Home অসম বিহু শুভেচ্ছাৰ নামত জাতিক অপমান মেক্স চিমেণ্টৰ : ঢোল নহয় ঢোলক ব্যৱহাৰ...

বিহু শুভেচ্ছাৰ নামত জাতিক অপমান মেক্স চিমেণ্টৰ : ঢোল নহয় ঢোলক ব্যৱহাৰ কৰি বিজ্ঞাপন

406
0

গণ বাৰ্তা,গুৱাহাটী, ৫ এপ্ৰিল: চিমেণ্টৰ মূল্যবৃদ্ধিৰে ৰাইজক মাধমাৰ সোধাই ক্ষান্ত নাথাকিল ৰাজ্যৰ অন্যতম চিমেণ্ট প্ৰতিষ্ঠান৷ অসমৰ আবেগক ব্যৱসায়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিবলৈ পৰিকল্পনা গ্ৰহণ কৰি মেক্স চিমেণ্টে বিহুৰ শুভেচ্চা জনালে ঠিকেই, কিন্তু তাতে লাগিল কেনা৷ বিহুৰ আবেগক লৈ ব্যৱসায়ৰ প্ৰচাৰৰ স্বাৰ্থত মেক্স চিমেণ্টে আৰম্ভ কৰিছিল শুভেচ্ছাৰ বিজ্ঞাপন৷ গুৱাহাটীৰ বিভিন্ন স্থানত মেক্স চিমেণ্টৰ তৰফৰ পৰা ৰঙালী বিহুৰ শুভেচ্চা জ্ঞাপন কৰি আদিল হুছেইন থকা ডাঙৰ ডাঙৰ হৰ্ডিং স্থাপন কৰিছে চিমেণ্ট কোম্পানীটোৱে৷ অসম সন্তান তথা বলিউড হলিউডৰ জ্যেষ্ঠ অভিনেতা আদিল হুছেইনক ব্ৰেণ্ড এম্বেচাদৰ হিচাপে ব্যৱহাৰ কৰি ৰঙালী বিহুৰ শুভেচ্চা জ্ঞাপন কৰিছে মেক্স চিমেণ্টে৷ কিন্তু অসমীয়াৰ আবেগক ব্যৱসায়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰাৰ বাবে পৰিকল্পনা কৰা মেক্স চিমেণ্টৰ বৰমূৰীয়াসকলৰ যে অসমৰ প্ৰতি কোনোধৰণৰ সদ্ভাৱ নাই সেয়া স্পষ্ট হৈ পৰিল বিজ্ঞাপনতে৷ অসমতে ব্যৱসায় কৰি অসমীয়া সংস্কৃতিক জলাঞ্জলি দিবলৈ সামান্যতমো কুণ্ঠাবোধ নকৰিলে মেক্স চিমেণ্ট কতৃৰ্পক্ষই৷ ঠায়ে ঠায়ে বিজ্ঞাপনৰ বাবে হৰ্ডিং সংস্থাপন কৰিলে চিমেণ্ট প্ৰতিষ্ঠানটোৱে৷ হৰ্ডিংখন এতিয়া সকলোৰে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷ বিহুৰ শুভেচ্চাৰ বাবে নিৰ্মাণ কৰা হৰ্ডিংখন হ’ব লাগিছিল অসমীয়া সংস্কৃতিৰ প্ৰতিফলক৷ বাপতি সাহোন ৰঙালী বিহুটিৰ বাবে অসমীয়াৰ আবেগ সুকীয়া৷ হিয়াৰ আমঠু ৰঙালী বিহুটিক লৈ এতিয়া মেক্স চিমেণ্টে কৰিছে ভেঙুচালি৷ চিমেণ্ট কোম্পানীটোৰ তৰফৰ পৰা প্ৰকাশ কৰা হৰ্ডিংসমূহত অসমীয়া ঢোলৰ পৰিৱৰ্তে খোল বা ঢোলক জাতীয় বাদ্য ব্যৱহাৰ কৰা হৈছে৷ লক্ষণীয় যে কলকতীয়া অনাঅসমীয়া প্ৰতিষ্ঠানক বিজ্ঞাপন নিৰ্মাণ কৰিবলৈ দিয়া বাবেই এই ভুলটো হোৱাৰ সম্ভাৱনা আছে যদিও ফটো শ্বুটৰ সময়ত ব্ৰেণ্ড এম্বেচাদৰ হিচাপে থকা আদিল হুছেইনেও নাজানিলে নেকি সেয়া বিহুৰ ঢোল নে খোল, ঢোলক, নাল৷ অসমৰ সংস্কৃতিৰ প্ৰতীক স্বৰূপ বিহুৰ ঢোলটো গামোচাৰে মেৰিওৱা থাকে৷ বিহুৰ বিজ্ঞাপনত কিন্তু দেখা নগ’ল গামোচাৰে মেৰিওৱা ঢোল৷ এনে অৱস্থাত অকল ব্যৱসায়ৰ স্বাৰ্থতেই যে মেক্স চিমেণ্টে বিহুৰ শুভেচ্চা জ্ঞাপনৰ এক কৃত্ৰিম আন্তৰিকতা দেখুৱাইছে সেয়া সুস্পষ্ট হৈ পৰিছে৷ দীৰ্ঘদিন ধৰি ৰাজ্যত ব্যৱসায় কৰি থকা মেক্স চিমেণ্টৰ বৰমূৰীয়াসকলৰ অসমীয়া জাতি-সংস্কৃতিৰ প্ৰতি কিমান ধাৰণা আছে সেয়া এই বিজ্ঞাপনে প্ৰমাণিত কৰিছে৷ উল্লেখ্য যে বিহুৰ ঢোলৰ পৰিৱৰ্তে নাল অথবা খোল লৈ থকা আদিল হুছেইনৰ ফটো সম্বলিত বিহু শুভেচ্চাৰ হৰ্ডিঙৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ পিছত কিছু হৰ্ডিং আঁতৰাই তাৰ ঠাইত নতুন হৰ্ডিং প্ৰকাশ কৰিছে প্ৰতিষ্ঠানটোৱে৷ কিন্তু দ্বিতীয়বাৰো একেই ভুল৷ এইবাৰ অসমীয়া ঢোলৰ পৰিৱৰ্তে ঢোলক৷ অৰ্থাৎ যিকোনো প্ৰকাৰে অসমীয়া সংস্কৃতিক যে বঙালীকৰণ কৰাৰ প্ৰচেষ্টা তাক এৰিব নোখোজে মেক্স চিমেণ্ট কতৃৰ্পক্ষই৷ এনে অৱস্থাত ৰাজ্যবাসীৰ আবেগক ভৰিৰে মোহাৰি দিয়া চিমেণ্ট কোম্পানীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সচেতন মহল৷ শীঘ্ৰে এই হৰ্ডিং আঁতৰাই অসমবাসীৰ আগত আনুষ্ঠানিকভাৱে মেক্স চিমেণ্ট কতৃৰ্পক্ষক ক্ষমা খোজাৰ দাবী জনাইছে সচেতন অসমীয়াই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here