Home স্থানীয় মাজুলীত অঘটন : ব্ৰহ্মপুত্ৰত যুৱক সন্ধানহীন

মাজুলীত অঘটন : ব্ৰহ্মপুত্ৰত যুৱক সন্ধানহীন

82
0

সনজিৎ কুমাৰ অভয়পুৰীয়া, গণ বাৰ্তা, ফুলনি, ২১ জুলাইঃ মাজুলী জিলাৰ নতুন বজাৰ আৰক্ষী চকীৰ অন্তৰ্গত নতুন হালধি বাৰী গাঁৱৰ এজন যুৱকক আজি ব্ৰহ্মপুত্ৰৰ সোঁঁতে উটুৱাই নিয়া বুলি জানিব পৰা গৈছে । জানিব পৰা মতে আজি পুৱা প্ৰায় ১০ মান বজাত নতুন হালধিবাৰী গাঁৱৰ নিবাসী বিৰেণ বৰাৰ মাজু পুত্ৰ তথা উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ দেৱ বৰা (১৭) নামৰ যুৱক জন বিগত তিনিদিন ধৰি দদায়েক হঁতৰ লগত চাপৰিতে আছিল আৰু আজি পুৱা অৰ্নে চাপৰিৰ পৰা ঘৰলৈ বুলি ওলাই আহে। স্মৰ্তব্য যে অৰ্নে চাপৰিৰ পৰা ঘৰলৈ আহোতে ব্ৰহ্মপুত্ৰৰ এটা উপ সুঁতি পাৰ হ’ব লাগে। কিন্তু সেইময়ত নিতৌ যুৱকজনৰ লগতে পৰিয়ালৰ লোকসকল পাৰাপাৰ হোৱা নাওঁখন সিটো পাৰত থকাত যুৱক জনে সুঁতিটো সাঁতুৰি নাওখন নিবলৈ আহোতেই এই অঘটনটো সংঘটিত হয় । পাৰ পাবলৈ কিছু দূৰ থাকোতেই ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতে যুৱকজনক উটুৱাই নিয়ে । যুৱক জনক সোঁতে উটুৱাই নিয়া দেখি অন্য এজন যুৱকে দেৱক উদ্ধাৰ কৰিবলৈ সাঁতুৰি আহিছিল যদিও উদ্ধাৰ কৰিব নোৱাৰিলে । তেতিয়ালৈ লুইতৰ কোৱাল সোঁতে যুৱক জনক নিমিশতে তললৈ সোমোৱাই নিয়ে। ‌ইফালে মহৰ খুতিত থকা দেৱৰ দদায়েক আৰু একে গাঁৱৰে দুই এজন লোকেও দেৱক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিও উদ্ধাৰ কৰিব নোৱাৰিলে । পৰৱৰ্তী সময়ত ঘটনাৰ সম্পৰ্কে এছ ডি আৰ এফক জনোৱাত ঘটনাস্থলিলৈ এছ ডি আৰ এফৰ কেইবাজনো জোৱান ৰাওনা হৈ উদ্ধাৰ অভিযান চলাই আছে যদিও বাতৰি যুগত কৰা সময়লৈকে যুৱক জনক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই।

LEAVE A REPLY

Please enter your comment!
Please enter your name here