Home অসম মৌখিক সাহিত্যত অন্য জনগোষ্ঠীতকৈ কাবিৰ্সকল চহকী-ৰংবং তেৰাং

মৌখিক সাহিত্যত অন্য জনগোষ্ঠীতকৈ কাবিৰ্সকল চহকী-ৰংবং তেৰাং

270
0


গণ বাৰ্তা বিশেষ, ডিফু, ৯জানুৱাৰী : ‘ পৰম্পৰাগত লোক-সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰত অতিকৈ ঐশ্বৰ্যশালী কাবিৰ্ জনগাষ্ঠীৰ সমৃদ্ধশালী মৌখিক সাহিত্যৰ ওপৰত ইতিমধ্যে বহু গৱেষণালব্ধ কৰ্ম-সম্পাদন হোৱাৰ উপৰি ইয়াৰ সংৰক্ষণৰ বাবেও বিজ্ঞ সমাজে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ ইতিহাসে স্পৰ্শ নকৰা কালৰে পৰা কাবিৰ্ মৌখিক-সাহিত্য জনগোষ্ঠীটোৰ মুখে মুখে প্ৰচলিত হৈ সংৰক্ষিত হৈ আহিছিল যদিও কুৰি শকিতাৰ মধ্য ভাগৰ পৰাহে মূলতঃ বিশিষ্ট কাবিৰ্ সাহিতি্যক ৰংবং তেৰাঙৰ মহান প্ৰচেষ্টাত এই সাহিত্যই বহু পৰিমাণে লিখিত ৰূপ লাভ কৰাত নতুন প্ৰজন্মই এই সাহিত্যৰ সৈতে পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে৷’ সাহিত্য অকাডেমিৰ উদে্যাগত আৰু অসম সাহিত্য সভাৰ সহযোগত সভাৰ ডিফুৰ আঞ্চলিক কাৰ্যালয় ৰাংচিনা ভৱনত ‘কাবিৰ্ মৌখিক সাহিত্যৰ বৈশিষ্ট আৰু সমাজত ইয়াৰ প্ৰয়োগ’ সম্বন্ধীয় এক আলোচনা-চক্ৰ মুকলি কৰি কাবিৰ্ মৌখিক সাহিত্য সন্দৰ্ভত এনেদৰে মন্তব্য প্ৰকাশ কৰে বিশিষ্ট সাহিতি্যক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰংবং তেৰাঙে৷ কাবিৰ্ ভাষা-সাহিত্যৰ বিকাশৰ ইতিহাস বৰ্ণনা কৰি বিশিষ্ট সাহিতি্যকগৰাকীয়ে লগতে কয় যে ১৮৭৫ চনত শিৱসাগৰৰ ছপাশালত খ্ৰীষ্টান মিছনেৰীসকলে কাবিৰ্ ভাষাত পুথি ছপাইছিল৷ ইয়াৰ পৰৱতৰ্ী সময়ত কাবিৰ্ জনগোষ্ঠী সন্দৰ্ভত ১৮৮৩ চনত ইংৰাজ চাহাবে লিখা ‘দ্য মিকিৰছ’ নামৰ এক উল্লেখনীয় প্ৰবন্ধত কাবিৰ্ জনগোষ্ঠী বিষয়ত এক তথ্যগধুৰ প্ৰবন্ধ লিখি জনগোষ্ঠীটোৰ সৈতে বিশ্ববাসীক পৰিচয় কৰাই দিছিল৷ এক কথাত সেই সময়ৰ পৰাই কাবিৰ্ ভাষা-সাহিত্যৰ বিকাশৰ ধাৰাৰ বীজ ৰোপন হোৱা বুলি মন্তব্য কৰি তেৰাঙে লগতে কয় যে ১৯৩৭ চনৰ পৰা বিশিষ্ট সাহিতি্যক ৰংবং তেৰাঙৰ একান্ত প্ৰচেষ্টাত কাবিৰ্ মৌখিক সাহিত্যৰ সংৰক্ষণৰ বাট মুকলি হয়৷ ৰংবং তেৰাঙৰ এনে মহৎ কৰ্মৰ বাবে সেই তাহানিতে তেওঁ চৰকাৰৰ দ্বাৰা পুৰস্কৃত হোৱাৰ কথাও ৰংবং তেৰাঙে তেওঁৰ ভাষণত উল্লেখ কৰি কয় যে মৌখিক সাহিত্যই সমৃদ্ধ কৰা কাবিৰ্ জনগোষ্ঠীৰ এই সাহিত্য অন্য জনজাতিতকৈ অধিক চহকী বুলি ধাৰণা হয়৷ লিখিত ৰূপত নথকা কাবিৰ্সকলৰ ইতিহাস উদ্ধাৰৰ বাবে শেহতীয়াকৈ ‘কাবিৰ্ লামমেত আমেই’য়ে গ্ৰহণ কৰা প্ৰচেষ্টাৰো তেৰাঙে শলাগ লয়৷ সাহিত্য অকাডেমিৰ আলোচনা-চক্ৰৰ জৰিয়তে কাবিৰ্ মৌখিক সাহিত্যৰ বিকাশৰ বাবে গ্ৰহণ কৰা প্ৰচেষ্টাকো অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতিগৰাকীয়ে আদৰণি জনায়৷ নিজকে সদায় আশাবাদী বুলি মন্তব্য কৰি সাহিত্য অকাডেমিৰ সৈতে গঢি. উঠা তেওঁৰ সম্পৰ্ক সন্দৰ্ভতো উল্লেখ কৰে৷ মৌখিক ৰূপত থকা কাবিৰ্ ৰামায়ণ ‘ছাবিন আলুন’ৰ বিশাৰদ কাছাং তেৰণপীয়ে সাহিত্য অকাডেমিৰ উপৰি উপস্থিত বিশিষ্ট ব্যক্তিসকলৰ সমুখত ‘ছাবিন আলুন’ৰ গীত পৰিৱেশন কৰি কাবিৰ্ পৰম্পৰাগত লোকাচাৰ আৰু মৌখিক সাহিত্যৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হয়৷ সাহিত্য অকাডেমিৰ কলকতা কাৰ্যালয়ৰ আঞ্চলিক সম্পাদক দেৱেন্দ্ৰ কুমাৰ দেৱেসে আদৰণী ভাষণ প্ৰদান কৰি সাহিত্য অকাডেমিয়ে দেশৰ সকলো ভাষাৰ উন্নয়নৰ হকে কৰি আহিছে বুলি উল্লেখ কৰি জনগোষ্ঠীয় ভাষাসমূহৰ শ্ৰীবৃদ্ধি হ’লেহে দেশৰ সাহিত্যই প্ৰসাৰ লাভ কৰিব বুলি মন্তব্য কৰে৷ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থকা হাওৰাঘাটৰ বিধায়ক দৰছিং ৰংহাঙে কাবিৰ্ সমাজত মৌখিক সাহিত্যৰ ভাণ্ডাৰ যথেষ্ট পৰিমাণে থকা বুলি মন্তব্য কৰি আজিৰ আলোচনা-চক্ৰই এক যোগাত্মক পথৰ সন্ধান দিব বুলি আশা প্ৰকাশ কৰে৷ বিধায়কগৰাকীয়ে এনে প্ৰচেষ্টাৰ বাবে সাহিত্য অকাডেমিৰ শলাগ লয়৷ আজিৰ আলোচনা-চক্ৰত ‘কাবিৰ্ মৌখিক সাহিত্যৰ বৈশিষ্ট আৰু সমাজত ইয়াৰ প্ৰয়োগ’ সম্পকীৰ্য় প্ৰথমখন বৈঠক সঞ্চালনা কৰে বিশিষ্ট গৱেষক ধৰমছিং টেৰণে৷ এই বৈঠকত হাংমিজি হাঞ্চে, লুন্সে তিমুং আৰু পাৰি ৰংপিয়ে কাবিৰ্ মৌখিক সাহিত্য সন্দৰ্ভত সাৰগৰ্ভ বক্তব্য ৰাখে৷ প্ৰয়াত বিশিষ্ট সাহিতি্যক লংকাম টেৰণৰ সাহিত্য কৰ্মৰ ওপৰত অনুষ্ঠিত দ্বিতীয়খন বৈঠকত পৱিত্ৰ বৰা, মঞ্জ³ টেৰণপী, গীতা বৰা আৰু জয়ছিং টকবীয়ে বক্তব্য ৰাখে৷ এই বৈঠকখন সঞ্চালনা কৰে দেৱেন কাকতিয়ে৷ কাবিৰ্ ৰামায়ণ ‘ছাবিন আলুন’ত নাৰীৰ ভূমিকা সম্পকীৰ্য় তৃতীয়খন বৈঠকত মনালিছা ৰংপিপী, গীতা হাঞ্চেপী, মেগী কাথাৰপী, বন্দিতা টেৰণপী আৰু ছেৰদিহুন বে’পীয়ে বক্তব্য ৰাখে৷ এই বৈঠকখন সঞ্চালনা কৰে কাবীন টেৰণপীয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here