Home Main Stories বৰপেটা ভেল্লাৰ কালজাহীৰ ঘটনাক লৈ অসম চিভিল ছ’চাইটিৰ নাগৰিক সভা , সংঘৰ্ষ...

বৰপেটা ভেল্লাৰ কালজাহীৰ ঘটনাক লৈ অসম চিভিল ছ’চাইটিৰ নাগৰিক সভা , সংঘৰ্ষ পুনৰাবৃত্তি নহ’বলৈ দুই ফৈদক আহ্বান সচেতন মহলৰ, জুৱাখেলাক কেন্দ্ৰ কৰি তীব্ৰ সংঘৰ্ষ শীৰ্ষক বাতৰি ‘একপক্ষীয়’

325
0


গণ বাৰ্তা, পালহাজী, ৫ মে’ ঃ
‘‘বৰপেটাৰ ভেল্লাত জুৱা খেলক কেন্দ্ৰ কৰি তীব্ৰ সংঘৰ্ষ’’ শীৰ্ষক বাতৰি আছিল একপক্ষীয়৷ এই কথা আজি ভেল্লাৰ ৰাইজেই প্ৰতিপন্ন কৰিলে৷ বাতৰিত দেখুওৱাধৰণে কোনো খিলঞ্জীয়া সমাজক হাজাৰ হাজাৰ মানুহে ‘আল্লাহু আকবৰ’ ধবনি দি আক্ৰমণ কৰা নাছিল৷ এয়া আছিল দুটা ফৈদৰ মাজৰ কাজিয়া৷ এয়া আছিল এক পৰিয়ালে এখন সমাজক কৰা শোষণ আৰু নাৰীক উপ-পত্নী হিচাপে ব্যৱহাৰ কৰা ক্ষোভৰ বহিপ্ৰৰ্কাশ৷ বিভিন্ন কাকত আৰু ইলেক্ট্ৰ’নিক মাধ্যমত প্ৰকাশ পোৱা বাতৰি দেখা পাই অসম চিভিল ছ’চাইটীৰ সম্পাদক ছাহজাহান তালুকদাৰ, ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ’চাইটীৰ উপ-সভাপতি ইমৰান হুছেইন খন্দকাৰ, খিলঞ্জীয়া অসমীয়া উন্নয়ন পৰিষদৰ হৈ কাৰ্যকৰী সভাপতি আৰু সম্পাদকপ্ৰধান ক্ৰমে নুৰ মহম্মদ আলী আৰু তহিদুৰ ৰহমান, ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ আনচাৰ আলী আহমেদ, ভেল্লা যুৱ সমাজ, ভেল্লা নাগৰিক সমাজ আদি লগ হৈ ভেল্লাৰ যুৱ সমাজৰ কাৰ্যালত সমৱেত হয়৷ সমাজসেৱী পোনা চৌধুৰী, হাফিজুৰ ৰহমান আদিকে ধৰি সমৱেত সকলোৱে এই ঘটনাটোক গৰিহণা দিয়ে৷ বাতৰিত দেখুওৱাধৰণে কোনো পূৰ্ববংগীয় মানুহৰ দ্বাৰা খিলঞ্জীয়া সমাজক আক্ৰমণ কৰা হোৱা নাই৷ ভেল্লা অঞ্চলৰ ৰাইজ শান্তিপ্ৰিয় আৰু কোনোপধ্যেই এই ঘটনাটোক পূৰ্ববংগীয় আৰু খিলঞ্জীয়া অসমীয়া সমাজৰ মাজত সংঘাত বুলি মানিব খোজা নাই৷ সমৱেতসকলে দোষীক উপযুক্ত শাস্তি প্ৰদান আৰু আহতসকলৰ প্ৰতি সমবেদনা প্ৰকাশ কৰে৷ সভাৰ শেষত প্ৰতিনিধিবৰ্গই আহতসকলক সাক্ষাৎ কৰে আৰু দুয়োটা ফৈদৰে কথাবিলাক ভাঙি-পাতি শুনে৷ জিন্তু ওজাই দীৰ্ঘসময়ৰে পৰা কালজাহী গাঁৱৰ পৰা বলপূৰ্বক ধনদাবী আৰু নাৰীক কৰা অসামাজিক সম্পৰ্কৰ বাবে ৰাইজে এনেকুৱা বিক্ষিপ্ত ঘটনাৰ সূত্ৰপাত হোৱা বুলি উল্লেখ কৰে৷ ঘটনাৰ বিৱৰণী মতে কালি শিলা সমীপত কালজাহী গাঁৱৰ ডেকাসকলে ঈদ উপলক্ষে ক্ৰিকেট খেল খেলি আছিল৷ হঠাতে কাষৰ গাঁৱৰ জিণ্টু ওজাই জ্জ্বয১০জনীয়া দল এটি লৈ আহি খেল বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে৷ নহ’লে ৫০ হাজাৰ টকা দিব লাগিব বুলি উল্লেখ কৰে৷ উপায়ান্তৰ হৈ ডেকাসকলে খেল বন্ধ কৰে৷ তেনেতে জিণ্টু ওজাই গৰু-ছাগলীবোৰ লৈ যাবলৈ ধৰে৷ খেলি থকা ল’ৰাকেইটাই বাধা দিয়াত জিণ্টু ওজাই ডেগাৰেৰে জেহেৰুল ইছলামৰ মূৰত হানি দিয়ে৷ লগে লগে হুলস্থূলৰ সৃষ্টি হয়৷ জিণ্টু ওজাৰ বাহিনীৰ লগত কালজাহী গাঁৱৰ মানুহৰ লগত হতাহতি হৈ দুয়োপক্ষৰে ভালেসংখ্যক লোক আঘাতপ্ৰাপ্ত হয়৷ কিছুমানক বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাৰ বাবে লৈ যোৱা হয়৷ পুলিচ বাহিনী আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়৷ ইতিমধ্যে দুয়োটা পক্ষই বৰপেটা সদৰ থানাত কেছ ৰুজু কৰিছে৷ উল্লেখ থাকে যে অভিযুক্ত জিণ্টু ওজাই বহুদিনৰে পৰা কালজাহী গাঁৱত প্ৰত্যেক ঘৰে ঘৰে ধনদাবী কৰি আহিছে৷ ভুক্তভোগীসকলে আজি গুৱাহাটীৰ পৰা অহা অহা অসম চিভিল ছ’চাইটী আৰু ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ’চাইটীৰ আগত ১০ বছৰীয়া নিৰ্যাতনৰ কথা বিশদ বিৱৰি উল্লেখ কৰে৷ নাজমা বেগম নামৰ স্বামীৰ পৰা বেলেগ হোৱা মহিলা এগৰাকীক চাৰি-পাঁচবছৰে উপ-পত্নী হিচাপে ব্যৱহাৰ কৰি আছে৷ কালজাহী সমাজৰ কোনো মানুহেই এই কামত বাধা দিব পৰা নাই৷ ডাবি-ধম্‌কিৰে সকলোৰে মুখ বন্ধ কৰি থয়৷ কালজাহী গাঁৱৰ আটাইকেইটা পৰিয়াল হৈছে ব্ৰহ্মপুত্ৰ নদীৰ দ্বাৰা খহনীয়াত আক্ৰান্ত৷ অতিকৈ দৰিদ্ৰ আৰু দিনহাজিৰা কৰি পেট প্ৰৱৰ্তন কৰা লোক হোৱাৰ বাবে একো প্ৰতিবাদ কৰিব নোৱাৰে৷ সঁজাতী দলটোৰ আগত চাৰি-পাঁচগৰাকী মহিলা আৰু ধন দিয়া ব্যক্তিয়ে অভিযোগ কৰে৷ খিলঞ্জীয়া অসমীয়া উন্নয়ন পৰিষদৰ তহিদুৰ ৰহমানে ঘটনাবোৰ শুনি আ(ৰ্য প্ৰকাশ কৰে৷ সাংবাদিকে ভুক্তভোগীসকলক পুলিচ প্ৰশাসনক আগৰ ঘটনা কোৱা হৈছিল নেকি প্ৰশ্ন কৰাত পুলিচ প্ৰশাসনে কোনো বিহিত ব্যৱস্থা লোৱা নাই বুলি কয়৷ কালিৰ ঘটনাৰ পিছত বৰ্তমানলৈকে আৰক্ষীয়ে পহৰা দিয়া সাংবাদিকসকলৰ দৃষ্টিগোচৰ হয়৷ অনাগত দিনত যাতে এনেকুৱা অসামাজিক আৰু সমাজক লজ্জিত কৰা ঘটনাৰ পুনৰাবৃত্তি নহয় তালৈকে লক্ষ্য ৰাখিবৰ বাবে আনচাৰ আলী আহমেদে সকলোকে আহ৩ান জনায়৷ ভেল্লাৰ কালজাহী ৰিজাৰ্ভত সাধাৰণ ক্ৰিকেট খেলাকলৈ দুই ফৈদৰ মাজত সংঘটিত হৈছিল মৰপিটৰ ঘটনা
দিদাৰ হুছেইন, হাউলী ঃ বৰপেটাৰ ভেল্লাৰ কালজাহী ৰিজাৰ্ভত বুধবাৰে দিনৰ ১১ বজাত দুই ফৈদৰ মাজত হোৱা সংঘৰ্ষৰ ঘটনা সন্দৰ্ভত আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে হাউলী প্ৰেছ ক্লাবত আবেলি চ্ছ্ৰ বজাত এখন সংবাদ মেলৰ আয়োজন কৰে৷ আমছুৰ এটি সঁজাতী দলে আজি ঘটনাস্থলী পৰিদৰ্শন কৰাৰ পিছতে হাউলীত সভাপতি ৰেজাউল কৰিম সৰকাৰে সংবাদ মেল সম্বোধন কৰে৷ সাধাৰণ ক্ৰিকেট খেলক লৈ দুই ফৈদৰ মাজত সংঘটিত হৈছিল মাৰপিটৰ ঘটনা৷ এয়া ব্যক্তিগত ঘটনা বুলি সংবাদ মেলত উল্লেখ কৰে ৰেজাউল কৰিমে৷ একাংশ সংবাদ মাধ্যমে এই ঘটনাক গৰিয়া মুছলমান আৰু বংগীয় মূলৰ মুছলমানৰ মাজত সংঘাত বুলি প্ৰচাৰ কৰি গোষ্ঠীগত সংঘৰ্ষ লগোৱাৰ অপচেষ্টা চলোৱা বুলি উল্লেখ কৰে আমছুৰ সভাপতিগৰাকীয়ে৷ একাংশ দল-সংগঠনে এই ঘটনাক সাম্প্ৰদায়িক ৰূপ দিয়াৰ চেষ্টাক আমছুৰ সভাপতি সৰকাৰে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে৷ দুয়োটা ফৈদৰ লোকসকলক সংযত হৈ থাকিবলৈ আহ৩ান জনায় সভাপতি সৰকাৰে৷ ইফালে, বৰপেটাৰ আৰক্ষী অধীক্ষকক ঘটনাৰ প্ৰকৃত কাৰণ নিৰপেক্ষ তদন্ত কৰি দোষীক উপযুক্ত শাস্তি প্ৰদানৰ দাবী জনায় আমছুৰ সভাপতিগৰাকীয়ে৷ উক্ত সংবাদ মেলত আমছুৰ উপ-সভাপতি আবুল হোছেইন, বৰপেটা জিলা সমিতিৰ সভাপতি আব্দুল জুব্বাৰ আলীয়ে উপস্থিত থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here