Home সম্পাদকীয় ছাত্ৰ ৰাজনীতি কোন দিশত ?

ছাত্ৰ ৰাজনীতি কোন দিশত ?

390
0

আনিছুৰ ৰহমান, ২৯ মাৰ্চ: দেশৰ ৰাষ্ট্ৰীয় বা আঞ্চলিক ৰাজনৈতিক দল সূমহত সংযোজন হৈ আছে একো একোটা ছাত্ৰ সংগঠন। ৰাজনৈতিক দলৰ আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ ছাত্ৰসকলে এই সংগঠনবোৰত জড়িত হয় বুলি দাবী কৰা হয়। কিন্ত বৰ্তমানৰ ৰাজনৈতিক প্ৰেক্ষাপটত ছাত্ৰ সংগঠনবোৰক সম্পূৰ্ণ ৰাজনৈতিক উদ্দেশ্য পূৰনত ব্যৱহাৰ কৰা হয়। বৃহৎ ৰাজনৈতিক দলৰ সতে জড়িত ছাত্ৰ সংগঠনবোৰ ৰাজনৈতিক অপসংস্কৃতিত মেৰপাকত আৱদ্ধ হৈ পৰিছে। বিভাজনৰ ৰাজনীতি অন্ধভাবে অনুসৰন কৰিব গৈ নিজৰ স্বকীয়তা হেৰুৱাই পেলাইছে। হেৰুৱাইছে অতীতৰ ছাত্ৰ ৰাজনীতিৰ নিকা ভাবমূৰ্তি। দলৰ সতে সম্পৃক্ত হৈ বহু ঠাইত নৈতিকতা হেৰুৱাই পেলাইছে। অৰ্থ আৰু ক্ষমতা সৰ্বস্ব ৰাজনীতিত নিজৰ গুৰুত্ব বৃদ্ধি কৰাৰ বাবে ছাত্ৰ নেতাবোৰে নিজৰ ৰাজনৈতিক দলৰ নেতাৰ ভাষাবোৰ আয়ত্ত কৰি সেইবোৰে আওৰাই আছে। যিটো নেকি এজন ছাত্ৰৰ মূখত শোভা নাপায়। এতিয়াৰ ছাত্ৰ সংগঠনবোৰৰ ৰাজনীতি কোনো দলৰ বাবে সুখকৰ বুলি প্ৰমানিত হোৱা নাই। কাৰন অভিবাৱক ৰাজনৈতিক দলৰ মাজত যিদৰে গণতন্ত্ৰৰ চৰ্চা নাই, অনুৰূপ ধৰনে ছাত্ৰ সংগঠনৰ নেতা সকলৰো গণতন্ত্ৰ চৰ্চাৰ আশে পাশে নাই। তাৰ বাবে বোধহয় ছাত্ৰ ৰাজনীতিৰ লগত জড়িত ছাত্ৰসকল হৈ পৰিছে সুবিধাবাদী, অনুসৰনকাৰী হাতিয়াৰ। ছাত্ৰসংগঠনৰ নেতাবোৰ দলৰ প্ৰতি যিমান দায়বদ্ধশীল তাতকৈ বেছি নিজৰ স্বাৰ্থপূৰনৰ ক্ষেত্ৰত দায়বদ্ধ।বৰ্তমান কেৱল দল নহয়, দেশ তথা জাতি প্ৰায় বন্দী হৈ পৰিছে এই ছাত্ৰসংগঠনবোৰৰ ওচৰত। ছাত্ৰ নেতাসকল যিসকল ভৱিষ্যত ৰাজনৈতিক নেতৃত্বৰ দাবীদাৰ তেওলোক নিজৰ উজ্জল ইতিহাসৰ প্ৰতি তিলমাত্ৰা সচেতন নহয়, তেনেক্ষেত্ৰত জাতিৰ বা দেশৰ ইতিহাস লৈ কিমান সচেতন সহজে অনুমান কৰিব পৰা যায়। ৰাজনৈতিক বাবে সংগঠিত ছাত্ৰ তথা যুৱ সংগঠনবোৰ এতিয়া বিভাজনৰ ৰাজনীতিত এনেদৰে নিমজ্জিত যত নিজস্ব চিন্তা চেতনাৰ কোনো স্থান নাই। হেৰুৱাই পেলাইছে নিজস্বতা। দুখজনক কথা হল দেশৰ ভৱিষ্যত দ্ৰষ্টা তৰুন প্ৰজন্ম যত অনক্যৰ মাজত ঐক্যৰ প্ৰতীক হোৱাৰ কথা সেয়া নকৰি আৰু বিভাজনৰ জন্ম দিছে। ভৰি দিছে অপ সংস্কৃতিত। ভৱিষ্যতৰ ভাৰতবৰ্ষ কেনেকুৱা হব, সেয়া নিৰ্ভৰ কৰিব আমাৰ ছাত্ৰ বা যুৱ প্ৰজন্মৰ মন মানসিকতা আৰু নৈতিক মূল্যবোধৰ ওপৰত।কাৰোবাৰ দ্ধাৰা ব্যৱহৃত হৈ পথভ্ৰষ্ট হলে জাতিৰ ভৱিষ্যত সংকটত পৰিব। তাৰবাবে ৰাজনৈতিক মেৰপাকত নিমজ্জিত ছাত্ৰসকল অৰ্থ সৰ্বস্ব বা ক্ষমতাসৰ্বস্ব ৰাজনীতি বাদ দি নৈতিকতাৰ ভিত্তিত নিজৰ ৰাস্তাত চলা উত্তম। ছাত্ৰ বা যুৱ প্ৰজন্মক সঠিক দিশত আগুৱাই লৈ যোৱাৰ সকলোতকৈ বেছি দায়িত্ব আছে ৰাজনৈতিক দল তথা নেতাসকলৰ। দেশৰ ৰাজনৈতিক অপসংস্কৃতিৰ পৰা ওলাই আহি মুক্তচিন্তা তথা মানৱীয়তাৰে সমাজক গঢ় দিব নোৱাৰিলে এটা জাতি বিকাশিত হব নোৱাৰে। ছাত্ৰই ৰাষ্ট্ৰৰ শক্তি, তেওলোকৰ সঠিক পথত পৰিচালিত কৰিব নোৱাৰিলে তাৰ মাছুল সমগ্ৰ জাতিৰে দিব লাগিব। সেয়ে, নেতিবাচক তথা বিভাজনৰ ৰাজনীতিৰ উৰ্ধত আহিব লাগিব ছাত্ৰ সমাজ। এই নেতিবাচক ৰাজনীতিৰ হাতৰ পৰা ছাত্ৰসমাজক ৰক্ষা কৰিব হলে প্ৰয়োজন সুস্থ ধাৰাৰ ৰাজনীতিৰ। সুস্থ গণতান্ত্ৰিক ৰাজনৈতিক পৰিবেশৰ। আৰু ৰাজনৈতিক নেতাসকলৰ দায়িত্ব তথা কৰ্তব্য হোৱা উচিত তৰুন ছাত্ৰ তথা যুৱ সমাজক ৰাজনীতিৰ স্বাৰ্থত ব্যৱহাৰ নকৰা। সিহতৰ দলীয় ৰাজনীতিৰ উৰ্ধত ৰখা। ৰাজনৈতিক প্ৰভাবৰ পৰা মুক্ত ৰখা। তেতিয়াহে কিছু পৰিমানে হলেও ছাত্ৰ বা যুৱ সমাজ বিপথগামী হোৱাৰ পৰা ৰক্ষা পাব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here