Home স্থানীয় মাজুলীত ২০ কেজি ৫০০ গ্ৰাম ওজনৰ প্ৰায় ৭ ফুট দৈৰ্ঘ্যৰ বৰালি...

মাজুলীত ২০ কেজি ৫০০ গ্ৰাম ওজনৰ প্ৰায় ৭ ফুট দৈৰ্ঘ্যৰ বৰালি মাছ চাবলৈ ৰাইজৰ হেতাওপৰা

143
0

সনজিৎ কুমাৰ অভয়পুৰীয়া, ফুলনি, ১০ জুলাই : এক কেজি ,দুই কেজি নহয় মানুহতকৈ ওখ মাছ চাৱলৈ ৰাইজৰ হেতা ওপৰা | এতিয়া বাৰিষাৰ বতৰ। নদীত জলপৃষ্ঠ বৃদ্ধি হোৱাৰ লগে লগে নৈ, জান -জুৰী সমূহত মাছে উজান উঠা দেখা যায়। সত্ৰ নগৰী মাজুলীতো উঠিছে মাছৰ উজান | শস্য- মৎস্যৰে নদন- বদন সত্ৰ নগৰী মাজুলীত এতিয়া উজান উঠাৰ সময় | ব্রহ্মপুত্র আৰু সোৱনশিৰি নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ পাছতে প্লাৱিত হয় পথাৰ | এনে ন পানীৰে প্লাৱিত পথাৰৰ পৰা ধৰিলে প্রায় ২০ কেজি ৫০০ গ্ৰাম ওজনৰ এটা বৰালি মাছ | নামনি মাজুলীৰ বেবেজীয়া পথাৰত শ্যামন্ত দাস নামৰ এজন ব্যক্তিৰ পঁচাত পৰিল এই ডাঙৰ বৃহৎ বৰালি মাছটো | প্ৰায় ৭ ফুট দৈর্ঘ্যৰ মাছটো পানীৰ পৰা দুজনে লোকে ভাৰ কৰি দাঙি আনিলে বামলৈ | ইয়াৰ পাছতে মাছটো চাৱলৈ ৰাইজৰ মাজত কৌতূহল সৃষ্টি হয় আৰু বৰালি মাছতি চাবলৈ ভিৰ কৰিলে অসংখ্য লোকে। কোনোৱে চুই চালে , কোনোৱে আকৌ মবাইলত ফটো লোৱা পৰিলক্ষিত হ’ল। একাংশ পুৰুষ মহিলাই আকৌ নিজৰ সন্তানক বৃহৎ আকাৰৰ মাছটো দেখুৱাবৰ বাবে লৈ আহিলে । ২০ কেজি ৫০০ গ্ৰাম ওজনৰ প্ৰায় ৭ ফুট দৈঘ্যৰ বৃহৎ আকাৰৰ বৰালি মাছটো মুঠতে সকলোৱে হেপাঁহেৰে চালে | সকলোৱে হেপাহেৰে বৰালি মাছতো দৰ্শন কৰাৰ পিছতে ২০ কেজি ৫০০ গ্ৰাম ওজনৰ প্ৰায় ৭ ফুট দৈৰ্ঘ্যৰ বৰালি মাছটো কেজি ৫০০ টকা দৰত ভাগ কৰি উজানৰ সোৱাদ ললে ৰাইজে। যি সময়ত চৰকাৰে জুন-জুলাই মাহত কনি যুক্ত মাছ ধৰাত বাধা আৰোপ কৰি থৈছে তেনে সময়ত কনীযুক্ত মাছ মৰাত মাজুলীৰ বিভিন্ন জন প্ৰকৃতি প্ৰেমীয়ে দূখ প্ৰকাশ কৰিছে। এই সময়ত কনীযুক্ত মাছ যাতে কোনেও ধৰিব নোৱাৰে তাৰ ওপৰত মীন বিভাগে চোকা নজৰ ৰাখিব লাগে বুলি প্ৰকৃতি প্ৰেমীসকলৈ মত প্ৰকাশ কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here