Home স্থানীয় চিলাপথাৰ নগৰৰ মাজ মজিয়াত ডাম্পিং গ্ৰাউণ্ড ; পৌৰসভাৰ বিৰুদ্ধে ওলাই আহিল ভুক্তভোগী...

চিলাপথাৰ নগৰৰ মাজ মজিয়াত ডাম্পিং গ্ৰাউণ্ড ; পৌৰসভাৰ বিৰুদ্ধে ওলাই আহিল ভুক্তভোগী মহিলাঃ

64
0

চিলাপথাৰঃ, ৯ জুলাইঃ চিলাপথাৰ পৌৰসভাই চিলাপথাৰ নগৰৰ মাজ মজিয়াতে স্থাপন কৰিছে নগৰখনৰ আৱৰ্জনা পেলোৱা ডাম্পিং গ্ৰাউণ্ড । বিগত দুটা বছৰে পুতি দুৰ্গন্ধময় এক কদৰ্যময় পৰিবেশত জীৱন যাপন কৰি আহিবলগীয়া হৈছে ৰাইজ। বিশেষকৈ উৎকট দুৰ্গন্ধত থাকিব পৰা নাই চিলাপথাৰ নগৰৰ ৩ আৰু ৪ নম্বৰ ৱাৰ্ডৰ বাসিন্দা সকল । এফালে চিলাপথাৰ পৌৰসভাৰ কাৰ্যালয়, মঙ্গলবৰীয়া সপ্তাহিক বজাৰ আনফালে চিলাপথাৰ নগৰ পানী যোগান আঁচনি আৰু স্থানীয় আৱাসী । মাজতে স্থাপন কৰিছে এই ডাম্পিং গ্ৰাউণ্ড। নগৰখনৰ য’ত যিমান গেলা পঁচা,আৱৰ্জনা,জাৱৰ জোথৰ, মৃত পশু-পক্ষী সমস্ত বিসৰ্জন দিয়ে এই ডাম্পিং স্থানত। উৎকট দুৰ্গন্ধত থাকিব নোৱাৰা হৈছে অঞ্চলটোৰ বাসিন্দাসকল । সেই সন্দৰ্ভত ৰাইজে বহুবাৰ আপত্তি কৰিও একো সুফল পোৱা নাই । অলপতে নগৰ খনত এক দুৰ্ঘটনাত মৃত্যু হোৱা এটা গৰু আনি এই স্থানতে পুতি থৈ যোৱাৰ পিছত জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ । এই স্থানৰ পৰা ডাম্পিং গ্ৰাউণ্ডটো কোনো জনশূন্য স্থানলৈ স্থানান্তৰ কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজে । অন্যথা অঞ্চলৰ সকলো ৰাইজ ৰাজপথলৈ ওলাই অহাৰ ভাবুকি দিছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here