Home স্থানীয় সোণতলীত ব্ৰহ্মপুত্ৰৰ খহনীয়া অব্যাহত থকাৰ মাজতে ভূ-মাফিয়াৰ দপ্‌দপনি: নৈৰ পাৰৰ মাটি বিক্ৰী,...

সোণতলীত ব্ৰহ্মপুত্ৰৰ খহনীয়া অব্যাহত থকাৰ মাজতে ভূ-মাফিয়াৰ দপ্‌দপনি: নৈৰ পাৰৰ মাটি বিক্ৰী, ব্যৱস্থা গ্ৰহণৰ দাবী সচেতন মহলৰ

91
0


গণ বাৰ্তা, সোণতলী, ১৬ নৱেম্বৰ : কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত সোণতলীৰ গৰৈমাৰী বিলৰজান অঞ্চলত মহাবাহু ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া অব্যাহত থকাৰ মাজতে একাংশ ভূ-মাফিয়াই বৃহত্তৰ সোণতলী অঞ্চলক ধবংসৰ মুখলৈ ঠেলি দিয়াৰ অভিযোগ উত্থাপিত হৈছে ৷ জানিব পৰামতে, সুদীৰ্ঘদিন ধৰি ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া অব্যাহত থকাত সোণতলী মৌজাৰ এলেকাধীন গৰৈমাৰী বিলৰজান অঞ্চলৰ শতাধিক পৰিয়ালৰ ঘৰ-দুৱাৰ, কৃষিভূমি ইতিমধ্যে নদীৰ বুকুত জাহ গৈছে ৷ ইয়াৰোপৰি বৃহত্তৰ অঞ্চলটোৰ কেইবাটাও চৰকাৰী তথা বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ খহনীয়া উটুৱাই লৈ গৈছে ৷ মহাবাহু ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কৱলত পৰি ইতিমধ্যেই গৰৈমাৰী বিলৰজান অঞ্চলৰ বহু পৰিয়ালে দূৰ-দূৰণিলৈ স্থানান্তৰিত হোৱাৰ বিপৰীতে আন বহুতো পৰিয়ালে পলাশবাৰী-গুমী-নগৰবেৰা ই এণ্ড ডি মথাউৰি ওচৰত জুপুৰি সাজি বসবাস কৰিবলৈ বাধ্য হৈছে ৷ দীৰ্ঘদিনৰ পৰাই ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰাত স্থানীয় ৰাইজে বকো সমষ্টিৰ বিধায়িকা তথা চৰকাৰৰ ওচৰত খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই আহিছে যদিও বিধায়িকা তথা চৰকাৰে খহনীয়া প্ৰতিৰোধৰ কোনো ধৰণৰ স্থায়ী ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ মহাবাহু ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ কৱলত পৰি বৃহত্তৰ গৰৈমাৰী বিলৰজান অঞ্চলৰ নৈ পৰীয়া ৰাইজে উজাগৰী নিশা কটাবলৈ বাধ্য হৈ পৰাৰ সময়তে স্থানীয় একাংশ ভূ-মাফিয়াৰ দপদপনিত নৈপৰীয়া ৰাইজৰ উপৰিও বৃহত্তৰ সোণতলী মৌজাবাসীলৈ ভাবুকি কঢ়িয়াই আনিছে৷ উল্লেখ্য যে, স্থানীয় প্ৰশাসনক মেনেজ কৰি বৃহত্তৰ অঞ্চলটোৰ একাংশ দেৱানী-মাতব্বৰ আৰু একাংশ ভূ-মাফিয়াই নদীৰ পাৰৰ মাটি কাটি ট্ৰে”ৰেৰে কঢ়িয়াই দূৰ-দূৰণিত বিক্ৰী কৰি আহিছে দীৰ্ঘদিনৰ পৰাই ৷ ভূ-মাফিয়াই দিনে-নিশা জধে-মধে নদীৰ পাৰৰ মাটি কাটি নিয়াত সম্প্ৰতি নৈপৰীয়া ৰাইজে চৰম হতাশাত ভূগিব লগীয়া হৈছে৷ নৈপৰীয়া ৰাইজে অভিযোগ উত্থাপন কৰা মতে, দীৰ্ঘদিনৰ পৰাই ভূ-মাফিয়াই নদীৰ পাৰৰ মাটি অবৈধভাৱে কাটি নিয়াৰ ফলত মহাবাহু ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া তীব্ৰতৰ হৈছে৷ নৈপৰীয়া ৰাইজে ভূ-মাফিয়া সকলক নদীৰ পাৰৰ মাটি কাটিবলৈ বাধা প্ৰদান কৰি আহিছিল যদিও এক অদৃশ্য শক্তিৰ বাবে ভূ-মাফিয়াই নদীৰ পাৰৰ মাটি কটা অব্যাহত ৰাখিছে ৷ ইয়াৰোপৰি নৈপৰীয়া ৰাইজে স্থানীয় সোণতলী আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত কৰাইছিল যদিও আৰক্ষীয়েও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷ অতি শীঘ্ৰেই নদীৰ পাৰৰ মাটি কটা বন্ধ কৰাৰ লগতে ভূ-মাফিয়া সকলৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ উপৰিও গৰৈমাৰী বিলৰজান অঞ্চলত অব্যাহত থকা ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় ৰাইজে বিভাগীয় কতৃৰ্পক্ষ আৰু চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here