Home অসম তেজপুৰ আৰু বালিপৰাত ছিঙিল পথ,দলঙত সৃষ্টি হ’ল প্ৰকাণ্ড গাতৰ

তেজপুৰ আৰু বালিপৰাত ছিঙিল পথ,দলঙত সৃষ্টি হ’ল প্ৰকাণ্ড গাতৰ

113
0

ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৬ মে’ ঃ ধাৰাবাহিক বৰষুণৰ পৰিণতিত শোণিতপুৰৰ একাধিক অঞ্চলত বাঢ়নী পানীয়ে বিস্তীৰ্ণ অঞ্চল বুৰাই পেলোৱাৰ লগতে পথ আৰু পকী দলঙৰ ক্ষতি কৰিছে৷ উল্লেখ্য যে তেজপুৰৰ নিকটৱৰ্তী অঞ্চল বেটনিঝাৰ আৰু কুকুৰবস্তি ঘগৰা আৰু ডিপোটা নৈৰ বানত বুৰ গৈছে৷ কালি পুৱা ঘগৰা নৈৰ বানে বেটনিঝাৰ পঞ্চায়তে নিৰ্মাণ কৰা বিন্দুকুৰি সংযোগী পথৰ এছোৱা কুকুৰবস্তি অঞ্চলত ছিঙি নিয়ে৷ ইয়াৰ পাছতে সমগ্ৰ অঞ্চলটো বানৰ কবলত পৰে৷ অঞ্চলটোৰ ৩৯টা পৰিয়ালৰ বাসগৃহ বৰ্তমান পানীৰ তলত৷ আনহাতে, বেঁতনী অঞ্চলতো বাঢ়নী পানীয়ে বিস্তীৰ্ণ অঞ্চল বুৰাই পেলোৱাৰ উপৰি বৰ্তমান ইয়াৰ ২৮টা পৰিয়াল বানৰ কবলত পৰিছে৷ এই বানত বৃহত্তৰ অঞ্চলৰ বাম খেতি নষ্ট হোৱা বুলি ৰাইজে প্ৰকাশ কৰিছে৷ ইপিনে, কে’বাদিনো ধৰি অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত তেজপুৰৰ নিকটৱৰ্তী বালিপৰাৰ জৰাসৰ নৈৰ ওপৰত থকা দলংখনত সৃষ্টি হৈছে এক বৃহৎ গাঁত৷ বালিপৰা-চাৰিদুৱাৰ-টাৱাং সংযোগী পথৰ ঢেকেৰীগাঁৱৰ সমীপত থকা জৰাসৰ দলঙত আজি হঠাতে দলঙৰ তলৰ মাটি খহি দলংখনৰ বালিপৰা দিশৰ ফালে সৃষ্টি হয় এটা বৃহৎ গাঁত৷ দলংখনত এনেদৰে এটা ভয়ংকৰ গাঁত সৃষ্টি হোৱাৰ ফলত দীৰ্ঘসময় যান-বাহনৰ চলাচল বন্ধ হৈ যান-জঁটৰ সৃষ্টি হয়৷ অৱশ্যে পাছত সীমান্ত পথ নিৰ্মাণকাৰী সন্থাৰ বিষয়ববীয়া, শ্ৰমিক উপস্থিত হৈ গাঁতটো মেৰামতি কৰে যদিও দলংখনৰ এনে অৱস্থাই ৰাইজক শংকিত কৰিছে৷ ইপিনে, ৰাজ্যৰ লগতে অৰুণাচল প্ৰদেশত অব্যাহত ধাৰাসাৰ বৰষুণৰ ফলত তেজপুৰ তথা শোণিতপুৰত ব্ৰহ্মপুত্ৰৰ লগতে জীয়াভৰলী, গাভৰু, জৰাসৰকে ধৰি সকলো নদ-নদী তথা উপনৈসমূহৰ জলস্তৰ ক্ৰমান্বয়ে বৃদ্ধি পাইছে আৰু পৰিস্থিতি এনেদৰে থাকিলে শোণিতপুৰৰ আৰু অধিক অঞ্চল প্লাৱিত হোৱাৰ আশংকাও বৃদ্ধি পাইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here