Home অসম প্ৰবীণ ৰাজনীতিবিদ হেমেন দাসৰ সান্নিধ্যত

প্ৰবীণ ৰাজনীতিবিদ হেমেন দাসৰ সান্নিধ্যত

181
0


ছাহজাহান তালুকদাৰ , ৩ মাৰ্চ : মূল্যবোধৰ ৰাজনীতিত গভীৰ বিশ্বাস কৰা প্ৰবীণ বাঁওপন্থী নেতা হেমেন দাসে খোজ দিলে ৯২ বছৰত৷ ৰাজ্যৰ ৰাজনীতিত দীৰ্ঘসময় অতিবাহিত কৰা সৰভোগ সমষ্টিৰ প্ৰাক্তন বিধায়কগৰাকীৰ জন্মদিন উপলক্ষে মোৰ তৰফৰ পৰা অলেখ শুভেচ্চাজ্ঞ াপন কৰিছোঁ৷ ১৯৩১ চনৰ ২ মাৰ্চত সৰভোগৰ ধৰ্মপুৰ গাঁৱত জন্মগ্ৰহণ কৰা প্ৰবীণ বাঁওপন্থী নেতাগৰাকীয়ে উত্থান-পতনৰ মাজেৰে ৰাজ্যৰ ৰাজনীতিত দীৰ্ঘসময় অতিবাহিত কৰে৷ চাৰিবাৰকৈ সৰভোগ সমষ্টিৰ বিধায়কৰূপে নিৰ্বাচিত হয়৷ ১৯৭৮, ১৯৮৩, ১৯৮৫ আৰু ১৯৯৬ চনত সৰভোগ সমষ্টিৰ পৰা বিধায়কৰূপে নিৰ্বাচিত হৈ দিছপুৰলৈ আহে৷ এইগৰাকী বৰ্ষীয়ান ৰাজনীতিবিদক মই পোনপ্ৰথমে ১৯৮০ চনত প্ৰথমবাৰলৈ লগ পাওঁ৷ ১৯৮০১ পৰা ১৯৮৩লৈকে বৰপেটা ৰোডৰ ছেণ্ট যোছেফ হাইস্কুলত পঢ়াকালত বৰপেটাৰোডত থকা চিপিএমৰ অফিচলৈ অহা-যোৱা কৰাৰ এক স্মৃতি আছে৷ স্কুল ছুটীৰ পিছত তেওঁলোকৰ কাৰ্যালয়ত সঘনাই অহা-যোৱা চলিছিল৷ কিয়নো তেওঁলোকৰ কাৰ্যালয়টো স্কুলৰ দাঁতিতে আছিল৷ সেইবাবে স্কুল ছুটীৰ পিছত তেওঁলোকৰ কাৰ্যালয়ত সোমাই বৰেণ্য ব্যক্তিৰ সান্নিধ্য লভিছিলোঁ৷ সেই সময়তে হেমেন দাসৰ লগতে চিপিএমৰ সমৰ্থক নেতা নীতাই ৰয়, তুজাম্মেল হুছেইন, মনোৰঞ্জ ন তালুকদাৰ আৰু তেওঁৰ পত্নী স্বৰ্ণলতা তালুকদাৰ, বশিষ্ঠ বৰ্মন, মথুৰা দাসকে আদি কৰি বহু সমৰ্থকৰ লগত ঘনিষ্ঠতা গঢ়ি উঠিছিল৷ সেই বৰ্ষটোত তেওঁক প্ৰত্যক্ষভাৱে সাক্ষাৎ কৰাৰ মোৰ সৌভাগ্য ঘটে আৰু তাৰ পিছৰে পৰাই তেওঁৰ প্ৰতি মোৰ আকৃষ্টতা বাঢ়ে৷ মোৰ ঘৰ বৰপেটা ৰোডৰ গান্ধাৰীপাৰাত অৱস্থিত৷ সেই স্থানত নাছিল কোনো চিপিএমৰ লোক৷ মই সৰভোগ সমষ্টিৰ ভোটাৰ নাছিলোঁ যদিও তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সময়ছোৱাত পৰোক্ষভাৱে তেওঁৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ কথা মনত আছে৷ তেওঁ গান্ধাৰীপাৰালৈ সঘনাই অহা-যোৱা কৰিছিল৷ আমাৰ ঘৰলৈ অহাৰ কাৰণো আছিল৷ আমাৰ খুড়া তথা গান্ধাৰীপাৰা হাই মাদ্ৰাছাৰ অধ্যক্ষ আবু তালেব আহমেদৰ লগত তেওঁৰ খুব ঘনিষ্ঠতা আছিল৷ আমাৰ আন এগৰাকী খুড়া প্ৰাপ্তবয়স্ক শিক্ষাৰ ছুপাৰভাইজৰ আছিল৷ দুয়োগৰাকী খুড়াৰ লগত তেওঁৰ ঘনিষ্ঠতাৰ বাবে আমাৰ ঘৰলৈ সঘনাই আহিছিল আৰু তেওঁৰ সৈতে মই পৰিচিত হৈ পৰিছিলোঁ৷ তেওঁক অতি ওচৰৰ পৰাই পাইছিলোঁ৷ কেইবাবাৰো আমাৰ ঘৰত তেওঁ উপস্থিত হৈছিল আৰু তেওঁক আপ্যায়ন কৰাৰ কথাও মনত আছে৷ লগতে ঔষধ সেৱনৰ সময়ত তেওঁক পানী যোগান ধৰাও মনত আছে৷ তেওঁৰ কাম-কাজৰ প্ৰতি মোৰ আকৃষ্টতা বৃদ্ধি পাইছিল৷ মই ব্যক্তিগতভাৱে চিপিএম-বিজেপি-কংগ্ৰেছ আদি কোনো দলৰ সদস্য নাছিলোঁ যদিও হেমেন দাসৰ প্ৰতি আকৃষ্টতা বৃদ্ধি পাইছিল বাবেই তেওঁৰ হৈ নিৰ্বাচনী প্ৰচাৰত পৰোক্ষভাৱে অৱতীৰ্ণ হোৱাৰ মনত আছে যদিও মই তেওঁলোকৰ কোনো সদস্য নাছিলোঁ৷ ১৯৮৩ চনত যেতিয়া মই মেট্ৰিকৰ দেওনা পাৰ কৰি গুৱাহাটীলৈ উচ্ছ শিক্ষাৰ বাবে অহা সময়ত তেওঁৰ দিছপুৰৰ বিধায়ক আৱাসত সঘনাই অহা-যোৱা চলি আছিল৷ তেওঁৰ আচাৰ-ব্যৱহাৰে মোৰ অন্তৰ চুই যায় আৰু তেওঁ মোৰ অন্তৰত বিশেষ স্থান দখল কৰে৷ ১৯৮৫ চনৰ পৰা ১৯৯২ চনলৈ নগাঁৱত থকা সময়ত প্ৰত্যেকখন নিৰ্বাচনী সভাত হেমেন দাসৰ হৈ পৰোক্ষভাৱে প্ৰচাৰ অভিযানত তেওঁৰ সংগ দিয়া এটা মোৰ নিচাত পৰিণত হৈছিল৷ মই বৰপেটা সমষ্টিৰ ভোটাৰ তথাপিও হেমেন দাসৰ প্ৰতি যি সম্পৰ্ক গঢ়ি উঠিছিল, সেই সম্পৰ্কৰ আধাৰতেই তেওঁৰ হৈ প্ৰচাৰ অভিযানত তেওঁলোকৰ সমৰ্থকৰ সৈতে ময়ো যোগ দিছিলোঁ৷ এইগৰাকী বৰ্ষীয়ান ৰাজনীতিবিদে ৰহাৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষা জীৱন আৰম্ভ কৰি ১৯৪৫ চনত বৰনগৰ জুৰোৰাম পাঠক উচ্ছতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত নামভৰ্তি কৰি ১৯৫৩ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ পৰা উচ্ছ শিক্ষা গ্ৰহণ কৰে৷ ইয়াৰ পিছত তেওঁ অসমৰ বিভিন্ন স্থানত শিক্ষকতা কৰে৷ তাৰ পিছত শিক্ষকতা জীৱন ত্যাগ কৰি সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰে৷ তেওঁৰ জন্মদিন উপলক্ষে মোৰ তৰফৰ পৰা আকৌ এবাৰ অলেখ শুভেচ্চাজ্ঞ াপন কৰিছোঁ৷ তেখেতৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here