Home অসম শাক-পাচলিৰ বজাৰত মধ্যভোগীৰ দপ্‌দপনি, খাৰুপেটীয়াৰ ৪০ টকাৰ শাক-পাচলি গুৱাহাটীত হয়গৈ ৮০-১০০ টকা

শাক-পাচলিৰ বজাৰত মধ্যভোগীৰ দপ্‌দপনি, খাৰুপেটীয়াৰ ৪০ টকাৰ শাক-পাচলি গুৱাহাটীত হয়গৈ ৮০-১০০ টকা

91
0


ষ্টাফ ৰিপ’ৰ্টাৰ, মঙলদৈ, ১৫ মে’: পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছৰ লগতে সকলো ধৰণৰ নিত্য ব্যৱহাৰ্য সা-সামগ্ৰী আৰু খাদ্য-সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক জুৰুলা কৰাৰ সময়তে শাক-পাচলিৰ অত্যধিক মূল্যবৃদ্ধিয়েও ভূতৰ ওপৰত দানহ পৰাৰ লেখিয়া হৈ পৰিছে৷ শেহতীয়াভাৱে ৰাজ্যখনৰ শাক-পাচলিৰ বজাৰত মধ্যভোগীৰ দপ্‌দপনিয়ে খুচুৰা ব্যৱসায়ী তথা সাধাৰণ গ্ৰাহকক জলাকলা খুওৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ উল্লেখযোগ্য যে অসমৰ ভিতৰতে সৰ্বাধিক শাক-পাচলি উৎপাদন হয় দৰং জিলাৰ খাৰুপেটীয়া, দলগাঁও, বেছিমাৰী আদি অঞ্চলত৷ শাক-পাচলিৰ উৎপাদনৰ প্ৰতি লক্ষ্য ৰাখি খাৰুপেটীয়াৰ বালুগাঁও, ফকিৰপাৰা, বেছিমাৰী আদিকে ধৰি জিলাখনৰ বিভিন্ন অঞ্চলত দীৰ্ঘদিন ধৰি শাক-পাচলিৰ দৈনিক আৰু সাপ্তাহিক বজাৰ অনুষ্ঠিত হৈ আহিছে৷ উল্লেখ্য যে দৰঙত উৎপাদন হোৱা সেউজীয়া তথা সতেজ শাক-পাচলি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যখনৰ বাহিৰলৈও ট্ৰাকে ট্ৰাকে ১৫ানি হৈ আছে৷ কিন্তু পৰিতাপৰ বিষয় যে মূৰৰ ঘাম মাটিত পেলাই শাক-পাচলি উৎপাদন কৰা কৃষকসকলে কিন্তু দীৰ্ঘদিন ধৰি শাক-পাচলিৰ উচিত মূল্য লাভৰ পৰা বঞ্চিত হৈ আহিছে৷ এইক্ষেত্ৰত মধ্যভোগী দালালৰ দপদপনিৰ বাবেই কৃষক সকলে শাক-পাচলিৰ উচিত মূল্য লাভৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ কেতিয়াবা কেতিয়াবা শাক-পাচলি পানীৰ মূল্যত বিক্ৰী কৰিব লগীয়া অৱস্থাৰো উদ্ভৱ হয় ৷ এনে পানীৰ মূল্যৰ বাবে বহু কৃষকে নিজৰ উৎপাদিত শাক-পাচলি গৰু-ছাগলীক খুৱাৱ লগীয়া হোৱাৰ উপৰিও শাক-পাচলি পথৰ ওপৰত পেলাই প্ৰতিবাদ সাব্যস্ত কৰাৰ উদাহৰণো আছে ৷ মধ্যভোগী দালালৰ বাবেই আজি দৰঙৰ খাৰুপেটীয়া, বেছিমাৰীত অতি কম মূল্যত বিক্ৰী হোৱা শাক-পাচলি গুৱাহাটীৰ বজাৰত চৰা দামত বিক্ৰী হৈ আছে৷ শেহতীয়াভাৱে খাৰুপেটীয়াৰ দৈনিক বজাৰত কেইবিধমান শাক-পাচলিৰ পাইকাৰী বজাৰ মূল্য এনেধৰণৰ – প্ৰতিকিলোগ্ৰাম হিচাপত লেচেৰা ২৫-৩০ টকা, তিয়ঁহ ৩০ টকা, ভেন্দী ২৫-৩০ টকা, বেঙেনা ৩০-৪০ টকা, পানীলাউ গোটে ২০-২৫ টকা ইত্যাদি৷ উল্লেখযোগ্য যে আন আন শাক-পাচলিবোৰৰ মূল্য বৰ্তমান খাৰুপেটীয়াৰ বজাৰত ২০১ পৰা সৰ্বাধিক ৪০ টকাৰ ভিতৰতে সীমাবদ্ধ৷ কিন্তু এই শাক-পাচলিৰ মূল্য গুৱাহাটীৰ বজাৰত হয়গৈ নূ্যনতম ৮০ টকাৰ পৰা ১০০ টকা ৷ এই সন্দৰ্ভত একাংশ পাচলিৰ ব্যৱসায়ীয়ে কয় যে কিছুদিন পূৰ্বে শিলাবৃষ্টিৰ বাবে খাৰুপেটীয়াৰ শাক-পাচলিবোৰ নষ্ট হৈ গৈছিল আৰু মূল্য কিছু বৃদ্ধি পাইছিল৷ কিন্তু বৰ্তমান শাক-পাচলিৰ উৎপাদন যথেষ্ট বৃদ্ধি পাইছে, সেয়েহে এতিয়া মূল্যবৃদ্ধি হোৱাৰ প্ৰশ্নই নাহে৷ মধ্যভোগীৰ দপ্‌দপনিৰ বাবেই এনেদৰে খাৰুপেটীয়াৰ কম মূল্যৰ শাক-পাচলি গুৱাহাটীৰ বজাৰত চাৰি-পাঁচ গুণ দৰত বিক্ৰী হৈ থকা বুলি জানিবলৈ দিয়ে একাংশ কৃষকে৷ ইপিনে, অত্যধিক মূল্যবৃদ্ধিৰ আঁৰত কেইবাটাও কাৰণ থকাৰ কথা সদৰী কৰে একাংশ কৃষকে৷ অভিযোগ অনুসৰি খাৰুপেটীয়াৰ পৰা গুৱাহাটীলৈ শাক-পাচলি কঢ়িয়াই নিওঁতে ৰাস্তাত কেইবাঠাইতো ধন ভৰিবলগীয়া হয়৷ ইপিনে, পেট্ৰ’ল-ডিজেলৰ অত্যধিক মূল্যবৃদ্ধিতো আছেই৷ এইক্ষেত্ৰত খাৰুপেটীয়া নিয়ন্ত্ৰিত বজাৰ সমিতিৰ ভূমিকা সন্দৰ্ভতো সমালোচনা কৰে একাংশ কৃষকে৷ একাংশ কৃষকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ৰাস্তাৰ খৰচ নাইবা তেলৰ মূল্যবৃদ্ধিৰ বাবদ ১০-২০ টকা বৃদ্ধি হোৱাটো স্বাভাৱিক যদিও এনেদৰে খাৰুপেটীয়াৰ ৪০ টকাৰ শাক-পাচলিৰ মূল্য গুৱাহাটীত ৮০১ পৰা ১০০ টকা হোৱাটো কোনোকাৰণতেই যুক্তিসংগত নহয়৷ এইক্ষেত্ৰত অসম কৃষি বিপণন পৰিষদ, নিয়ন্ত্ৰিত বজাৰ সমিতি, জিলা প্ৰশাসনৰ নীৰৱ ভূমিকাৰ বাবেও মধ্যভোগীসকলৰ দপ্‌দপনি দিনক দিনে বৃদ্ধি পাইছে বুলি একাংশ কৃষকে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷ ইপিনে, জিলাখনৰ ভিতৰতে একেবিধ শাক-পাচলিৰ মূল্য বেলেগ বেলেগ হোৱা পৰিলক্ষিত হৈছে৷ এইক্ষেত্ৰত কৃষি বিপণন পৰিষদ নতুবা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ নিৰ্লিপ্ত ভূমিকাৰ বাবেই শাক-পাচলিৰ মূল্য নিয়ন্ত্ৰণহীন হৈ পৰা বুলি অভিযোগ উত্থাপিত হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here