Home Main Stories ৰৌতাত হেৰ’ইন সৰবৰাহকাৰীক পুনৰ পাঁচ দিনৰ বাবে আৰক্ষীৰ জিম্মাত বিচাৰি আবেদন আৰক্ষীৰ

ৰৌতাত হেৰ’ইন সৰবৰাহকাৰীক পুনৰ পাঁচ দিনৰ বাবে আৰক্ষীৰ জিম্মাত বিচাৰি আবেদন আৰক্ষীৰ

252
0


গণ বাৰ্তা, ৰৌতাচাৰিআলি ১৭ ডিচেম্বৰ : ওদালগুৰি জিলাৰ ৰৌতা আৰক্ষী থানাৰ আৰক্ষীয়ে আজি দুজন সন্দেহজনক মাৰাত্মক নিচাযুক্ত হেৰ’ইন সৰবৰাহকাৰী ব্যক্তিক জেল হাজোতলৈ প্ৰেৰণ কৰে। ওদালগুৰি জিলা জেল হাজোতলৈকে প্ৰেৰণ কৰা ব্যক্তি দুজন হৈছে ওদালগুৰি জিলাৰ কলাইগাৱৰ বৰপুখুৰী গাঁৱৰ প্ৰয়াত সন্তোষ গুপ্তাৰ পুত্ৰ দীপক গুপ্তা (২২) আৰু  বিশ্বনাথ জিলাৰ বিহালীৰ চম্পক চাহুৰ পুত্ৰ বিজয় চাহু (২৫)। আজি আৰক্ষীসূত্ৰে জানিব পৰা মতে, কালি ১৬ ডিচেম্বৰৰ দিনা ৰৌতা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মলয় আচাৰ্যৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ  দলে থানাখনৰে অন্তৰ্গত আমিনপাৰা গাঁৱত এক  অভিযান চলায়। গোপন তথ্যৰ ভিত্তিত অভিযান চলাবলৈ গৈ আমিনপাৰা গাঁৱত দিনৰ ১১ -৪৫ বজাত  হাতে লোতে  ১২’২৩ গ্ৰাম সন্দেহজনক হেৰ’ইন পাই  জব্দ কৰাৰ লগতে নম্বৰ প্লেট নথকা মটৰচাইকেলৰসৈতে  দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে। সেয়েহে এই ঘটনাৰ সন্দৰ্ভত ৰৌতা আৰক্ষী থানাত ধৃত ব্যক্তি দুজনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰি গ্ৰপ্তাৰ কৰা ব্যক্তি দুজনক আজি ওদালগুৰি জিলা জেল হাজোতলৈকে প্ৰেৰণ কৰিছে যদিও পুনৰ আৰক্ষীয়ে পাঁচ দিনৰ বাবে জিম্মাত বিচৰা বুলি জনা গৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here