Home Main Stories পুনৰ উচ্ছেদৰ নামত গৰৈমাৰীত চলিল প্ৰশাসনৰ বুল্ডজাৰ : বাসস্থানসহ দুই শতাধিক দোকান...

পুনৰ উচ্ছেদৰ নামত গৰৈমাৰীত চলিল প্ৰশাসনৰ বুল্ডজাৰ : বাসস্থানসহ দুই শতাধিক দোকান উচ্ছেদ

186
0

গণ বাৰ্তা, গৰৈমাৰী২৬ নবেম্বৰ :  গৰুখুঁটি, লামডিঙৰ পিছত এইবাৰ গৰৈমাৰীত প্ৰশাসনৰ সাতোৰা।দক্ষিণ কামৰূপৰ গৰৈমাৰীত এইবাৰ তৃতীয় বাৰৰ বাবে চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান। গৰৈমাৰী বজাৰ এলেকাত প্ৰায় দুই শতাধিক দোকানীয়ে অবৈধভাৱে চলাই আছিল দোকান পোহাৰ ৷সেই সুত্ৰে অবৈধ দোকানৰ বিৰুদ্ধে শুক্ৰবাৰে ৰাতিপুৱাৰে পৰা চলিল প্ৰশাসনৰ  বুল্ডজাৰ। গৰৈমাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অৰূপ বিৰকমীয়াই দুবাৰকৈ জাননী জাৰি কৰাৰ পিছতো অবৈধ বেদখলকাৰীয়ে খালি কৰা নাছিল চৰকাৰী ভূমি।গৰৈমাৰী বজাৰ এলেকাৰ পকী পথ বহল কম হোৱাৰ ফলত মাজে সময়ে দুৰ্ঘটনা সংঘটিত হোৱাৰ বাবে প্ৰাশাসনে গৰৈমাৰী বজাৰৰ পথৰ দুয়োকাষৰ অবৈধভাৱে কৰা দোকান-পোহাৰবোৰ এস্কভেটৰৰ জৰিয়তে উচ্ছেদ কৰে৷ পুৱাৰে পৰা অভিযান চলাই দুই শতাধিক দোকান-পোহাৰৰ লগতে বাসগৃহও উচ্ছেদ কৰে৷ উল্লেখ্য যে গৰৈমাৰী বজাৰত যান-জোঁট ৰোধৰ বাবেই প্ৰশাসনে চলালে এই উচ্ছেদ অভিযান৷ আবেলি লৈ চলা উচ্ছেদ অভিযান শান্তিপূৰ্ণভাৱে চলাই যায় যদিও “জনৈক” এগৰাকী শিক্ষক কথমপি ৰক্ষা পৰে নিশ্চিত বিপদৰ পৰা।অৱশ্যে আংশিক ক্ষতি সাধন হয় শিক্ষক গৰাকীৰ মটৰ চাইকেলৰ।স্মৰ্তব্য যে গৰৈমাৰী বজাৰৰ আশে পাশে একাংশ গৰাখহনীয়া লোকে ঘৰ বনাই পৰিয়ালৰ সৈতে বসবাস কৰি আছিল। কিন্ত আজি প্ৰশাসনে উচ্ছেদ চলোৱাৰ পিছত এওলোকে কত থাকিব তাক লৈ চিন্তিত হৈ পৰিছে। অতিশীঘ্ৰেই চৰকাৰৰ ওচৰত পুনৰ সংস্থাপনৰ দাবী জনাইছে ভুক্তভোগী পৰিয়ালে।ইয়াৰোপৰি যি সকল দোকানীৰ দোকান ঘৰ ভাঙি দিয়া হৈছে তেওঁলকেও চিন্তিত হৈ পৰিছে।আজি উচ্ছেদিত ভুমিত পুনৰ দোকান সাজিলে  পৰৱৰ্তী সময়ত উচ্ছেদ চলাৰ লগতে পুনৰ বেদখল হ’লে চক্ৰ বিষয়াই আইনগত ব্যৱস্থা ল’ব বুলি সাংবাদিকক জানিবলৈ দিয়ে।উক্ত উচ্ছেদ কাৰ্যসূচীত গৰৈমাৰী ৰাজহ চক্ৰ বিষয়া, গৰৈমাৰী আৰক্ষীৰ লগতে অৰ্ধ সামৰিক বাহিনীৰ লোকে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতে উচ্ছেদ অভিযান সমাপ্ত কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here