৈ সক্ষম নোহোৱাৰ অভিযোগ উঠিছে৷ শস্যৰ বতৰত কৃষকে ইউৰিয়া বিচাৰি হাহাকাৰ কৰিব লগা হৈছে৷ নগাঁৱৰ সাৰৰ বজাৰত এনে এক পৰিৱেশ হৈছে যে প্ৰতি ৪৫ কিলোগ্ৰাম ইউৰিয়া সাৰৰ বেগত কৃষকে হাজাৰ টকা দিব বিচাৰিলেও সাৰ পাবলৈ নাই ৷ গ্ৰামাঞ্চলত কৃষকে ৰাজসাহায্যযুক্ত সাৰ পাইছেনে নাই প্ৰশ্ন কৰিলেই নিৰাশাৰ প্ৰতিচ্চবি এখনহে পোৱা যায়৷ কৃষকৰ নিৰাশাৰ প্ৰতিচ্চবিৰ পৰা স্পষ্ট হয় যে ২০২১ চনৰ পৰা ২০২২ চনৰ মাৰ্চলৈকে চাহিদাৰ বিপৰীতে অহা ৫৭.৩৫ শতাংশ ইউৰিয়া সাৰৰ গৰিষ্ঠসংখ্যক অসাধু চক্ৰই কৌশলেৰে নগাঁৱৰ বজাৰৰ পৰা আঁতৰাই নিবলৈ সক্ষম হ’ল৷ জানিব পৰা মতে, ৰাজসাহায্যযুক্ত ইউৰিয়া সাৰৰ উপৰিও ৰাজসাহায্যযুক্ত ডিএপিৰ ৫০কেজিৰ প্ৰতিটো বেগৰ দাম ১২০০ টকা হ’ব লাগে যদিও ক’লা বজাৰত ই ২,৫০০ টকা দামত বিক্ৰী হৈ আছে৷ ঠিক একেদৰে ৰাজসাহায্যযুক্ত এছএছপিৰ ৫০ কেজি ওজনৰ প্ৰতিটো বেগ ৩৮০ টকা দামত বিক্ৰী কৰিব লাগে যদিও ক’লা বজাৰত ইয়াৰ দাম হৈছেগৈ ৰ,০০০ টকা৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here