Home ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় কৃষি আইন প্ৰত্যাহাৰ বিধেয়ক গৃহীত লোকসভাত, কাৰ্যসূচী স্থগিত: আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ...

কৃষি আইন প্ৰত্যাহাৰ বিধেয়ক গৃহীত লোকসভাত, কাৰ্যসূচী স্থগিত: আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ কৃষকৰ

111
0

নতুন দিল্লী, ২৯ নৱেম্বৰ: লোকসভাত শীতকালীন অধিৱেশন আৰম্ভ হোৱাৰ লগে লগে কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰে কৃষি আইন প্ৰত্যাহাৰৰ বাবে বিধেয়কখন উত্থাপন কৰে৷ উক্ত বিধেয়কখন গৃহীত হয়৷ পিছত, কংগ্ৰেছকে ধৰি বিৰোধী দলবোৰে আইন প্ৰত্যাহাৰৰ ওপৰত আলোচনাৰ দাবীত হুলস্থূল সৃষ্টি কৰিবলৈ আৰম্ভ কৰে৷ লোকসভাৰ অধ্যক্ষ ওম বিৰলাই বিৰোধীপক্ষক কয় যে যদি আলোচনা বিচাৰে, সেইটো কৰিবলৈ সাজু কিন্তু বিৰোধীয়ে শ্ল’গান দিয়া অব্যাহত ৰাখে৷ তাৰ পিছত লোকসভা দুপৰীয়া ২ বজালৈ স্থগিত ৰখা হয়৷ ইফালে, ইউনাইটেড কিষাণ মৰ্চাৰ নেতা ৰাকেশ টিকাইটে কয়, কৃষি আইন প্ৰত্যাহাৰ কৰা হৈছে, কিন্তু এতিয়া এমএছপি আৰু কৃষকসকলৰ সমস্যাৰ বিষয়ে আলোচনা কৰা উচিত৷আমি চ্ছ্ৰ ডিচেম্বৰত এখন বৈঠক অনুষ্ঠিত কৰিম আৰু তাৰ ওপৰত আন্দোলনৰ নিৰ্দেশনা নিৰ্ধাৰণ কৰা হ’ব৷ তেতিয়ালৈকে, আমাৰ আন্দোলন অব্যাহত থাকিব৷ সংসদৰ শীতকালীন অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজনৈতিক দলসমূহক শান্তি আৰু মৰ্যাদা বজাই ৰাখিবলৈ আহ৩ান জনায়৷ প্ৰধানমন্ত্ৰীয়ে কয় যে সংসদত প্ৰশ্ন থাকিব লাগে কিন্তু শান্তিও বজাই ৰখা উচিত৷ প্ৰধানমন্ত্ৰীৰ ইংগিত বিৰোধীৰ হুলস্থূলৰ প্ৰতি আছিল৷ ইফালে, কংগ্ৰেছে কৃষি আইন প্ৰত্যাহাৰৰ দাবীত সংসদ চৌহদত ধৰ্ণা প্ৰদৰ্শন কৰে৷ ইয়াত কাৰ্যকৰী কংগ্ৰেছ অধ্যক্ষছোনিয়া গান্ধী আৰু ৰাহুলকে ধৰি দলৰ নেতাসকলে অংশগ্ৰহণ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here