Home Uncategorized ঈদৰ আনন্দ-উল্লাসৰ মাজতে মঙলদৈত পত্নীক হানি-খুচি হত্যা স্বামীৰ

ঈদৰ আনন্দ-উল্লাসৰ মাজতে মঙলদৈত পত্নীক হানি-খুচি হত্যা স্বামীৰ

356
0


ষ্টাফ ৰিপ’ৰ্টাৰ, মঙলদৈ, ৩ মে’ ঃ পৱিত্ৰ ঈদ-উল-ফিতৰৰ আনন্দ-উল্লাসৰ মাজতে দৰং জিলাৰ মঙলদৈ নগৰৰ মাজমজিয়াত যোৱানিশা সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড৷ এই হত্যাকাণ্ডই ইতিমধ্যে জোকাৰি গৈছে সমগ্ৰ দৰং জিলাক৷ ঘটনাৰ বিৱৰণী অনুসৰি মঙলদৈ নগৰৰ ২নং ৱাৰ্ডত যোৱানিশা সংঘটিত হৈছে এই চাঞ্চল্যকৰ হত্যাকাণ্ড৷ আৰক্ষী সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি মঙলদৈ নগৰৰ নিকটৱৰ্তী বান্দিয়া তথা বাঘপৰি চাপৰিৰ বাসিন্দা ৩২ বছৰীয়া নুৰ ইছলামে দীৰ্ঘদিন ধৰি মঙলদৈ দুই নং ৱাৰ্ডত পৰিয়ালসহ ভাৰাঘৰত থাকিবলৈ লৈছিল৷ ইপিনে, ঈদ-উল-ফিতৰৰ আগমনক লৈ দুই নং ৱাৰ্ডত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰি থকাৰ সময়তে যোৱানিশা নুৰ ইছলামৰ ভাৰাঘৰত সংঘটিত হয় চাঞ্চল্যকৰ হত্যাকাণ্ড৷ আৰক্ষীৰ তথ্যত প্ৰকাশিত বিৱৰণী অনুসৰি যোৱানিশা সাত মান বজাত নুৰ ইছলামে পত্নী আচিয়া বেগমক ভাৰাঘৰতে ছুৰীৰে হানি-খঁুচি হত্যা কৰে৷ ইপিনে, এই হত্যাকাণ্ডৰ ঘটনাত নিমিষতে দুই নং ৱাৰ্ডৰ লগতে সমগ্ৰ মঙলদৈ নগৰত ৰাষ্ট্ৰ হৈ পৰাত ঘটনাক লৈ ৰাইজৰ মাজত হুৱা-দুৱা লাগে৷ এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ বিষয়ে কোনো সচেতন লোকে মঙলদৈ সদৰ আৰক্ষী থানাত জনোৱাৰ ক্ষন্তেক পাছতে ঘটনাস্থলীত উপস্থিত হয় মঙলদৈ সদৰ আৰক্ষী থানাৰ আৰক্ষীৰ দল৷ মঙলদৈ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুকুট কাকতি আৰু আন এগৰাকী আৰক্ষী বিষয়া কৃষ্ণকান্ত লস্কৰৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৱে হত্যাকাণ্ড সংঘটিত কৰা অপৰাধী নুৰ ইছলামক আটক কৰি থানালৈ লৈ আহে৷ বৰ্তমান মঙলদৈ সদৰ আৰক্ষী থানাত অপৰাধী নুৰ ইছলামক আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে৷ পৱিত্ৰ ঈদৰ প্ৰাক্‌মুহূৰ্তত কি কাৰণত বা কি পৰিস্থিতিত নুৰ ইছলামে পত্নী আচিয়া বেগমক হত্যা কৰিলে তাৰ প্ৰকৃত কাৰণ এইপৰ্যন্ত জানিব পৰা হোৱা নাই যদিও প্ৰাথমিক তদন্তত পাৰিবাৰিক কন্দলৰ বাবেই এই দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে৷ অৱশ্যে ঘটনাৰ প্ৰকৃত কাৰণ আৰু উক্ত ঘটনাৰ সৈতে কোন কোন জড়িত হৈ আছে সেয়া তদন্তৰ পাছতহে পোহৰলৈ আহিব বুলি সাংবাদিকৰ আগত সদৰী কৰে আৰক্ষীয়ে৷ ঈদৰ আনন্দ তথা উৎসৱমুখৰ পৰিৱেশৰ মাজতে সংঘটিত হোৱা এই হত্যাকাণ্ডৰ উচিত তদন্ত কৰি দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ আৰক্ষীক দাবী জনাইছে সচেতন নাগৰিক সমাজে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here