Home নগাঁও অসম জাতীয় পৰিষদৰ নগাঁও জিলা সমিতিৰ সাংগঠনিক সভা : উপ-নিৰ্বাচনত বিৰোধী শিবিৰৰ...

অসম জাতীয় পৰিষদৰ নগাঁও জিলা সমিতিৰ সাংগঠনিক সভা : উপ-নিৰ্বাচনত বিৰোধী শিবিৰৰ উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপ কৰা প্ৰয়োজন : লুৰিণজ্যোতি গগৈ

113
0


ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ৫ ছেপ্টেম্বৰ : ‘আমি মিত্ৰজোঁটলৈ যাব খোজা নাই। মিত্ৰতাৰ ক্ষেত্ৰত আমাৰ স্থিতি স্পষ্ট। আমাৰ জন্মলগ্নৰ চিন্তা আৰু দৰ্শনক লৈয়ে অসম জাতীয় পৰিষদ আগবাঢ়ি গৈছে আৰু ভৱিষ্যতেও যাব। কিন্তু সাম্প্ৰতিক পৰিস্থিতিত বিজেপিক পৰাভূত কৰাটো আমি লক্ষ্য হিচাপে গ্ৰহণ কৰিছো।’- এই মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ। আজি নগাঁৱত অসম জাতীয় পৰিষদৰ নগাঁও জিলা সমিতিৰ অনুষ্ঠিত সাংগঠনিক সভাত অংশগ্ৰহণ কৰাৰ অন্তত সংবাদ মাধ্যমৰ আগত লুৰীণজ্যোতি গগৈয়ে কয়— ‘ৰাজ্যত হ’ব লগা উপ-নিৰ্বাচনত কৌশলগত কাৰণত প্ৰতিটো সমষ্টিত বিৰোধী শিবিৰৰ পৰা এগৰাকী উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপ কৰাটো অতি প্ৰয়োজন। এই মুহূৰ্তত বিজেপি আমাৰ প্ৰধান শত্ৰু। সেয়ে আমি বিজেপিক পৰাভূত কৰিব লাগিব। তেতিয়াহে মানুহৰ মাজত আশাবাদী ৰাজনীতিৰ পৰিৱেশ তৈয়াৰ হ’ব আৰু সকলোৱে যুঁজ দিয়াৰ মানসিকতাৰে আগুৱাই আহিব পাৰিব। এই সম্পৰ্কে ইতিমধ্যে আমি আমাৰ দৃষ্টিভংগী বিৰোধী শিবিৰত অৱগত কৰিছো।’ সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত গগৈয়ে কয়- অসম জাতীয় পৰিষদ জন্মলগ্নৰ পৰাই কৃষকৰ সমস্যাৰ সন্দৰ্ভত সৰৱ হৈ আহিছে। ভাৰতীয় খাদ্য নিগমে অসমৰ কৃষকৰ ধান ক্ৰয় কৰাৰ ক্ষেত্ৰত কৌশলৰে কৃষকসকলক বঞ্চিত কৰি আহিছে। নিগমৰ বহিৰাগত বিষয়াসকলৰ এই কৃষকবিৰোধী কাৰ্য কেতিয়াও সহ্য কৰা নহ’ব। জাতীয় পৰিষদ সদায় জনগণ আৰু কৃষকৰ পক্ষত আছে। জাগীৰোড আৰু কাছাৰ কাগজ কল সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে কয়, বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে নিৰ্বাচনৰ সময়ত কাগজ কল দুটা পুনৰ মুকলি কৰাৰ প্ৰতিশ্ৰুতি দিছিল। এতিয়া সেই প্ৰতিশ্ৰুতি পাহৰি দুয়োখন চৰকাৰে নিজৰ চৰকাৰ চলি থকা সময়তে কাগজ কল দুটা বন্ধ কৰি দিলে। এতিয়া কাগজ কল দুটা বিক্ৰী কৰিবলৈ ওলাইছে। কাগজ কলৰ আৱাসীসকলক ঘৰ খালী কৰিবলৈ নিৰ্দেশ দিছে। এই কাৰ্য কেতিয়াও গ্ৰহণযোগ্য নহয়। কোনো কাৰণতে বহুজাতিক কোম্পানীক কাগজ কল দুটা বিক্ৰী কৰিব নোৱাৰিব বুলি লুৰীণজ্যোতি গগৈয়ে চৰকাৰক হুংকাৰ প্ৰদান কৰে। আজি নগাঁও জিলা সমিতিৰ এখন সাংগঠনিক সভা নগাঁও বাইপাছত অনুষ্ঠিত হয়। জিলা সভাপতি পুলিন হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভাত নগাঁও জিলাত জাতীয় পৰিষদৰ সংগঠন শক্তিশালী কৰাৰ ক্ষেত্ৰত কে’বাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয়। সভাত জাতীয় পৰিষদৰ উপ-সভাপতি ছমচেৰ সিং, সাধাৰণ সম্পাদক জগদীশ ভূঞা, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য উদ্দিপ্ত নাৰায়ণ ৰাজা, ডাঃ ছফিকুল ইছলাম, দলৰ অনুসূচিত জাতি শক্তিৰ সাধাৰণ সম্পাদক উৎপল বণিয়াকে ধৰি ভালেসংখ্যক নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে। সভাতেই জাতীয় পৰিষদৰ নগাঁও জিলা সমিতিখন পুনৰ্গঠন কৰিবৰ বাবে এখন তদৰ্থ সমিতি গঠন কৰা হয়। সেই অনুসৰি অৱসৰপ্ৰাপ্ত অধ্যাপক ললিত বৰবৰাক সভাপতি, অৰূপ শইকীয়া, উদ্দিপ্ত নাৰায়ণ ৰাজাক সাধাৰণ সম্পাদক আৰু পুলিন হাজৰিকাক মুখ্য উপদেষ্টা হিচাপে লৈ এখন শক্তিশালী তদৰ্থ নগাঁও জিলা সমিতি গঠন কৰা হয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here