Home Main Stories চলিত বৰ্ষত ৭০৭ পৰিয়ালে লাভ কৰিছে এশ দিনৰ কাম, বুমেৰাং হৈছে...

চলিত বৰ্ষত ৭০৭ পৰিয়ালে লাভ কৰিছে এশ দিনৰ কাম, বুমেৰাং হৈছে এন্‌ৰেগা আঁচনি

75
0

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৩ জুলাই : এন্‌ৰেগা আঁচনিৰ অধীনত জবকাৰ্ড শ্ৰমিকসকলক বছৰি এশ দিনৰ কাম দিব লাগে, কিন্তু উক্ত নিৰ্দেশনা যেন বুমেৰাং হৈছে। আজি লাখ লাখ জবকাৰ্ড শ্ৰমিকে কাম বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে। ৰাজ্য চৰকাৰৰ তথ্যতেই জবকাৰ্ড শ্ৰমিকৰ এই পুতৌজনক ছবিখন উন্মোচিত হৈছে। শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে উত্থাপন কৰা এক প্ৰশ্নৰ উত্তৰত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এই নগ্ন ছবিখন ফুটি উঠিছে। চলিত বৰ্ষত মাত্ৰ ৭০৭টা পৰিয়ালে লাভ কৰিছে এশ দিনৰ কাম। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰীগৰাকীয়ে সদনত দিয়া তথ্য অনুসৰি ৰাজ্যত আছে ৫৩,৯৪০ জবকাৰ্ডধাৰী শ্ৰমিক। এই লোকসকলৰ ভিতৰত চলিত বৰ্ষত, অৰ্থাৎ ২০২১-২২ বৰ্ষটোত ৭০৭টা পৰিয়ালেহে এশ দিনৰ কাম লাভ কৰিছে। আন এক তথ্য অনুসৰি ২০১৬-১৭ বিত্তীয় বৰ্ষত ১১,২৯৭টা পৰিয়ালে এশ দিনৰ কাম লাভ কৰাৰ বিপৰীতে ২০১৭-১৮ বিত্তীয় বৰ্ষত ১০,৯২৮টা পৰিয়ালে, ২০১৮-১৯ বিত্তীয় বৰ্ষত ১৮,৩৬০টা পৰিয়ালে, ২০১৯-২০ বিত্তীয় বৰ্ষত ২৯,৯৭৯টা পৰিয়ালে, ২০২০-২১ বিত্তীয় বৰ্ষত ৭১,৭৮৮টা পৰিয়ালে এশ দিনৰ কাম লাভ কৰিছে। আন এক তথ্য অনুসৰি বাক্সা জিলাত বিগত বৰ্ষত ৩১২জন জবকাৰ্ড শ্ৰমিকে এশ দিনৰ কাম লাভ কৰিবলৈ সক্ষম হৈছে। বৰপেটাৰ ৫,৬৯২ জবকাৰ্ড শ্ৰমিক, বিশ্বনাথৰ ১,৩৭৫ শ্ৰমিক, বঙাইগাঁৱৰ ২,৩৪৪, কাছাৰৰ ৪,২৪৬টা, চৰাইদেউৰ ৫৭৬টা, চিৰাঙত ৯৯৪, দৰঙত ৭২৭টা, হোজাইত ১,২৭৩, যোৰহাটত ২০৬, কামৰূপত ৫,০১৬, কামৰূপ মহানগৰত ১৫, কাৰ্বি আংলঙত ১,৯৭৪, কোকৰাঝাৰত ৪,৯২২, দক্ষিণ শালমাৰা জিলাত ৬৫৮, তিনিচুকীয়া জিলাত ৬৬৫ আৰু ওডালগুৰি জিলাত ৮১টা শ্ৰমিকে এশ দিনৰ কাম পাবলৈ সক্ষম হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here