Home Main Stories মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ প্রতি সহাৰি বিদ্রোহী সংগঠন এন.এল.এফ.বি ৰ...

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ প্রতি সহাৰি বিদ্রোহী সংগঠন এন.এল.এফ.বি ৰ আই.বি.বংথিগৰা ( সভাপতি ), এম.বাথা (মুখ্য সেনাধ্যক্ষ) সহ ২৩ গৰাকী বিদ্রোহী ঘৰলৈ উভতি আহিল

84
0
অসম চৰকাৰৰ হৈ জল সম্পদ মন্ত্রী পিয়ুজ হাজৰিকা ,মুখ্যমন্ত্রীৰ ৰাজনৈতিক উপদেষ্টা জয়ন্ত মল্ল বুজৰবৰুৱা ,বিটিআৰৰ মুখ্য কাৰ্যবাহী প্রমোদ বড়ো ,উপ মুখ্য কাৰ্যবাহী গোবিন্দ বসুমতাৰী ,ডিজিপি পাৰ্থ সাৰথি মহন্ত ,এডিজিপি জি.পি সিংয়ে আদৰণী জনাই মাজবাট লালপানী আৰক্ষী চকীত

বলোৰাম পাঠক, ৰৌতাচাৰিআলি, ২২ জুলাই :

আজিৰ দিনটো বিটিআৰবাসীৰ বাবে অতিকৈ আনন্দৰ আৰু ঐতিহাসিক দিন | আজিৰ দিনটোৰ কথা অসম বুৰঞ্জীত সোণালী আখৰেৰে লিপিবদ্ধ থাকিব | ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদী ,গৃহ মন্ত্রী অমৃত শ্বাহ ,অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আন্তৰিক প্রচেষ্টাত বিদ্রোহী সংগঠন সমূহৰ সমস্যা সমাধান হোৱাৰ পথত | ২০২০ বৰ্ষৰ ২৭ জানুৱাৰী তাৰিখে বিটিচিৰ সকলোবোৰ বিদ্রোহী সংগঠন ,এৱছু ,বড়ো সাহিত্য সভা ,বিটিচিৰ পৰিষদৰ মুখ্য কাৰ্যবাহী হাগ্রামা মহিলাৰী ,অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ সৈতে বিটিআৰ চুক্তি স্বাক্ষৰিত হৈছিল | সেই সময়ত এন.ডি.এফ.বি. ৰ( ছ) গোটৰ দূধৰ্ষ কেডাৰ এম.বাথা বিটিআৰ চুক্তিক লৈ অসন্তুষ্ট হৈ নিজে মুখ্য সেনাধ্যক্ষ হিচাপে থাকি এন.এল.এফ.বি নামেৰে এটি বিদ্রোহী সংগঠনৰ জন্ম দিছিল | সংগঠনটোৱে অতি কম দিনৰ ভিতৰত চৰকাৰৰ দৃষ্টি আকৰ্ষন কৰিবলৈ সক্ষম হৈছিল | চলিত মাহৰ ১৩ জুলাই তাৰিখে এন.এল.এফ.বি.ৰ ওডালগুৰি জিলাৰ এৰিয়াৰ কামাণ্ডাৰ জিপিৰিয়াছ নাৰ্জাৰী আৰক্ষীৰে হোৱা সংঘৰ্ষত অসম ,অৰুনাচল প্রদেশ আৰু ভূটানৰ সীমান্তৱতী ঘন অৰণ্যৰ মাজত আন্ঠাইবাৰী নামৰ গাওঁখনত নিহত হৈছিল | আজি উক্ত সীমান্তৱতী অঞ্চল মাজবাট ৰাজহ চক্ৰ আৰু মাজবাট থানাৰ অন্তৰ্গত লালপানী আৰক্ষী চকীৰ অধীনৰ ৩৭ নম্বৰ ভৈৰৱকুণ্ড পৰিষদীয় সমষ্টিৰ চিকাৰীদাংগা গাওঁত অৰুণাচল পাহাৰৰ ঘন অৰণ্যৰ মাজেৰে খোজ কাঢ়ি অহা সংগঠনটোৰ সভাপতি আই.বি.বংথিগৰা ,মুখ্য সেনাধ্যক্ষ এম.বাথা, উপ মুখ্য সেনাধ্যক্ষ বকো বসুমতাৰী সহ ২৩ গৰাকী বিদ্রোহীক গাওঁখনৰ গিৰ্জা ঘৰৰ ওচৰত ৰৈ থকা অসম চৰকাৰৰ মন্ত্রী পিয়ুজ হাজৰিকা আৰু মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বুজৰবৰুৱাই কটকটীয়া নিৰপত্তা বেষ্টনীৰ মাজেৰে লালপানী আৰক্ষী চকীলৈ আদৰী আনে | লালপানী আৰক্ষী চকীত আনুষ্ঠানিকভাৱে বিদ্রোহী সদস্য সকলক ফুলাম গামোছা আৰু আৰনাইৰে সম্বৰ্ধনা জনোৱা হয় | বিদ্রোহী সদস্য কেইগৰাকীৰ পোনে পোনে গুৱাহাটীলৈ নিয়া হব বুলি জানিব পৰা গৈছে | আজিৰ এই প্রক্ৰিয়াটো অসম চৰকাৰৰ গৃহ বিভাগ আৰু বিদ্রোহী সংগঠনটোৰ অনানুষ্ঠানিক যোগসূত্র স্থাপন কৰিছিল পৃথি নাৰায়ণ মেছে | পৃথি নাৰায়ণ মেছে বিটিআৰ চুক্তি স্বাক্ষৰকাৰী বিদ্রোহী সংগঠন সূহৰো মূল মধ্যস্থতাকাৰী আছিল | এন.এল.এফ.বি.ৰ ক্ষেত্রত চৰকাৰৰ গৃহ বিভাগৰ পৰা আনুষ্ঠানিক ভাৱে মধ্যস্থতাকাৰী হিচাপে স্বীকৃতি নাপালেও কিন্তু আজিৰ কামখিনি তেওঁৰ জৰিয়তেই হৈছে | পৃথী নাৰায়ন মেছে বিদ্রোহী সংগঠনটোৰ সমস্যা ,সমাজৰ সমস্যা সমূহ অসম চৰকাৰৰ গৃহ বিভাগক অৱগত কৰি আহিছিল | তেনে সময়তে অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিদ্রোহী সংগঠনৰ প্রতি আহ্বান জনজাতি সকলৰ সমস্যা সমাধানৰ প্রতি থকা মুখ্যমন্ত্রীৰ সদিচ্ছা আদি সামৰি এন.এল.এফ.বি.য়ে ঘৰলৈ উভতি আহি সমাজৰ উন্নয়নত অংশীদাৰ হবলৈ ইচ্ছা প্রকাশ কৰিছে | ঘন অৰণ্যৰ পৰা ওলাই অহাৰ আগমূহুৰ্তত পৃথি নাৰায়ন মেছৰ সৈতে সংগঠনটোৰ সভাপতি আৰু উপ মুখ্য সেনাধ্যক্ষ গৰাকী লালপানী থানাৰ বাহৰ পাতি থকা অসম চৰকাৰৰ জলসম্পদ মন্ত্রী পিয়ুজ হাজৰিকা ,মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব জয়ন্তমল্ল বুজৰবৰুৱাৰ সৈতে প্রথমে গোপন আলোচনাত মিলিত হৈ বাহিৰলৈ ওলাই আহি উপস্থিত জনগণৰ সন্মুখত সংগঠনটোৰ সভাপতি গৰাকীয়ে অসম চৰকাৰলৈ প্রদান কৰা স্মাকৰপত্র খন গ্রহণ কৰে মন্ত্রী পিয়ুজ হাজৰিকাই | তাৰ পিছত সংগঠনটোৰ সভাপতি গৰাকীৰ সৈতে মন্ত্রী পিয়ুজ হাজৰিকা আৰু জয়ন্ত মল্ল বুজৰবৰুৱা চিকাৰিদাংগা গাওঁলৈ গৈ তাৰ পৰা আদৰি আনে সংগঠনটোৰ সদস্য সকলক | ইয়াৰ পিছত বিদ্রোহী সংগঠনটোৱে প্রদান কৰা স্মাৰক পত্রখনৰ আলমত বিটিআৰ চুক্তিৰ দফাসমূহ সফল ৰূপায়নৰ বাবেই কাম আগবঢ়াই নিয়া হব | বাকী কামখিনি মুখ্যমন্ত্রীৰ হাতত | আজিৰ এই ঐতিহাসিক দিনটোৰ সাক্ষী হিচাপে থাকিব অসম চৰকাৰৰ জলসম্পদ মন্ত্রী পিয়ুজ হাজৰিকা ,মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বুজৰবৰুৱা ,বিটিআৰৰ মুখ্য কাৰ্যবাহী প্রমোদ বড়ো ,উপ মুখ্য কাৰ্যবাহী তথা ওডালগুৰি সমষ্টিৰ বিধায়ক গোবিন্দ বসুমতাৰী , ৩৯ নম্বৰ পাচঁনৈ চেৰফাং সমষ্টিৰ পাৰিষদ দীপক মৌৰ ,৩৭ নম্বৰ ভৈৰৱকুণ্ড সমষ্টিৰ পাৰিষদ ,ডিজিপি পাৰ্থ সাৰথি মহন্ত ,এডিজিপি জি.পি.সিং ,ওডালগুৰি জিলাৰ আৰক্ষী অধীক্ষক হিৰন্য বৰ্মন ,১৩৬ নম্বৰ ( বি.এন)ৰ কামাণ্ডাৰ পি.চি.চৌহান , সহকাৰী কামাণ্ডাৰ অজয় কুমাৰ দিক্ষিত ,বিজেপিৰ ওডালগুৰি জিলাৰ সভাপতি কাৰ্তিক চন্দ্র বড়ো ,ইউপিপিএলৰ ওডালগুৰি জিলাৰ সভাপতি ৰবিন্দ্র বসুমতাৰী ,এৱছুৰ কেন্দ্রীয় সভাপতি দ্বিপেন বড়ো ,সাধাৰণ সম্পাদক খনিন্দ্র স্বৰ্গিয়াৰী ,বড়ো সাহিত্য সভাৰ কেন্দ্রীয় উপদেষ্টা নীল কান্ত গয়াৰী ,মধ্যস্থতাকাৰী পৃথি নাৰায়ণ মেছৰ সমন্নিতে অগণন জনগণ উপস্থিত আছিল |আজিৰ এই প্রক্ৰিয়াটোৰ এডিজিপি জি.পি.সিংৰ নেতৃত্বত সম্পন্ন হৈছিল | সংগঠনটোৰ সদস্য সকলে একে-৪৭ পাঁচটা মৰাণাস্ত্র জমা দিয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here