Home Main Stories ৰাজ্যত দুজনৰ দেহত অ’মিক্ৰন , বিগত ২৪ ঘণ্টাত ৰাজ্যত পাঁচ শতাধিক ক’ভিড...

ৰাজ্যত দুজনৰ দেহত অ’মিক্ৰন , বিগত ২৪ ঘণ্টাত ৰাজ্যত পাঁচ শতাধিক ক’ভিড আক্ৰান্ত, ক’ভিড ৰোগীৰ বাবে ৰাজ্যত মজুত ২৫,০০০ বিচনা, সংবাদমেলত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ঘোষণা

196
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী,৫ জানুৱাৰী: দেশত অ’মিক্ৰনৰ প্ৰাদুৰ্ভাৱ ব্যাপক হাৰত বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে৷ বিগত ২৪ ঘণ্টাত দেশত ৫৫ শতাংশলৈকে সংক্ৰমণৰ হাৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ ইপিনে, ৰাজ্যত দুজনকৈ অ’মিক্ৰন ৰোগী নিশ্চিত হোৱাত চিন্তিত হৈ পৰিছে স্বাস্থ্য বিভাগ৷ মেঘালয় ভ্ৰমণত যোৱা ডিমৰীয়াৰ ৰোহণ দাস নামৰ এজন কিশোৰৰ দেহত অ’মিক্ৰনৰ উপস্থিতি নিশ্চিত কৰিছে মেঘালয়ৰ স্বাস্থ্য বিভাগে৷ ৰাজ্যৰ স্বাস্থ্য বিভাগলৈ সকলো তথ্য মেঘালয় চৰকাৰে প্ৰেৰণ কৰাৰ পিছতে স্বাস্থ্য বিভাগে কিশোৰজনৰ পিতৃ-মাতৃক যোগাযোগ কৰিছে আৰু প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে৷ আনহাতে, ছৌডি আৰবত কৰ্মৰত হোজাইৰ বাসিন্দা মহম্মদ মামুদ হুছেইন নামৰ আন এজন লোকৰ দেহত অ’মিক্ৰন নিশ্চিত কৰা হৈছে বুলি আজি সংবাদমেলত জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই৷বিগত দহটা দিনত পূৰ্বৰ তুলনাত ক’ভিড ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে বুলি উল্লেখ কৰি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয় যে যোৱা এক জানুৱাৰীত ৰাজ্যত ১৫০জন ক’ভিড ৰোগী চিনাক্ত হৈছিল৷ ইয়াৰে ৭৫জনেই আছিল গুৱাহাটীৰ৷ আনহাতে, দুই জানুৱাৰীত ৰাজ্যত ১৫৬জন ক’ভিড ৰোগী চিনাক্ত হোৱাৰ বিপৰীতে ইয়াৰে ৭৮জনেই আছিল গুৱাহাটীৰ৷ একেদৰে তিনি জানুৱাৰীত ৩৫১জন চিনাক্ত হৈছিল, য’ত ১৬৪জনেই আছিল গুৱাহাটীৰ৷ একেদৰে চাৰি জানুৱাৰীত ৰাজ্যত ৪৭৫ টা সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছিল৷ ইয়াৰে ১৯০ টাই আছিল গুৱাহাটী মহানগৰীৰ৷ আনহাতে, আজি পাঁচ শতাধিক লোকৰ শৰীৰত ক’ভিড ধৰা পৰিছে, য’ত মহানগৰীতে অকল ২৫০টা ৰোগী চিনাক্ত হৈছে বুলি তেওঁ উল্লেখ কৰে৷ বিগত দহ দিনত গুৱাহাটীত ৮৩৪জন, কামৰূপ গ্ৰাম্যত ১৫৬জন, যোৰহাটত ১০৫জন, ডিব্ৰুগড়ত ৭২জন, কাছাৰত ৬০জন, হোজাইত ৫০জন আৰু নগাঁৱত ৫০জন কোৰোনা ৰোগী ধৰা পৰিছে বুলি জানিবলৈ দিছে মন্ত্ৰীগৰাকীয়ে৷ ইপিনে, ক’ভিড পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবৰ বাবে ৰাজ্যতপৰ্যাপ্ত বিছনা মজুত আছে বুলি উল্লেখ কৰি ৰাজ্যত এতিয়ালৈকে চ্ছ্ৰ,৯৯১খন আইছলেচন বিছনা মজুত আছে৷ ইয়াৰে এতিয়ালৈকে ৩০৮খন বিছনা ব্যৱহাৰ হৈ আছে৷ একেদৰে ২,৬১৩খন অক্সিজেন বিছনাৰ ভিতৰত ১০৫খন বিছনা ব্যৱহাৰ হৈ আছে৷ আনহাতে, ভেণ্টিলেটৰযুক্ত ৬৩০খন আই চি ইউ বিছনা মজুত আছে৷ ইয়াৰে ১৬খনত ৰোগী চিকিৎসাধীন হৈ আছে৷ তদুপৰি ভেণ্টিলেটৰবিহীন ২৮৫খন বিছনাৰ ভিতৰত ১১খন বিছনাত ৰোগী আছে৷ ৰাজ্যত সৰ্বমুঠ ক’ভিড ৰোগীৰ বাবে জ্জ্ব,৫৩৯খন বিছনা আছে৷ ইয়াৰে মাত্ৰ প্ত শতাংশ বিছনাতহে ৰোগী চিকিৎসাধীন হৈ আছে৷ অৰ্থাৎ ৯৫ শতাংশ বিছনা এতিয়াও খালী হৈ আছে৷ ইপিনে, গুৱাহাটী মহানগৰীৰ জি এম চি এইচত ৰ,৫০৩খন বিছনা ক’ভিড ৰোগীৰ বাবে আছে৷ ইয়াৰ ভিতৰত ৩৩৬খন আই চি ইউ বিছনা আছে৷ জিএমচিএইচৰ পাৰ্কিঙত নিৰ্মাণ কৰা ২০০খন আই চি ইউ বেডৰ ১০০ খনত অন্য ৰোগী ৰখা হৈছে যদিও প্ৰয়োজনত এই এশখন বিছনাও ক’ভিডৰ বাবে ব্যৱহাৰ কৰিব পৰা যাব বুলি উল্লেখ কৰি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ জিলাসমূহত থকা হাস্পতাল আৰু ক’ভিড চেণ্টাৰকে আদি কৰি বিভিন্ন কেন্দ্ৰসমূহ পুনৰ কাৰ্যক্ষম কৰিলে অসমত ২৫,০০০ লোকক এবাৰতে চিকিৎসা কৰিব পৰা যাব৷ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে সকলোকে সতৰ্ক হৈ থকাৰ আহ্বান জনায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here