Home ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পাঞ্জাৱত আম আদমী পাৰ্টীৰ বৃহৎ জয়, কংগ্ৰেছৰ নৱজ্যোৎ সিং সিদ্ধুক পৰাস্ত কৰি...

পাঞ্জাৱত আম আদমী পাৰ্টীৰ বৃহৎ জয়, কংগ্ৰেছৰ নৱজ্যোৎ সিং সিদ্ধুক পৰাস্ত কৰি বিজয় সাব্যস্ত আপৰ প্ৰাৰ্থী জীৱনজ্যোৎ কৌৰৰ

197
0

নিউজ ডেস্ক, গণৰ্বাতা , ১০ মাৰ্চ : পঞ্জাৱত ঝাৰুৰ চাফাই অভিযান! চৰকাৰ গঠনৰ দিশে আম আদমী পাৰ্টী। বৰ্তমানলৈকে চলি থকা ভোট গণনা অনুসৰি ১১৭ খন আসনৰ পঞ্জাৱ বিধানসভাত আপ- এ ৮৯ খন আসনত অগ্ৰগতি লাভ কৰিছে। দ্বিতীয় স্থানত থকা কংগ্ৰেছে ১২ খন আসন লাভ কৰিছে।আনহাতে এসময়ৰ শক্তিশালী দল আকালিয়ে ১১ খন আৰু বিজেপি মিত্ৰদলে ৫ খন আসনত আগবাঢ়ি আছে। ৰাজ্যখনত এই দৰ্শনীয় সফলতাৰ পিছত আপ- ৰ নেতা ৰাঘৱ চদ্ধাই সংবাদ মাধ্যমৰ আগত কয়, “পঞ্জাৱে কেজৰিৱালক শাসনৰ আৰ্হি গ্ৰহণ কৰিছে। পঞ্জাৱৰ সফলতাই সমগ্ৰ দেশতে আপক কংগ্ৰেছৰ বিকল্প হিচাপে প্ৰতিষ্ঠা কৰিছে।” উল্লেখ্য যে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নী, পঞ্জাৱ কংগ্ৰেছৰ মুৰব্বী নৱজ্যোত সিং সিদ্ধু, শিৰোমণি অকালি দলৰ বিক্ৰম সিং মাজিথিয়া আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তথা পঞ্জাৱ লোক কংগ্ৰেছৰ মুৰব্বী অমৰিন্দৰ সিঙকে ধৰি বহুকেইজন হাইপ্ৰফাইল নেতা এই পৰ্যন্ত নিজ নিজ আসনত পিছ পৰি আছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here