Home স্থানীয় তেজপুৰ পুঠিমাৰী বাপুভেটিত বিষক্ৰিয়া, বিয়াত আহাৰ গ্ৰহণ কৰি আক্ৰান্ত দুই শতাধিক

তেজপুৰ পুঠিমাৰী বাপুভেটিত বিষক্ৰিয়া, বিয়াত আহাৰ গ্ৰহণ কৰি আক্ৰান্ত দুই শতাধিক

75
0


ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৫ মে’
ঃ চালানী মাছৰ পৰা সাৱধান৷ ফৰ্মেলিনযুক্ত মাছ খাই আপুনিও বিপদত পৰিব পাৰে৷ বিশেষকৈ বিয়া-সবাহত আহাৰ গ্ৰহণ কৰাৰ পূৰ্বে দহবাৰ চিন্তা কৰিব৷ কাৰণ ৰাজহুৱাভাৱে প্ৰস্তুত কৰা খাদ্য গ্ৰহণ কৰি বিষক্ৰিয়াত আক্ৰান্ত হ’ব পাৰে৷ শেহতীয়াকৈ তেজপুৰ পুঠিমাৰী বাপুভেটিত খাদ্যত বিষক্ৰিয়া হৈ তিনিশতকৈ অধিক লোক চিকিৎসাধীন হ’ব লগা হোৱা ঘটনাই সকলোকে চিন্তিত কৰি তুলিছে৷ উল্লেখ্য যে তেজপুৰ পুঠিমাৰী বাপুভেটিত আয়োজিত প্ৰসন্ন বৰাৰ পৰহি বিয়াৰ অভ্যৰ্থনাত আহাৰ গ্ৰহণ কৰি কালি পুৱাৰ ভাগলৈকে শিশু-মহিলাকে ধৰি ১১০গৰাকী বিষক্ৰিয়াত আক্ৰান্ত হোৱাৰ পিছত পুনৰ দুই শতাধিক লোক আক্ৰান্ত হোৱা ঘটনাই বৃহত্তৰ অঞ্চলটোত এক আতংকময় পৰিৱেশৰ সূচনা কৰিছে৷ উল্লেখ্য যে বৰাৰ বিয়াৰ পৰহি অভ্যৰ্থনাত আহাৰ গ্ৰহণ কৰাসকল বমি আৰু ডায়েৰীয়াত আক্ৰান্ত হোৱাৰ পিছত স্বাস্থ্য বিভাগে দৰাৰ ঘৰৰ চোতালৰ লগতে বিভিন্ন স্থানত তৎকালীনভাৱে চিকিৎসা ব্যৱস্থা কৰাৰ লগতে আন ৩৫গৰাকী আক্ৰান্তক তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত কালি ভৰ্তি কৰোৱা হৈছিল৷ ইয়াৰ পিছত অঞ্চলটোৰ লগতে সমীৱপত¹ এলেকাৰ দুই শতাধিক লোক পুনৰ অনুৰূপভাৱে আক্ৰান্ত হোৱাত কালি নিশাৰে পৰা জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ তত্ত্বাৱধানত স্বাস্থ্য বিভাগে অতি তৎপৰতাৰে চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰে৷ বৃহত্তৰ অঞ্চলটোত বিষক্ৰিয়াৰ ঘটনাটোৰ অধিক অৱনতি ঘটাত দহ গৰাকী চিকিৎসক, ২০গৰাকী নাৰ্ছ আৰু যথেষ্ঠসংখ্যক স্বাস্থ্য কম¹ৰ এটা গোটে বাপুভেটি নিম্ন প্ৰাথমিক বিদ্যালয়ত অস্থায়ীভাৱে স্থাপন কৰা চিকিৎসা শিবিৰত এই দুই শতাধিক আক্ৰান্ত লোকক সম্প্ৰতি চিকিৎসা প্ৰদান কৰি আছে৷ উল্লেখ্য যে অভ্যৰ্থনাস্থলীত কালি স্বাস্থ্য, অসামৰিক খাদ্য যোগান বিভাগ আৰু প্ৰশাসনিক বিষয়া উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে খাদ্য-সামগ্ৰীৰ নমুনা সংগ্ৰহ কৰি ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে৷ আনহাতে, তদন্তকাৰী গোটটোৱে ফৰ্মেলিনযুক্ত চালানী মাছ সেৱন কৰা বাবে এইদৰে অভ্যাগতসকল আক্ৰান্ত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে যদিও মিঠাতেল আৰু অন্যান্য মা- মছলা আদিৰ কাৰণেই হ’ব পাৰে বুলি কৈ এই সম্পৰ্কত তদন্ত অব্যাহত ৰাখিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here