Home স্থানীয় ৰৌতাত ক’ভিড বিধি নামানে পাতে বজাৰ

ৰৌতাত ক’ভিড বিধি নামানে পাতে বজাৰ

39
0

বলোৰাম পাঠক ,ৰৌতাচাৰিআলি, ১৮ মে’: ওদালগুৰি জিলাৰ বৃহত্তৰ ৰৌতা অঞ্চলটো এতিয়া দিনক দিনে বৃদ্ধি পাই আছে ক’ভিড -১৯ ৰ সংক্ৰমণৰ হাৰ । তথাপি ৰৌতা অঞ্চলটোৰ একাংশ লোকে এতিয়াও কেৰেপে কৰা নাই । এই মাৰাত্মক ক’ভিড -১৯ নামৰ ৰোগবিধৰ প্ৰতি । ৰৌতা অঞ্চলটোৰ সচেতন ব্যক্তি , স্বাস্হ্য বিভাগৰ কৰ্মী নাইবা আৰক্ষীয়ে এই কালান্তক মহামাৰী ৰোগ বিধৰ পৰা সাৱধানে থাকিবলৈ পৰামৰ্শ আগবঢ়ালে অঞ্চলটোৰ একাংশলোকে ওলোতা কৈ এয়া আগে -পিছে হৈ থকা কাহ ,জ্বৰ , মুৰৰ বিষ তথা পানীলগা অসুখ বুলিহে কয় ।
তদূপৰি কিছুমান লোকৰ আগৰ পৰাই কৰ্কট , যক্ষ্মা , মধুমেহ , কিডনী , লিভাৰ ,হাপানী, টাইফদ, নিমুনিয়াজ্বৰ, পেটৰ অসুখত হাগনি আদি বেমাৰ হৈ থকাসকল পুনৰ চৰ্দি ,কাহ জ্বৰত আক্ৰান্ত হৈ চিকিৎসালয়ত গ’লে চিকিৎসালয়ত চিকিৎসকে হাতেৰে ভয়তে বেমাৰীৰ স্বাস্হ্য পৰীক্ষা নকৰাকৈ পোনে পোনে ক’ভিডহে পৰীক্ষা কৰি চিকিৎসালয়ত ভৰ্তি কৰি পানীলগা জ্বৰৰ চিকিৎসাহে কৰে । কিন্তু আচলতে ৰোগীজন অন্য বেমাৰতহে মৰে ।
ইয়াৰ উদাহৰণ বহুতো আছে বুলি অঞ্চলটোৰ একাংশ লোকে বিৰূপ মন্তব্য কৰি মাস্ক অবিহনে অঞ্চলটোত ঘূৰি ফুৰা দেখিবলৈ পোৱা যায় । ৰৌতা অঞ্চলটোৰ একাংশ লোকে এতিয়াও এই ক’ভিডক উপলুঙা কৰি হোম আইছ’লেছনত থকাৰ পাছতো গাঁৱে ভূৱে ,যতে ততে, ওলাই আহি চহৰে নগৰে দোকানত বস্ত ক্ৰয় কৰা অভিযোগ উত্থাপিত হৈছে । ৰৌতা অঞ্চলটোৰ একাংশ লোকে ক’ভিড ধৰা পৰাৰ ভয়ত কিবা অসুখ হ’লেও চিকিৎসালয়লৈ নাযায় ফাৰ্মাছীৰ পৰা ঔষধ কিনি আনি খাই আছে । ইফালে ৰৌতা অঞ্চলটোত এতিয়ালৈকে মৃদুল হক চৌধুৰী, গাউলাৱ বসুমতাৰী আৰু বাবুলাল আগৰৱালাকে ধৰি তিনিজন লোকৰ ক’ভিডে প্ৰাণ কাঢ়ি নিলে । তথাপি ৰৌতা অঞ্চলটোৰ একাংশ লোকে এতিয়াও অৰ্ধসাপ্তাহিক আৰু সাপ্তাহিক পাতি আছে বজাৰ । কিছুমানে মুখত নিপিন্ধে মাস্ক । কিছুমানে মাস্ক পিন্ধে থুতুৰিত ।
অথচ ক’ভিড – ১৯ ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে কঠোৰ নিয়ম বান্ধি দিছে । ৰাষ্ট্ৰীয় স্বাস্হ্য অভিযান , অসমে সকলো সময়তে ক’ভিড বিধিৰ নীতি নিৰ্দেশনা মানি চলিবলৈ মাস্ক পৰিধান , ছেনিটাইজাৰৰ ব্যৱহাৰ , সঘনায় হাত ধোৱা, সামাজিক দূৰত্ব বজাই ৰখা লগতে টিকাকৰণ আদিৰ বাধ্যতামূলক কৰি দিছে । চৰকাৰে সাপ্তাহিক বজাৰবোৰ বন্ধ কৰিবলৈ নিৰ্দেশ দিছে । গতিকে অক্সিজেনৰ পৰিমাণ ৯৫ শতাংশ বা তাৰ তলত নামিলে নাইবা উশাহ লোৱাত কষ্ট অনুভৱ কৰিলে ততালিকে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত বুলিও ওদালগুৰি জিলা প্ৰশাসনৰ পৰা মাইক যোগে জনাই দিনৰ ১২ বজাৰ পৰাই ৰৌতা অঞ্চলটোৰ সকলো দোকান বজাৰ বন্ধ কৰা দেখা গৈছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here