Home Main Stories দক্ষিণ শালমাৰা জিলাত ভূমি আৱণ্টন কেলেংকাৰী তদানীন্তন উপায়ুক্ত আতিকা চুলতানালৈ চইবুৰৰ আঙুলি:...

দক্ষিণ শালমাৰা জিলাত ভূমি আৱণ্টন কেলেংকাৰী তদানীন্তন উপায়ুক্ত আতিকা চুলতানালৈ চইবুৰৰ আঙুলি: মই কেৱল এজন সদস্যহে

237
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৫ ডিচেম্বৰ : ৰাজপত্ৰিত বিষয়া হৈ নিজৰ পদৰ অপপ্ৰয়োগেৰে কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ গঢ়া চইবুৰ ৰহমানৰ দুৰ্দিন আতৰা নাই। আয়তকৈ অধিক সম্পত্তি থকাৰ অপৰাধত ৩/২০২১ নম্বৰ গোচৰত গ্ৰেপ্তাৰ হোৱাৰ পিছত এটাৰ পিছত এটাকৈ ভয়াৱহ কেলেংকাৰীৰ তথ্য পোহৰলৈ আহিছিল। ৩/২০২১ নম্বৰ গোচৰৰ তদন্তৰ সময়তে দক্ষিণ শালমাৰা-মানকাচৰ জিলাত ৯৪ জনকৈ গাঁওবুঢ়া নিযুক্তিত সংঘটিত কেলেংকাৰীৰ তথ্য পোহৰলৈ আহিছিল, যাৰ বাবে ৫/২০২১ নম্বৰ গোচৰত পুনৰ গ্ৰেপ্তাৰ কৰা হৈছিল। গাঁওবুঢ়া নিযুক্তি ব’ৰ্ডৰ সদস্য সচিব হিচাপে আছিল চইবুৰ ৰহমান। অতিৰিক্ত উপায়ুক্তৰ দায়িত্বত থকা চইবুৰ ৰহমানে তেতিয়াৰ ৰাজহ চক্ৰ বিষয়া বিক্ৰমাদিত্য বৰা আৰু ইলিয়াছ আহমেদৰ সহযোগত কেলেংকাৰী সংঘটিত কৰিছিল। এই কেলেংকাৰীত প্ৰাৰ্থীৰ পৰা ৭-১০ লাখ টকাকৈ ধন সংগ্ৰহ কৰা হৈছিল। এই ধন সংগ্ৰহৰ ক্ষেত্ৰত লাটমণ্ডলে কালেক্সন এজেণ্ট হিচাপে কাম কৰিছিল। দক্ষিণ শালমাৰা ৰাজহ চক্ৰৰ লাটমণ্ডল নুৰুল ইছলাম, নুৰ আলম, চামছুদ্দিন আহমেদ, নুৰুল শ্বেখৰ লগতে মুখ্য গাণনিক ক্ষীতিশ ৰয় জড়িত আছিল। আনহাতে মানকাচৰ ৰাজহ চক্ৰটো অনুৰূপ কেলেংকাৰী সংঘটিত কৰা হৈছিল। মানকাচৰ ৰাজহ চক্ৰৰ লাটমণ্ডল জেহেৰুল ইছলাম, চামচুল হক, মতলেব মণ্ডলেও হাত উজান দিছিল কেলেংকাৰীত। ইপিনে গাঁওবুঢ়া কেলেংকাৰীত জড়িত থকাৰ সন্দেহত তেতিয়াৰ উপায়ুক্ত তথা বৰ্তমানৰ সংখ্যালঘু উন্নয়ন বিভাগৰ সচিব আতিকা চুলতানাক তলব কৰিছিল মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই। আতিকা চুলতানাই উক্ত কেলেংকাৰীত  জড়িত নহয় বুলি সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ কৰিছিল যদিও শেহতীয়াকৈ আন এক গোচৰৰ সৈতে সাঙোৰ খাই পৰিছে আতিকা চুলতানাৰ নাম। কেঁচু খান্দোতে সাপ ওলোৱাৰ দৰে গাঁওবুঢ়া নিযুক্তি কেলেংকাৰীৰ তদন্তৰ বাবে দক্ষিণ শালমাৰা-মানকাচৰ জিলাত তিনিদিন ধৰি চৰজমিন তদন্ত চলাইছিল মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই। এই তদন্তৰ সময়তে পোহৰলৈ আহিছিল দক্ষিণ শালমাৰা-মানকাচৰ জিলাত ভূমি আৱণ্টনত সংঘটিত ভয়াৱহ কেলেংকাৰী। ইতিমধ্যে মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই ভূমি কেলেংকাৰী সন্দৰ্ভত ৭/২০২১ নম্বৰত গোচৰ ৰুজু কৰি চইবুৰ ৰহমানক পুনৰ জেৰা চলায়। জেৰাৰ সময়ত এটাৰ পিছত এটাকৈ বিস্ফোৰক স্বীকাৰোক্তি দিয়ে চইবুৰ ৰহমানে। সমগ্ৰ অভিযোগ স্বীকাৰ কৰি জেৰাৰ সময়ত আৰক্ষীৰ ভৰিত ধৰি ক্ষমা খোজাৰ চেষ্টা চলাই এসময়ৰ দুৰ্নীতিৰ চৰ্দাৰ চইবুৰ ৰহমানে। ইপিনে, আৰক্ষীক দিয়া স্বীকাৰোক্তিৰ সময়ত ভূমি কেলেংকাৰী সন্দৰ্ভত আন কেতবোৰ বিস্ফোৰক স্বীকাৰোক্তি দিয়া বুলি জানিব পৰা গৈছে। উল্লেখ্য যে দক্ষিণ শালমাৰা-মানকাচৰ জিলাত ভূমি আৱণ্টনৰ সময়ত কেলেংকাৰী সংঘটিত কৰিছিল চইবুৰ ৰহমানে। কিন্তু অতিৰিক্ত উপায়ুক্ত হিচাপে কেলেংকাৰী সংঘটিত কৰিবলৈ কেনেকৈ সাহস পালে বুলি প্ৰশ্ন উত্থাপিত হৈছে। ইয়াৰ অন্তৰালত তদানীন্তন উপায়ুক্তৰ সহযোগিতা থকাৰ অভিযোগ উত্থাপিত হৈছিল। উল্লেখ্য যে চৰকাৰী ভূমি আৱণ্টনৰ বাবে আবেদনকাৰী ভূমিহীন হ’ব লাগে অথবা গৰাখহনীয়া পীড়িত হ’ব লাগে। লগতে ভাৰতীয় নাগৰিক হ’ব লাগে। কিন্তু এই সকলোবোৰ তথ্য চালিজাৰি নোচোৱাকৈ ধনৰ বিনিময়ত নিজ ইচ্ছা অনুসৰি বিভিন্ন পৰিমাণৰ ভূমি আৱণ্টন কৰিছিল চইবুৰ ৰহমানে। এক কঠাৰ পৰা তিনি বিঘালৈ ভূমি আৱণ্টন কৰিছিল চইবুৰে। ইপিনে আজি ৭/২০২১ নম্বৰ গোচৰত পুনৰ বিশেষ আদালতত হাজিৰ কৰোৱা হয় চইবুৰ ৰহমানক। আদালতত অনাৰ সময়ত সাংবাদিকক উদ্দেশ্যি চইবুৰ ৰহমানৰ ভাষ্য আছিল— মই এজন সদস্যহে, মই সকলোবোৰ চোৱা নাছিলো। অৰ্থাৎ এই সকলো কেলেংকাৰী সংঘটিত হোৱা বৰ্ডসমূহত সদস্যহে আছিল চইবুৰ ৰহমান। তেনে অৱস্থাত অকল সদস্য এজনেই ইমান বৃহৎ কেলেংকাৰী সংঘটিত কৰিব নোৱাৰে। যদিহে ইয়াত বৰমূৰীয়াৰ হাত নাথাকে। এনে অৱস্থাত তদানীন্তন উপায়ুক্তই ভূমি আৱণ্টন বৰ্ড আৰু নিযুক্তি বৰ্ডৰ অধ্যক্ষা হিচাপে থকাত পোনে পোনে চইবুৰ ৰহমানৰ আঙুলি আতিকা চুলতানাৰ ওপৰত। এনে অৱস্থাত অসুস্থতাৰ দোহাই দি গ্ৰেপ্তাৰৰ পৰা হাত সাৰি থকা আই এ এছ বিষয়া আতিকা চুলতানা যে শীঘ্ৰেই ভূমি কেলেংকাৰী সন্দৰ্ভত তদাৰকী শাখাৰ জেৰাৰ সন্মুখীন হ’ব লাগিব সেয়া একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে। 

LEAVE A REPLY

Please enter your comment!
Please enter your name here