Home স্থানীয় যোৰহাটত জনস্বাস্থ্য কাৰিকৰী বিভাগত কমিচনৰ বজাৰ: ঠিকা বিতৰনৰ নামত ভেঙুচালি

যোৰহাটত জনস্বাস্থ্য কাৰিকৰী বিভাগত কমিচনৰ বজাৰ: ঠিকা বিতৰনৰ নামত ভেঙুচালি

153
0


গণ বাৰ্তা বিশেষ, যোৰহাট, ২৫ নৱেম্বৰ
: জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যোৰহাট সংমণ্ডলৰ অধীনত ৰূপায়ণ হ’বলগীয়া কেন্দ্ৰীয় চৰকাৰৰ জলজীৱন মিছন আঁচনিৰ ঠিকা বিতৰণৰ নামত আৰম্ভ হৈছে এক বিশাল বজাৰ৷ প্ৰায় ৪০০ কোটি টকীয়া আঁচনিৰ ঠিকা বিতৰণক লৈ যোৰহাটত বজাৰ সৃষ্টি কৰাৰ অভিযোগ উত্থাপন হৈছে৷ প্ৰাপ্ত অভিযোগ অনুসৰি, বজাৰখনত জঁপিয়াই পৰিছে বিভাগটোৰ গুৱাহাটীৰ মুখ্য অভিযন্তা কাৰ্যালয়ৰ একাংশ বিষয়াৰ লগতে কেবিনেট মন্ত্ৰীৰ ব্যক্তিগত সচিব, বিধায়ক তথা একাংশ বিজেপি দলৰ পালিনেতা৷ জানিব পৰা মতে, কেন্দ্ৰীয় চৰকাৰৰ এই আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ বাবে যোৱা অক্টোবৰ মাহৰ পৰা ১৪২খন আঁচনিৰ বাবদ ৪০০ কোটি টকা ধাৰ্য কৰা হৈছে৷ ইয়াৰে ১০৬খন বিভিন্ন গাঁৱত আৰু ৩৬খন বিভিন্ন চাহ বাগিচাৰ বাবে মঞ্জুৰ কৰা হৈছে৷ সম্প্ৰতি এই আঁচনিসমূহৰ ঠিকা বিতৰণৰ কাম হৈ আছে আৰু এই বিতৰণতে আৰম্ভ হৈছে কোটি টকীয়া বজাৰখন৷ জানিব পৰা মতে ইয়াৰে ২০০ কোটি টকা এম পেনেলৰ আওতালৈ আনি বিভিন্ন ব্যৱসায়ী আৰু অনভিজ্ঞ ঠিকাদাৰক কামৰ দায়িত্ব চমজাই দিয়াৰ অভিযোগ উঠিছে৷ অতি আ(ৰ্যজনকভাৱে কাহানিও বিভাগীয় কামৰ খবৰ নৰখা ব্যক্তিকো বৃহৎ পৰিমাণৰ কামৰ দায়িত্ব দিয়া হৈছে৷ বিভাগৰ অভিজ্ঞ আৰু দক্ষ ঠিকাদাৰক বঞ্চিত কৰি কেৱল কমিচনৰ স্বাৰ্থত এনে কৰা বুলি দাবী কৰিছে একাংশ ঠিকাদাৰে৷ গুৱাহাটীৰ মুখ্য কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ৰ এনে কাণ্ডত তীব্ৰ প্ৰতিক্ৰিয়া বিৰাজ কৰিছে দীৰ্ঘদিন ধৰি বিভাগৰ কাম কৰি অহা ঠিকাদাৰসকলৰ মাজত৷ এনেদৰে ঠিকা আবKI×ন কৰা ফল ভৱিষ্যতলৈ সাধাৰণ ৰাইজে ভোগ কৰিব লগীয়া হ’ব বুলি দাবী কৰিছে সচেতন মহলে৷ ১৪২খন আঁচনিৰ ৮২খনৰ কামৰ আবন্টন দিয়াৰ পিছত বাকী থকা ৬০খন আঁচনিৰ কাম আবন্টন দিবলৈ উঠিপৰি লাগিছে গুৱাহাটী কাৰ্যালয়৷ প্ৰাপ্ত অভিযোগ অনুসৰি এজন কেবিনেট মন্ত্ৰীৰ ব্যক্তিগত সচিবে ঠিকাদাৰৰ পৰা ৩ শতাংশ কমিচন দাবী কৰিছে৷ ইয়াৰোপৰি জিলাখনৰ কে’বাগৰাকী বিধায়ক আৰু বিজেপি শীৰ্ষ নেতাই বিভাগীয় বিষয়াক এনে বহু ঠিকাদাৰৰ নামৰ তালিকা প্ৰদান কৰি ঠিকা আবKI×নৰ নিৰ্দেশ দিছে৷ এই কাৰ্যত ক্ষুব্ধ হৈ বিভাগীয় ঠিকাদাৰ সন্থাই ৰাজ্যৰ মুখ্যমন্ত্ৰী, জিলা উপায়ুক্ত, বিভাগীয় মন্ত্ৰীলৈ পৃথকে পথকে স্মাৰক-পত্ৰ প্ৰেৰণ কৰিছে যদিও কোনো সুফল পোৱা নাই ঠিকাদাৰসকল৷ যাৰ ফলত দিক্‌বিদিক হেৰুৱাইছে ঠিকাদাৰসকলে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here