Home অসম মৰিগাঁৱত পৌৰসভাৰ উন্মুক্ত নলাত সোমাল শিশুসহ মহিলা পৌৰসভাৰ কতৃৰ্পক্ষক ধিক্কাৰ চহৰবাসীৰ

মৰিগাঁৱত পৌৰসভাৰ উন্মুক্ত নলাত সোমাল শিশুসহ মহিলা পৌৰসভাৰ কতৃৰ্পক্ষক ধিক্কাৰ চহৰবাসীৰ

101
0


বাবুমণি শৰ্মা, মৰিগাঁও, ২০ জানুৱাৰী: মৰিগাঁও চহৰৰ মাজমজিয়াত থকা পৌৰসভাৰ এটা জৰাজীৰ্ণ কদৰ্যময় উন্মুক্ত নলাত পৰি আজি এগৰাকী মহিলাসহ শিশু আঘাতপ্ৰাপ্ত হোৱা ঘটনাই সমগ্ৰ চহৰখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ঘটনাৰ বিৱৰণী মতে, মৰিগাঁও চহৰৰ মাজমজিয়াত থকা পৌৰসভাৰ এটা উন্মুক্ত অসম্পূৰ্ণ নলাত এগৰাকী মহিলাসহ শিশু হঠাৎ সোমাই যায়৷ পদপথেৰে গৈ থকা অৱস্থাত শিশুসহ মহিলাগৰাকীয়ে অন্যমনস্কভাৱে নলাটোত সোমাই আঘাতপ্ৰাপ্ত হয়৷ স্থানীয় প্ৰত্যক্ষদৰ্শীয়ে তাৎক্ষণিকভাৱে নলাৰ পৰা শিশুসহ মহিলাগৰাকীক উঠাই আনি চিকিৎসাৰ ব্যৱস্থা কৰে৷ তাৎপৰ্যপূৰ্ণ যে মৰিগাঁও পৌৰসভাৰ এলেকাত এনেকুৱাধৰণৰ অসম্পূৰ্ণ নলাত ইয়াৰ পূৰ্বেও বহুকেইজন পথচাৰী আঘাতপ্ৰাপ্ত হোৱাৰ পিছতো পৌৰসভা কতৃৰ্পক্ষই এই নলাসমূহ কোনোধৰণৰ মেৰামতি কৰা পৰিলক্ষিত হোৱা নাই৷ ফলত নিতৌ এনেধৰণৰ ঘটনা চহৰখনত সংঘটিত হৈ আহিছে৷ কুম্ভকৰ্ণ নিদ্ৰাত থকা মৰিগাঁও পৌৰসভা কতৃৰ্পক্ষই এই নলাসমূহ কেতিয়ালৈ নিৰ্মাণ সম্পূৰ্ণ কৰি তুলিব, তাক লৈও সন্দিহান হৈ পৰিছে মৰিগাঁও নগৰবাসী ৰাইজ৷ মৰিগাঁও জিলা উপায়ুক্তক চহৰখনৰ মাজমজিয়াত থকা এই পৰিত্যক্ত নলাসমূহৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰি তুলিবৰ বাবে ৰাইজে দাবী তুলিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here