Home Main Stories বন বিভাগক অধিক গতিশীল কৰি তোলাৰ স্বাৰ্থত বিভাগটোৰ সংস্কাৰৰ পোষকতা মুখ্যমন্ত্ৰীৰ

বন বিভাগক অধিক গতিশীল কৰি তোলাৰ স্বাৰ্থত বিভাগটোৰ সংস্কাৰৰ পোষকতা মুখ্যমন্ত্ৰীৰ

107
0

গুৱাহাটী, ৬ জুলাই : মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি জনতা ভৱনস্থিত নিজ কাৰ্যালয়ৰ সভাকক্ষত পৰিৱেশ আৰু বন বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে বিভাগটোৰ কাম-কাজৰ পৰ্যালোচনা কৰে। ৰাজ্যখনৰ মূল্যৱান বনভূমি আৰু বন্যপ্ৰাণীৰ সুৰক্ষাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বন বিভাগে ইয়াৰ ভাবমূৰ্তি উজ্জ্বল কৰি তোলাৰ বাবে সমন্বিত প্ৰচেষ্টাৰে কাম কৰিব লাগিব। বনভূমি আৰু বন্যপ্ৰাণী সুৰক্ষাৰ দিশত গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ কাৰ্যকৰী ৰূপায়ণৰ বাবে বিভাগটোক অধিক গতিশীল কৰি তোলাৰ স্বাৰ্থত বন বিভাগৰ সংস্কাৰৰ বাবে তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে। বনভূমিৰ সংৰক্ষণৰ দিশত বনকৰ্মীসকলৰ নিষ্ঠা আৰু উৎসৰ্গীকৃত প্ৰয়াসৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি বিভাগটোৰ বিষয়াসকলৰ নিয়মীয়া বদলীকৰণৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে। ৰেঞ্জাৰৰ পৰা বন সংমণ্ডল বিষয়াৰ পৰ্যায়লৈকে বন বিষয়াসকলৰ ৰদ-বদলৰ বাবে তাৎক্ষণিকভাৱে এখন সমিতি গঠন কৰিবলৈও তেওঁ বিভাগটোক নিৰ্দেশ দিয়ে। ৰাজহ সংগ্ৰহ বৃদ্ধিৰ স্বাৰ্থত চৰকাৰী নীতি-নিয়ম মানি অন্য ৰাজ্যৰ পৰা বনজাত সামগ্ৰী কঢ়িওৱা বাহনসমূহৰ সুচল যাতায়াত সুনিশ্চিত কৰাৰ পদক্ষেপ ল’বলৈও তেওঁ বিভাগটোক কয়। ৰাজ্যখনৰ পৰা সংগ্ৰহ কৰা বনজ সম্পদসমূহৰ ৰয়েল্টী সংগ্ৰহৰ বাবে দৃঢ় পদক্ষেপ লোৱাৰ বাবেও তেওঁ নিৰ্দেশ দিয়ে। বনজ সম্পদৰ অবৈধ সংগ্ৰহ আৰু বনভূমিৰ বেদখল চিনাক্ত কৰাৰ বাবে ড্ৰ’নৰ জৰিয়তে নিয়মীয়াকৈ ব্যাপক নিৰীক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ইয়াৰ বাবে প্ৰয়োজনীয় ড্ৰ’ন ক্ৰয়ৰ বাবেও তেওঁ নিৰ্দেশ দিয়ে। আজিৰ বৈঠকত পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিন্‌হা, এছ ই আই এ এৰ অধ্যক্ষ প্ৰদ্যুৎ কুমাৰ চৌধুৰী, প্ৰধান মুখ্য বন সংৰক্ষক তথা বন বাহিনীসমূহৰ মুৰব্বী অলকা ভাৰ্গৱ, প্ৰধান মুখ্য বন সংৰক্ষক (বন্যপ্ৰাণী) ড০ অমিত সহায়, বন বিভাগৰ আয়ুক্ত সচিব জি ডি ত্ৰিপাঠী, মুখ্য বনপালক এম কে যাদৱৰ লগতে বিভাগটোৰ অন্যান্য শীৰ্ষ বিষয়াসকল উপস্থিত আছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here