Home Main Stories আব্দুল মুহিব মজুমদাৰৰ স্মৃতিত : প্ৰয়াত মজুমদাৰৰ দৰে দূৰদৰ্শী ব্যক্তিত্ব সঁচাকৈ বিৰল

আব্দুল মুহিব মজুমদাৰৰ স্মৃতিত : প্ৰয়াত মজুমদাৰৰ দৰে দূৰদৰ্শী ব্যক্তিত্ব সঁচাকৈ বিৰল

360
0

হাফিজ ৰশ্বিদ আহমদ চৌধৰী

‘আই এম ডি টি আইন ৰচনাৰ ক্ষেত্ৰত  মজুমদাৰৰ ভৱিষ্যৎ দৰ্শনৰ ক্ষমতা নিহিত আছিল। বিদেশী আইনত নাগৰিকত্ব প্ৰমাণৰ দায়িত্ব আছিল অভিযুক্তৰ;  …কিন্তু এই আইনৰ ফলত বিদেশী হিচাপে কাৰোবাক সন্দেহ কৰিলে তাৰ প্ৰমাণৰ দায়িত্ব দিয়া হৈছিল আৰক্ষীৰ কান্ধত। ধৰ্মীয় আৰু ভাষিক সংখ্যালঘুসকলক হাৰাশাস্তিৰ পৰা মুক্তি দিয়াই আছিল মজুমদাৰৰ একমাত্ৰ উদ্দেশ্য। অসম চুক্তি যেতিয়া প্ৰণয়ন কৰা হ’ল, তেতিয়া আৰু এবাৰ তেওঁ নিজৰ দূৰদৰ্শিতা প্ৰদৰ্শন কৰে। ইয়াত এটা দফা অন্তৰ্ভুক্ত কৰি কোৱা হ’ল যে আই এম ডি টিক লৈ কিবা সমস্যাই দেখা দিলে ইয়াৰ সংশোধন কৰা যাব। ইয়াৰ অৰ্থ হ’ল অসম চুক্তিত  আই এম ডি টিক মানি লোৱা হ’ল। …অসম চুক্তিক তেওঁ ‘মেগনা কাৰ্টা’ বুলি অভিহিত কৰিছিল। তেতিয়া আমি এচামে অসম চুক্তিৰ বিৰোধিতা কৰি ইড× এম এফ গঠন কৰিছিলো। পিছত দেখা গ’ল, তেৱেঁই শুদ্ধ আছিল; আমাৰেই ভুল হৈছিল। এতিয়াতো আমি সকলোৱে কৈছো যে অসম চুক্তিয়ে আমাক সুৰক্ষা দিছে।… আমি আবেগিক হৈ অসম চুক্তিৰ বিৰোধিতা কৰিছিলো; কিন্তু তেওঁ বাস্তৱক অনুধাৱন কৰিব পাৰিছিল। প্ৰয়াত মজুমদাৰৰ দৰে দূৰদৰ্শী ব্যক্তিত্বসঁচাকৈ বিৰল। তেওঁৰ মৃত্যুত কেৱল মুছলমানসকলেই  নহয়; বৰং ভাষিক সংখ্যালঘুসকলেও এজন ত্ৰাতা তথা মুক্তিদাতাক হেৰুৱাইছে।’ (সাময়িক প্ৰসংগ, ৪নৱেম্বৰ)।

লিখক হিচাপে মজুমদাৰ ছাৰ ঃ মই জনামতে শেষ বয়সত আব্দুল মুহিব মজুমদাৰে তেওঁৰ সামাজিক, ৰাজনৈতিক আৰু বৃ¿Mধাৰী জীৱনক লৈ ‘ডাউন দ্য মেম’ৰী লেন’ নামেৰে দুখন অতি মূল্যৱান গ্ৰন্থ প্ৰণয়ন কৰে। ইয়াৰ প্ৰথম খণ্ডত তেওঁ অসমৰ নৃগোষ্ঠীয় সমস্যাৰ (Ethnic problem in Assam) পৰা আৰম্ভ কৰি My days at AMUলৈ চৈধ্যটা অধ্যায় লিপিৱদ্ধ কৰিছে। বাকী পোন্ধৰটি এনেক্সাৰ  সংযোজন কৰা হৈছে। ইয়াত আইন সম্পৰ্কীয় শব্দকোষ, ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাসহ কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ মাজত লিপিৱদ্ধ বিভিন্ন চুক্তি অন্তৰ্ভুক্ত কৰা হৈছে। আনহাতে, দ্বিতীয় খণ্ডত তেওঁৰ পিতৃ আব্দুল মতলিব মজুমদাৰ সম্পৰ্কে ত্ৰিশ পৃষ্ঠাজোৰা ঘটনাবহুল সামাজিক আৰু ৰাজনৈতিক জীৱনৰ ওপৰত আলোকপাত কৰিছে। ইয়াৰ পিছত তেওঁ এনআৰআৰ, এন আৰ চিৰ পৰা আৰম্ভ কৰি সপ্তম অধ্যায়লৈ ইছলাম আৰু সন্ত্ৰাসবাদ সম্পৰ্কে আলোচনা কৰিছে। বাকী বাৰটি পৰিশিষ্ট বিভিন্ন চুক্তি আৰু অনুসূচীসমূহ লিপিৱদ্ধ কৰিছে। আইনৰ এজন কৰ্মৰত ব্যক্তি তথা এজন ভাল ৰাজনীতিবিদৰ কাৰণে আৰু বুদ্ধিজীৱীসকলৰ বাবে এই গ্ৰন্থ দুখন খুবেই প্ৰয়োজনীয়। ইয়াৰ ভাষা সহজ-সৰল আৰু প্ৰাঞ্জল তথা ৰসাল। তেওঁৰ এই গ্ৰন্থ দুখনৰ পৰা কিছুমান লাগতিয়াল উক্তি উদ্ধৃত কৰাৰ প্ৰয়াস কৰিছো।

অসমলৈ বিদেশী প্ৰব্ৰজন সম্পৰ্কে আব্দুল মুহিব মজুমদাৰৰ বক্তব্য আছিল স্পষ্ট। তেওঁ ৰাজ্যিক সংখ্যালঘুসকলৰ কমিছনৰ অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰিয়েই বিস্ফোৰণ ঘটাই কৈছিল যে প্ৰকৃততে অসমত এজনো বাংলাদেশী নাই। Eastern Chronicle পত্ৰিকাত সাক্ষাৎকাৰ দি তেওঁ কৈছিল ঃ

‘When the D-voters are identified and deported, the Government of Bangladesh refuses to accept them as citizens. When asked about their residential address in Bangladesh, they say that they donন্ডt have one. So where does the question ন্ডBangladeshisন্ড ariseঞ্জন্ড (Down the Memory Lane,p-371).

অসমৰ ‘ডি’ ভোটাৰসকলৰ বিষয়টিয়ে যে দৰাচলতে মানৱাধিকাৰ খণ্ডন কৰিছে, সেয়া তেওঁ মৰ্মে মৰ্মে উপলব্ধি কৰিছিল। সেয়ে সংখ্যালঘু কমিছনৰ অধ্যক্ষৰ চকীত বহিয়েই তেওঁ প্ৰকৃত সত্যটি ‘ইষ্টাৰ্ন ক্ৰনিকেল’ পত্ৰিকাৰ পাতত এইদৰে উদাত্তকণ্ঠে কৈছিল ঃ ন্ডThese impoverished people, who are mostly daily wage labourers, are being picked up by the authorities and dropped in the midst of the jungle along the Indo-Bangla border. None of the governments approve their identity. This is a gross violation of human rights as every individual has a right to live and survive in a decent surrounding.ন্ড(Ibid,p-371).

চৰৰ পৰা উেচ্ছদিত  মানুহবোৰ ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ কবলত পৰি মাটি-বাৰী হেৰুওৱা সৰ্বস্বান্ত স্থানান্তৰিত লোক। তেওঁলোক কৃষি কামৰ লগত জড়িত দুখীয়া মানুহ। তেওঁলোকক পুনৰ্সংস্থাপিত কৰা চৰকাৰৰ নৈতিক কৰ্তব্য। সেয়া নকৰি চৰকাৰে তেওঁলোকক অবৈধ প্ৰব্ৰজনকাৰী হিচাপে বিবেচনা কৰে। সংখ্যালঘু মানুহখিনিয়ে চৰকাৰৰ এই অবৈধ ঘোষণা কেতিয়াও মানি নলয়। যদি সঁচা অৰ্থত তেওঁলোক বাংলাদেশী, তেন্তে  ভাৰত চৰকাৰে বাংলাদেশ চৰকাৰৰ লগত আলোচনা কৰি তেওঁলোকক আইনী প্ৰক্ৰিয়াৰ মাজেৰে পঠিয়াই দিয়ক। অন্যথা ন্ডtheir life will be under serious threat.ন্ড — এইদৰে কৈছিল মজুমদাৰ ছাৰে।

আনহাতে, এন আৰ চি সন্দৰ্ভত ক’বলৈ গৈ আব্দুল মুহিব মজুমদাৰে তদানীন্তন চৰকাৰক এইদৰে পৰামৰ্শ আগবঢ়াইছিল বুলি তেওঁৰ গ্ৰন্থখনত লিখিছে। তেওঁৰ ভাষাত ঃ ন্ডI also suggested that the preparation of the NRC was not a solution because AASU or any other  organisation would  say that it contained names of foreigners. That apart, without identifying and segregating the illegal foreigners, the NRC cannot be prepared.ন্ড(Ibid,p-374).

বিভিন্ন প্ৰক্ৰিয়াৰ মাজেৰে ১,৬০০ কোটি টকা খৰচ কৰি নিয়াৰিকৈ এন আৰ চি সম্পন্ন কৰাৰ পিছতো কিছুমান সংগঠনে মজুমদাৰ ছাৰে ভৱিষ্যদ্বাণী কৰাৰ দৰেই আপত্তি কৰা পৰিলক্ষিত হয়। এইক্ষেত্ৰত তেওঁ কিমান দূৰদৰ্শী আছিল সেয়া তেওঁৰ ভাষ্যৰ পৰাই প্ৰমাণ পোৱা যায়।

ন্ডMy Days at AMUন্ড অধ্যায়ত তেওঁ বহু ধুনীয়া ধুনীয়া কথা বৰ্ণনা কৰিছে। বিশ্ববিদ্যালয় জীৱনৰ অভিজ্ঞতাৰ ৰসাল কথাবোৰ কৈছে। ছাৰ ছৈয়দ আহমদ খানে প্ৰতিষ্ঠা কৰা আলিগড় মুছলিম বিশ্ববিদ্যালয়খনত অতীত আৰু বৰ্তমানৰ দৰে তেওঁৰ সময়তো পঞ্চাশ শতাংশ হিন্দু ছাত্ৰই অধ্যয়ন কৰিছিল। আইন বিভাগত পঞ্চাশ শতাংশৰো বেছি ছাত্ৰই পঢ়া-শুনা কৰিছিল বুলি তেওঁ কৈছে। তেওঁৰ প্ৰশ্ন— তাৰ পিছতো কিছুমানে এইখন বিশ্ববিদ্যালয়ক লৈ কিয় অবান্তৰ কথা-বতৰাৰ অৱতাৰণা কৰে, সেয়াহে বুজিবলৈ টান। বোধহয় ‘মুছলিম’ শব্দটি সংযোজনৰ বাবে। সি যি নহওক, তেওঁৰ কাৰণে ইয়াত অধ্যয়ন কৰিব পৰা আছিল— এটি অতি গৌৰৱৰ বিষয়। তেওঁৰ ভাষাত ঃ  ন্ডIt is not only the pride of every Muslim, but any student passing out from Aligarh Muslim University maintains an air of superiority and pride. I tell you, it holds good for me even today after long 48 years.ন্ড(Ibid,p-207).

আব্দুল মুহিব মজুমদাৰ আছিল এগৰাকী তীক্ষ® আইনবিদ, বিচক্ষণ ৰাজনৈতিক ব্যক্তিত্ব, সমাজৰ এজন জনপ্ৰিয় নেতা আৰু এজন বিদ্বান ভদ্ৰলোক। সদায় মুখত এমোকোৰা হাঁহিৰে সকলোকে চুম্বকৰ দৰে আকৰ্ষণ কৰিব পৰা ব্যক্তিত্ব আছিল তেওঁৰ। ন্ডHis humour and pragmatic approach had no parallel. হিন্দু-মুছলিম প্ৰতিজন ব্যক্তি আৰু প্ৰতিগৰাকী আইনবিদে তেওঁৰ জ্ঞানৰ পৰিধি উপলব্ধি কৰি তেওঁক শ্ৰদ্ধা তথা সমীহ কৰিবলৈ বাধ্য হৈছিল। আনকি, ন্যায়ালয়ত তেওঁ উপস্থাপন কৰা মোকৰ্দমাবোৰৰ প্ৰতি  ন্যায়াধীশসকলেও গুৰুত্ব প্ৰদান কৰিছিল আৰু তেওঁক উপযুক্ত সন্মান দিবলৈ কাৰ্পণ্য কৰা নাছিল। আইনৰ যিকোনো মোকৰ্দমা তেওঁৰ ওচৰত আছিল পানীৰ দৰে। মোকৰ্দমা যিমানেই জটিল নহওক কিয় তেওঁৰ ওচৰত সেয়া কোনো বিষয়ে নাছিল। মোকৰ্দমাটিৰ সাৰাংশ জানি লোৱাৰ পিছত কি যুক্তি আৰু আইনৰ কোনটি ধাৰা উপস্থাপন কৰি সেই মোকৰ্দমাটিৰ বিজয় সাব্যস্ত কৰিব, সেইবোৰ ক্ষেত্ৰত তেওঁ আছিল  সবাতোকৈ পাৰদৰ্শী। তেওঁ মোকৰ্দমা লৈছিল কেৱল বিজয়ৰ বাবে,তাত নাছিল পৰাজয়ৰ অৱকাশ। এনেকুৱা মহীয়ান আইনজ্ঞ আছিল আব্দুল মুহিব মজুমদাৰ। তেওঁৰ মহাপ্ৰয়াণত তেওঁলৈ জ্ঞাপন কৰিছো সশ্ৰদ্ধ আন্তৰিক শ্ৰদ্ধাঞ্জলি। সৃষ্টিকৰ্তাই তেওঁক জান্নাতুল ফিৰদৌছ নছিব কৰক।

আব্দুল মুহিব মজুমদাৰৰ সোঁৱৰণত : আব্দুল মান্নান

প্ৰাক্তন মন্ত্ৰী, বিশিষ্ট আইনজ্ঞ আৰু পূৰ্বাঞ্চলৰ কেবাখনো ৰাজ্যৰ প্ৰাক্তন এডভোকেট জেনেৰেলৰ আসন শুৱনি কৰা মৰহুম আব্দুল মুহিব মজুমদাৰে ইহ সংসাৰৰ পৰা বিদায় লোৱা ৪০ দিন পূৰ্ণ হ’ল। মজুমদাৰ চাহাব আছিল অসমৰ বৌদ্ধিক সমাজ বিশেষকৈ আইন সংক্ৰান্তীয় বিষয়সমূহৰ ওপৰত বিশেষ প্ৰজ্ঞা সমৃদ্ধ এগৰাকী নমস্য ব্যক্তি। প্ৰগাড় জ্ঞানৰ অধিকাৰী মজুমদাৰ চাহাব আছিল তেওঁৰ চলন-ফুৰণ, বেশ-ভূষা, থকা-মেলাত অতি সাধাৰণ আৰু সহজ-সৰল তথা বিনয়ী। তেওঁৰ সান্নিধ্যলৈ অহা কোনো লোকক কাহানিও অসন্তুষ্ট হৈ ঘূৰি যোৱা মই দেখা নাই। অতি নম্ৰ আৰু খুহুতিয়া কথাৰ ভঁড়াল মজুমদাৰ চাহাবে মানুহক সহজে আপোন কৰি ল’ব পাৰিছিল। তেওঁতৰ জ্ঞানৰ বিশালতাৰ বাবেই বিৰোধীসকলেও তেওঁক সদায় সমীহ কৰি চলিছিল।

ব্যক্তিগতভাৱে মই মজুমদাৰ চাহাবৰ সান্নিধ্যলৈ আহি পৰম উপকৃত হৈছো। মজুমদাৰ চাহাবৰ বাৰম্ববাৰ অনুৰোধ পেলাব নোৱাৰি মই ২০১৬ চনৰ শেষৰ ফালে অসমত অনুপ্ৰৱেশৰ সমস্যাৰ ওপৰত এখন কিতাপ লিখাৰ সিদ্ধান্ত লওঁ। মোৰ ক্সInfiltration জ্ঞ Genesis of Assam Movementক্স নামৰ কিতাপখন তাৰে ফচল। উক্ত কিতাপখনে অসমৰ সংখ্যালঘু মুছলমান সমাজখনৰ বহু কথা – অনুপ্ৰৱেশ, জনসংখ্যা বিস্ফোৰণ, শিক্ষাৰ ক্ষেত্ৰত পশ্চাৎপদতা, স্বাস্থ্য ক্ষেত্ৰৰ পয়ালগা অৱস্থা, নিয়োগ ইত্যাদি বিষয়বোৰৰ ওপৰত আলোকপাত কৰি পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে আৰু অসম তথা জাতীয় আৰু আন্তৰ্জাতিক স্তৰত সমাদৃত হৈছে। মোৰ কিতাপখন সৃষ্টিৰ আঁৰৰ মূল ব্যক্তিগৰাকী আছিল মুহিব মজুমদাৰ চাহাব।

আজিৰ এই পৱিত্ৰ দিনটোত তেখেতৰ স্মৰণত মোৰ আন্তৰিক  কৃতজ্ঞতা পুনৰবাৰ যাচিছো। 

আব্দুল মুহিব মজুমদাৰৰ স্মৃতিত :মেহদী আলম বৰা

অসমৰ ৰাজনীতিত কেইবা দশকজুৰি নিজৰ উপস্থিতিক প্ৰাসংগিক কৰি তুলিবলৈ সক্ষম হোৱা অতি বিচক্ষণ ৰাজনীতিকজনেই আছিল ‘আইনবিদ প্ৰয়াত আব্দুল মুহিব মজুমদাৰ’ ডাঙৰীয়া। তেখেত একাধাৰে শিক্ষাবিদ, আইনজ্ঞ, ৰাজনীতিক আৰু এজন সমাজ বিজ্ঞানী আছিল। তেখেতে শেষ বয়সত আত্মজীৱনীমূলক যি চাৰিখন গ্ৰন্থ লিখি থৈ গৈছে সেই গ্ৰন্থকেইখনেই তেখেতক চিৰস্মৰণীয় কৰি ৰাখিব আৰু তেখেত যে এজন দূৰদৰ্শী সমাজ বিজ্ঞানী আছিল তাকেই গ্ৰন্থকেইখনে প্ৰতিপন্ন কৰিছে। অসমৰ জনজীৱনক গভীৰভাৱে প্ৰভাৱান্বিত কৰা ‘অসম আন্দোলন’ৰ আদিৰে পৰা অন্তলৈকে তেখেতে কেতিয়াবা জননেতা, কেতিয়াবা আইনবিদ, কেতিয়াবা ৰাজনৈতিক নেতা কিম্বা ৰাজ্যিক চৰকাৰৰ মন্ত্ৰী হিচাপে আন্দোলনটোক গ্ৰহণযোগ্য সমাধানসূত্ৰ প্ৰদানেৰে পৰিসমাপ্তিৰ ফালে নিয়াত ব্যাপক প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। যাৰ বাবে তেখেতৰ প্ৰাসংগিকতা ঐতিহাসিক পটভূমিতো গুৰুত্ব সহকাৰে বিবেচিত হ’ব যদিও তেখেতক আই এম ডি টি আইনখনৰ খচৰা প্ৰস্তুত কৰা বুলি কোৱা হয়, আচলতে গোটেই অসম চুক্তিখনৰে আংশিক খচৰা তেখেতে প্ৰস্তুত কৰি কেন্দ্ৰীয় চৰকাৰক দিছিলে বুলি বহুতে জানিছিল। অসম আন্দোলনৰ সকলো জটিলতাকে সামৰি চুক্তি এখনৰ কাঠামো প্ৰস্তুত কৰাৰ যি বৌদ্ধিক দক্ষতাৰ প্ৰয়োজন সেইখিনি তেখেতৰ আছিল বাবেই তেখেত তদানীন্তন ৰাজীৱ গান্ধী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ আস্থাভাজন এজন ৰাজনীতিক আছিল। সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম গণ সংগ্ৰাম পৰিষদৰ নেতৃবৰ্গৰ লগত কেন্দ্ৰীয় চৰকাৰৰ মাজত হোৱা আলোচনাৰ সময়ত তেখেতেৰ সৈতে কেন্দ্ৰীয় চৰকাৰে সততে যোগাযোগ ৰাখি দিহা- পৰামৰ্শ লৈছিল বুলি জনা গৈছিল। তেখেত ১৯৮৩ চনৰ পৰা ১৯৮৫ চনলৈকে প্ৰয়াত হিতেশ্বৰ শইকীয়া নেতৃত্বাধীন মন্ত্ৰীসভাৰ আইন মন্ত্ৰী আছিল। অসম চুক্তি সম্পাদন হৈছিল ১৮৮৫ চনৰ ১৪ আগষ্ট তাৰিখৰ মাজনিশা।

তেখেতক নিচেই কাষৰ পৰা লগ পোৱাৰ মোৰ সৌভাগ্য হৈছিল। মই কটন কলেজত পঢ়ি থাকোঁতেই তেখেতক এজন আইনজ্ঞৰ ৰূপত গুৱাহাটী হাইকৰ্টৰ চৌহদত প্ৰথম চিনাকি হৈছিলো আৰু তেখেতৰ লগত আমৃত্যু সম্পৰ্ক বৰ্তাই ৰখাৰ  সুযোগ পাইছিলো। তেখেতৰ পৰা নানান বিষয়ৰ ওপৰত জ্ঞান আহৰণ কৰাৰ সুবিধাও পাইছিলোঁ। তেখেতৰ বহুমুখী বিশাল ব্যক্তিত্বই মোক আকৰ্ষণ কৰিছিল। তেখেতৰ স্মৃতিশক্তি বৰ প্ৰখৰ আছিল। মৃত্যুৰ আগলৈকে তেখেত যেতিয়া গুৱাহাটী মেডিকেল কলেজ হস্পিটেলৰ আই চি ইউত চিকিৎসাধীন হৈ আছিল তেতিয়া তেখেতে কিছু স্মৃতিশক্তি হেৰুৱালেও মোৰ মাতত তেখেতে কিন্তু সঁহাৰি দিছিল। যি কথা মোৰ আজীৱন স্মৃতি হৈ থাকি যাব। তেখেতৰ সান্নিধ্যৰ বিষয়ে পাছলৈ বহলাই লিখাৰ ইচ্ছা থাকিল। তেখেতৰ ভিন্নমুখী অৱদান অসমবাসীয়ে স্মৰণ কৰিব বুলি মই আশাবাদী।

মৃদু ভাষী অত্যন্ত চোকা ব্যক্তি আছিল মুহিব মজুমদাৰ দেৱ :বিপুল বৰ্মন, জ্যেষ্ঠ সাংবাদিক

বিশ্বাস কৰিবলৈ টান পাইছো যে আজি আমাৰ মাজত নাই প্ৰাক্তন কেবিনেট মন্ত্ৰী তথা বিশিষ্ট অধিবক্তা মহৰুম আব্দুল মুহিব মজুমদাৰ। ১৯৯৬ চনৰ তদানীন্তন প্ৰফুল্ল কুমাৰ মহন্ত মন্ত্ৰীসভাৰ কেবিনেট মন্ত্ৰী থকাৰ সময়ৰে পৰা মুহিব মজুমদাৰ দেৱৰ সৈতে এটা মধুৰ সম্পৰ্ক গঢ় লৈ উঠিছিল। পৰৱৰ্তী সময়তো বিশেষকৈ ২০১৬ চনৰ পৰা আমৃত্যু পৰ্যন্ত বেছিভাগ সময়ত মই তেখেতৰ বাসগৃহলৈ গৈ ৰাজ্যৰ ৰাজনীতি আৰু বৰাক উপত্যকাৰ ৰাজনীতি, গোচৰ, মোকৰ্দমা, বিধানসভাৰ আইন ইত্যাদি বহু কথা শিকিছিলো। বৰাক উপত্যকাৰ মধ্য হাইলাকান্দি সমষ্টি সুদীৰ্ঘ ৪০ বছৰ নিজৰ দখলত ৰাখিছিল পিতৃ আব্দুল মতলেব মজুমদাৰ আৰু পুত্ৰ আব্দুল মুহিব মজুমদাৰে। দুয়োজনে বেলেগ বেলেগ সময়ত অসম চৰকাৰৰ আইন মন্ত্ৰীও আছিল। ছগৰাকী মুখ্যমন্ত্ৰীৰ লগত মন্ত্ৰী হিচাপে আছিল পিতা আৰু পুত্ৰ। দুখন ৰাজ্যৰ মহাধিবক্তা আছিল মুহিব মজুমদাৰ ডাঙৰীয়া। আব্দুল মুহিব মজুমদাৰ ডাঙৰীয়াই ১৯৮৩, ১৯৮৫, ১৯৯৬ আৰু ২০১১ চনৰ নিৰ্বাচনত জয়লাভ কৰি অসম বিধানসভালৈ নিৰ্বাচিত হৈ আহিছিল। আজৰি সময়ত সন্ধিয়াৰ ভাগত তেখেতৰ পৰা ৰাজনৈতিক জ্ঞান লৈছিলো। তেখেতে যে কেৱল ৰাজনীতি কৰিছিল সেয়ে নহয়, ৰাজ্যৰ সমাজ ক্ষেত্ৰত অভূতপূৰ্ব অৰিহণা আছিল আব্দুল মুহিব মজুমদাৰৰ। তেখেতৰ বিদেহী আত্মাৰ সদ্‌গতি কামনা কৰিলো।

আব্দুল মুহিব মজুমদাৰক যিদৰে মই জানিছিলো : ড০ আনৱাৰুদ্দিন চৌধুৰী

স্বৰ্গীয় আব্দুল মুহিব মজুমদাৰ মোৰ দ্বিতীয় জ্যেষ্ঠ মামা আছিল। সেয়েহে, সৰুৰে পৰা মই তেওঁৰ সৈতে পৰিচিত আছিলোঁ। আমি তেওঁক  মাণিক বুলি মাতিছিলোঁ। যিটো তেওঁৰ আন এটা নাম আছিল। মোৰ খুড়ীয়ে কোৱাৰ দৰে ছাত্ৰ কালত অধ্যয়নৰ বাবে তেওঁ সদায় পৰিয়ালক এক বিশেষ স্থান দিছিল। তেওঁৰ ৰাজনৈতিক কেৰিয়াৰ মিশ্ৰিত আছিল। তেওঁ যথেষ্ট পৰিমাণে সফল হৈছিল, কিন্তু যদি তেওঁ কৌশলেৰে নিৰ্বাচনত তেওঁৰ লোকচান এৰাই চলিলেহেঁতেন কাহিনীটো বেলেগ হ’লহেঁতেন। তেওঁ তেওঁৰ সমষ্টিৰ বহু লোকক সহায় কৰিছিল, কিন্তু কেতিয়াও কাকো কোৱা নাছিল। যোৱা সাধাৰণ নিৰ্বাচনৰ সময়ত প্ৰচাৰ চলাওঁতে মই এইটো নিশ্চিত কৰিব পাৰিছিলো। তেওঁ গ্ৰন্থ সংগ্ৰহ কৰি ভাল পাইছিল আৰু এজন উৎসাহী পাঠক আছিল।

জনগোষ্ঠীৰ মাজত জনপ্ৰিয় আছিল মজুমদাৰ ছাৰ :আব্দুৰ ৰহমান সিকদাৰ

মৰহুম আব্দুল মুহিব মজুমদাৰ ছাৰ আমাৰ মাজত নাই। কিন্তু তেওঁৰ কৰ্মৰাজি, তেওঁ থৈ যোৱা জীৱনৰ চানেকি আমাৰ বাবে, নৱাগতসকলৰ বাবে পথ প্ৰদৰ্শক হৈ থাকিব। ধৰ্মীয় আৰু ভাষিক সংখ্যালঘুৰ নাগৰিকত্বৰ প্ৰশ্ন তুলি জাপি দিয়া নিৰ্যাতনৰ পৰা ৰক্ষা কৰিবলৈ প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ সহযোগত আই এম ডি টি আইন প্ৰণয়নৰ কাৰীকৰ আছিল প্ৰয়াত মজুমদাৰ ছাৰ। আই এম ডি টি আইন বাতিলৰ পিছত নাগৰিকত্ব গোচৰত খাম-খেয়ালি গোচৰ সৃষ্টি আৰু বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হয়। এই প্ৰক্ৰিয়াক প্ৰতিহত কৰাৰ বাবে অধিবক্তাসকলক গোচৰ পৰিচালনাৰ প্ৰশিক্ষণৰ প্ৰয়োজনীয়তা উপলব্ধি কৰিছিলোঁ আৰু মজুমদাৰ ছাৰক এই সম্পৰ্কে  কোৱাৰ লগে লগে প্ৰাক্তন মন্ত্ৰী নুৰজামাল সৰকাৰ চাহাবৰ হোটেলত  প্ৰথমখন সজাগতা সভা মজুমদাৰ ছাৰৰ সভাপতিত্বত অনুষ্ঠিত হৈছিল। একেই উদ্দেশ্য সন্মুখত ৰাখি অৰ্থাৎ বিদেশী গোচৰ পৰিচালনাৰ পথ প্ৰদৰ্শক হিচাবে হাতপুথি, কুৱেষ্ট ফৰ জাষ্টিচ, ন্যায়ৰ অন্বেষণ আদি কৰি কেইবাখনো কিতাপ লিখি অধিবক্তা বন্ধুসকলৰ মাজত বিতৰণ কৰিছিলোঁ। মোৰ কিতাপসমূহ  প্ৰকাশ কৰোঁতে মজুমদাৰ ছাৰে মোক বৰকৈ উৎসাহিত কৰিছিল। ছাৰৰ মাতৃভাষা বঙালী হ’লেও তেখেত আছিল অসমীয়া ভাষাৰ প্ৰধান্যতাৰ প্ৰবক্তা। সংখ্যালঘুৰ সমস্যাৰ সমাধান বিচাৰিলেও সামগ্ৰীকভাৱে অসমৰ সকলো সমস্যাৰ ওপৰত দৃষ্টিপাত কৰিবলৈ সক্ষম আৰু অহোপুৰুষাৰ্থ কৰিছিল বাবেই সকলো জনগোষ্ঠীৰ মাজত জনপ্ৰিয় আছিল মজুমদাৰ ছাৰ। মজুমদাৰ ছাৰৰ দৰে ব্যক্তিত্ব সম্পন্ন দ্বিতীয়জন জননেতা আমাৰ মাজত নাই বুলি ক’লে ভুল নহ’ব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here