গণ বাৰ্তা, ইটাখোলা, ১৯ জুনঃ একবিংশ শতিকাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ চৰম উৎকৰ্ষ সাধনৰ দিনতো অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত এনে কিছুমান অঞ্চল আছে যিবোৰ এতিয়াও আধুনিক বাট পথেৰে সংযুক্ত হৈ উঠা নাই। অনগ্ৰসৰ সেই গাঁও-বস্তিবোৰৰ পৰা গাড়ী মটৰ চলাচল কৰা ঠাইলৈ আহিবৰ বাবে ২০-২৫ কিলোমিটাৰ পথ বাটকুৰি বাব লাগিব। এনেবোৰ ঠাইত কাৰোবাৰ বেমাৰ আজাৰ হ’লে ৰোগীৰ আত্মীয়ই ডাং কোলা কৰি অথবা বাঁহৰ সাঙী নাইবা ঠেলা আদিত বাট পথ থকা মুকলি ঠাই অথবা গাড়ী মটৰ চলাচল কৰা ঠাইলৈ লৈ যাবলগীয়া হয়। অৰুণাচল প্ৰদেশৰ পূৱ কামেং জিলাৰ পিপু ৰাজহ চক্ৰৰ এলেকাধীন “চেংগে” হ’ল এনে এখন গাঁও যি গাঁও আজিলৈকে আধুনিক বাট পথৰ সৈতে সংযুক্ত হৈ উঠা নাই। পাহাৰীয়া ৰাজ্যৰ অত্যন্ত দুৰ্গম অঞ্চলত অৱস্থিত এই গাঁওখনে আজিলৈকে বাট-পথৰ মুখ দেখা নাই। এইখন গাঁৱত কৰোৱাৰ অসুখ বিসুখ হ’লে চিকিৎসাৰ বাবে চেংগে গাঁৱৰ পৰা ৭-৮ ঘন্টা পদযাত্ৰা কৰি বাঁহৰ সাঙীত তুলি বেমাৰীক বোকাৰ গাঁৱত থকা চিকিৎসালয়লৈ আনিবলগীয়া হয়। সেইদৰে কিছুদিন পূৰ্বে উক্ত গাঁও খনৰ বৰ্ষীয়ান গাঁও বুঢ়া তামাং চেগে অসুস্থ হোৱাত পৰিয়ালৰ লগতে গাঁও খনৰ কিছু লোকে এইদৰে বাহঁৰ স্ট্ৰেচাৰ বনাই ৮ ঘণ্টা খোজ কাঢ়ি চিকিৎসালয়লৈ নিয়ে । যদিও চাৰিদিন ধৰি চিকিৎসালয় খনত চিকিৎসাধীন হোৱাৰ পিছত যোৱা কালি ৰাতিপুৱা গাঁও বুঢ়া জনৰ মৃত্যু হয়। পূৰ্বেও গাঁওখনত এনে ঘটনা ঘটি অহাৰ লগতে উল্লিখিত লোকজনৰ এনে মৃত্যুত অঞ্চলটো অনগ্ৰসতাই সূচাইছে সেইহে গাঁওখনৰ এনে এক ঘটনাৰ বাবে বৰ্তমানৰ চৰকাৰখনকে দূষাৰূপ কৰিছে অঞ্চলবাসীয়ে।
