Home অসম ৰাজ্যসভা: কংগ্ৰেছৰ অংকত আউল , পবিত্ৰ নিৰাপদ , ৰণত নামিব লাগিব ৰণগৌড়া-ৰিপুণ

ৰাজ্যসভা: কংগ্ৰেছৰ অংকত আউল , পবিত্ৰ নিৰাপদ , ৰণত নামিব লাগিব ৰণগৌড়া-ৰিপুণ

412
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২০ মাৰ্চ ঃ ৰাজ্যসভাৰ নিৰ্বাচনক লৈ এতিয়া ৰাজ্যৰ ৰাজনীতি গৰম হৈ পৰিছে৷ অসমত দুখন আসনক লৈ এতিয়া অসমবাসীৰ দৃষ্টি নিবদ্ধ হৈছে৷ দুয়োখন আসনেই শাসকীয় দল বিজেপিয়ে দখল কৰিব বুলি ঘোষণা কৰাক লৈ এতিয়া শংকিত হৈ পৰিছে বিৰোধী দল কংগ্ৰেছ৷ কাৰণ দ্বিতীয়খন আসনত জিকিবলৈ শাসকীয় দলটোৰ হাতত পৰ্যাপ্ত বিধায়ক নাথাকিলেও বিৰোধী দলৰ মাজত দেখা দিয়া মতভেদে এতিয়া শাসকীয় দলক যে সহায় কৰিব সেয়া নিশ্চিত৷ ৰাজ্যসভাত অসমৰ দুখন আসনৰ ভিতৰত দ্বিতীয়খন আসনৰ বাবে যি ৰাজনৈতিক ৰণ বা ঘোঁৰা বিক্ৰীৰ বজাৰ বহিব সেয়া নি(য়কৈ চাবলগীয়া হ’ব৷ ইতিমধ্যে এটা কথা নিশ্চিত হৈছে যে বিজেপি নেতা পৱিত্ৰ মাৰ্ঘেৰিটা ৰাজ্যসভালৈ যোৱাটো খাটাং৷ ইয়াত কাৰোৱেই দ্বিমতো নাই বা দ্বিধাগ্ৰস্ততাও নাই৷ কিয়নো প্ৰথমখন আসনৰ বাবে বিজেপিয়ে তেওঁলোকৰ নিজা প্ৰাৰ্থী পৱিত্ৰ মাৰ্ঘেৰিটাক জয়ী কৰাই নিবলৈ যিমানসংখ্যক ভোটৰ প্ৰয়োজন সিমানখিনি ভোট গেৰুৱা দলটোৰ হাতত মজুত আছে৷ পৱিত্ৰ মাৰ্ঘেৰিটা অনায়াসে জিকিব৷ কাৰণ তেওঁ জয়ী হ’বলৈ লাগে মাত্ৰ ৪২জন বিধায়কৰ ভোট৷ আজিৰ তাৰিখত অসম বিধানসভাত বিজেপিৰ আছে ৬৩গৰাকী৷ নিজৰ দলৰ এইখিনি ভোটৰ পৰাই ৪২টা ভোট পৱিত্ৰ মাৰ্ঘেৰিটাৰ বাবে একপ্ৰকাৰ সংৰক্ষিত৷ একেদৰে বিজেপিৰ মিত্ৰদল অগপৰ আছে জ্ঝগৰাকী বিধায়ক, ইউ পি পি এলৰ আছে জ্জগৰাকী বিধায়ক আৰু শেহতীয়াকৈ বিধানসভাত বিজেপিৰ পক্ষত থাকিম বুলি কৈ গেৰুৱা দলটোৰ সৈতে মিত্ৰতা কৰা বি পি এফৰ আছে ৩গৰাকী বিধায়ক৷ অৰ্থাৎ বিজেপি আৰু মিত্ৰদল মিলি মুঠ বিধায়কৰ সংখ্যা হ’ল ৮২গৰাকী৷ এতিয়া প্ৰশ্নটো হ’ল– বিজেপিৰ মিত্ৰদল ইউ পি পি এলৰ প্ৰাৰ্থী ৰণগৌড়া নাৰ্জাৰী জিকিবলৈ হ’লে প্ৰয়োজন হোৱা ৪২টা ভোট বিজেপি বা মিত্ৰজোঁটৰ হাতলৈ ক’ৰ পৰা আহিব? কাৰণ, প্ৰথম প্ৰাৰ্থী পৱিত্ৰ মাৰ্ঘেৰিটাৰ পক্ষত ৪২গৰাকী বিধায়কে ভোটদান কৰাৰ পিছত দ্বিতীয় পছন্দৰ প্ৰাৰ্থী ৰণগৌড়া নাৰ্জাৰীকো জয়ৰ বাবে লাগিব ৪২টা ভোট৷ তেনেক্ষেত্ৰত কম হৈ থকা দুটা ভোট বিজেপিয়ে কেনেকৈ মেনেজ কৰিব! অংকটো দেখাত জটিল যদিও বিজেপিয়ে যোগ-বিয়োগ, পূৰণ-হৰণ কৰি এই জটিল যেন লগা অংকটোৰ উত্তৰ আগতেই উলিয়াই থৈছে৷ মন্ত্ৰী পীয়ূষ হাজৰিকাই এদিন-দুদিনৰ মূৰে মূৰেই ইংগিত দিয়েই আছে কেনেকৈ দুয়োখন আসনত তেওঁলোক জিকিব৷ আজিৰ তাৰিখত বিজেপিৰ বাবে ব্ৰহ্মাস্ত্ৰস্বৰূপ হ’ল কংগ্ৰেছৰ নিলম্বিত বিধায়ক শশীকান্ত দাস৷ আনজন নিলম্বিত কংগ্ৰেছ বিধায়ক শ্বেৰমান আলী আহমেদক বিজেপিয়ে নিজৰ হিচাপত ৰখা নাই৷ কিন্তু শশীকান্ত দাস নামত কংগ্ৰেছ বিধায়ক হ’লেও ইতিমধ্যে অৱস্থান কৰিছে বিজেপিৰ পক্ষতহে৷ আজি শশীকান্তক মুখ্যমন্ত্ৰীয়ে সাক্ষাৎ কৰাৰ পিছতেই ৰাজনৈতিক সমীকৰণ বদলি হোৱাটো নিশ্চিত হৈ পৰিল৷ গতিকে শশীকান্ত দাসক বিজেপিয়ে নিজৰ পক্ষত ৰখাৰ লগতে ভোটদানৰ দিনা যদি বিৰোধীৰ মাত্ৰ এজনো বিধায়ক অনুপস্থিত থাকে বা বিৰোধীৰ কোনো এজন বিধায়কেও যদি বেলটত ভোটদান কৰোঁতে সামান্যতমো ভুল কৰে তেন্তে ৰণগৌড়া নাৰ্জাৰীৰ জয় নিশ্চিত৷ এতিয়া চাওক, কংগ্ৰেছ প্ৰাৰ্থী ৰিপুণ বৰাৰ পক্ষত থকা ভোটৰ হিচাপলৈ৷ সম্প্ৰতি কংগ্ৰেছৰ নিজা বিধায়ক আছে ২৭গৰাকী [নিলম্বিত হৈ থকা শ্বেৰমান আলী আহমেদ আৰু শশীকান্ত দাসক ধৰি], এ আই ইউ ডি এফৰ আছে ১৫গৰাকী, চি পি এমৰ এগৰাকী আৰু ৰাইজৰ দলৰ এগৰাকী৷ দেখাত বিৰোধীৰ পক্ষত আছে ৪৪টা ভোট৷ অথচ ৰিপুণ বৰাক জিকিবলৈ লাগে ৪২টা ভোট৷ তথাপিও কংগ্ৰেছ বা বিৰোধী আশ্বস্ত হ’ব পৰা নাই৷ আগ্ৰাসী বিজেপিৰ ত্ৰাসত এতিয়া পৰ্যাপ্ত ভোট লগত থকাৰ পিছতো কংগ্ৰেছ কম্পমান৷ যদি এজন বিধায়কো ভোটৰ দিনা অনুপস্থিত থাকে! যদি বিৰোধীৰ কোনো বিধায়কে বেলটত ‘ভুল’ কৰে! যদি ভোটৰ দিনা বিৰোধীৰ কোনো বিধায়ক ‘অসুস্থ’ হৈ পৰে! মুঠতে এটা মুহূৰ্তৰ বাবেও আশ্বস্ত হ’ব পৰা নাই কংগ্ৰেছ দল৷ যি কি নহওক, ৰাজ্যসভাৰ নিৰ্বাচনত ভোটদানৰ পূৰ্বে বিৰোধীৰ বহু বিধায়ক অসুস্থ হৈ হাস্পতালত ভৰ্তি হ’বলগীয়া হোৱাটো একপ্ৰকাৰ নিশ্চিত৷ ভোটদানৰ পৰা বিৰত থাকি শাসকীয় দলটোক পাকে-প্ৰকাৰে সহায় কৰিবলৈ ইতিমধ্যে এআইইউডিএফৰ কেইবাজনো বিধায়কে ৰণনীতি প্ৰস্তুত কৰিছে বুলিও জানিব পৰা গৈছে৷ ৰাজ্যসভাৰ নিৰ্বাচনত ধনৰ বিনিময়ত শাসকীয় দলক ভোটদান কৰাটো এআইইউডিএফ দলত পূৰ্বেও দেখিবলৈ পোৱা গৈছে৷ ধনৰ মোহত অন্ধ এআইইউডিএফৰ বিধায়ক এইবেলি যে ভোটদানৰ পৰা অনুপস্থিত কিম্বা শাসকীয় দলক ভোটদান নকৰিব তাৰ কোনো নি(য়তা দিব নোৱাৰি৷ গতিকে পৱিত্ৰ মাৰ্ঘেৰিটা অনায়াসে ৰাজ্যসভালৈ গ’লেও আচল ৰণখন কিন্তু হ’ব ৰণগৌড়া নাৰ্জাৰী আৰু ৰিপুণ বৰাৰ মাজতহে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here