Home স্থানীয় মুকালমুৱাত বীৰ লাচিত বৰফুকন, ৰজনীকান্ত বৰদলৈক সোঁৱৰণ: নলবাৰী জিলা সাংবাদিক সন্থাৰ ন-পুৰণি...

মুকালমুৱাত বীৰ লাচিত বৰফুকন, ৰজনীকান্ত বৰদলৈক সোঁৱৰণ: নলবাৰী জিলা সাংবাদিক সন্থাৰ ন-পুৰণি কাৰ্যনিৰ্বাহকৰ প্ৰাৰম্ভিক সভা

63
0


গণ বাৰ্তা বিশেষ, মুকালমুৱা, ২৪ নৱেম্বৰ : অসমীয়া জাতিৰ বীৰত্বৰ প্ৰতীক বীৰ লাচিত বৰফুকন আৰু অসমৰ উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈক আজি নলবাৰী জিলা সাংবাদিক সন্থাই সুঁৱৰি জিলা সাংবাদিক সন্থাৰ নতুন সমিতিয়ে কাৰ্যভাৰ গ্ৰহণ কৰে৷ নলবাৰী জিলাৰ মুকালমুৱাস্থিত ঐতিহ্যমণ্ডিত ৰঘুনাথ চৌধাৰী উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত নলবাৰী জিলা সাংবাদিক সন্থাৰ ন-পুৰণি কাৰ্যনিৰ্বাহকৰ প্ৰাৰম্ভিক সভাৰ পূৰ্বে বীৰ লাচিত বৰফুকনৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া উদয় শংকৰ দত্তই৷ অসমীয়া জাতিয়ে চিৰদিন চিৰকাল গৌৰৱ কৰিব পৰা বীৰগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে নলবাৰী জিলা সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি ধ্ৰnৱজ্যোতি শৰ্মাই৷ নলবাৰী জিলা সাংবাদিক সন্থাৰ যুটীয়া সাধাৰণ সম্পাদক বসন্ত দাসে আঁতধৰা সোঁৱৰণী অনুষ্ঠানটোত উপন্যাসক সম্ৰাট, জোনাকী যুগৰ সাহিত্যিক, সাংবাদিক ৰজনীকান্ত বৰদলৈৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰে৷ ঔপন্যাসিকগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে বিৰিণা গোষ্ঠী, অসমৰ সভাপতি লীলাধৰ পাঠকে৷ তদুপৰি নলবাৰী জিলাৰ প্ৰথমগৰাকী সাংবাদিক বিহগী কবি ৰঘুনাথ চৌধাৰীৰ প্ৰতিচ্চবিত বন্তি প্ৰজ্বলন কৰে অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক গোবিন্দ কলিতাই, মাল্যাৰ্পণ কৰে নলবাৰী জিলাৰ সাংবাদিক সন্থাৰ নৱনিৰ্বাচিত সভাপতি ৰাজেন ডেকাই ৷ অসম গৌৰৱ তিনিওগৰাকী ব্যক্তিৰ প্ৰতিচ্ছবিত সমূহীয়া পুষ্পাঞ্জলি অনুষ্ঠান মুকলি কৰে বৰক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মানস তালুকদাৰে৷ ৰঘুনাথ চৌধাৰী উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ অস্থায়ী সভাকক্ষত নলবাৰী জিলা সাংবাদিক সন্থাৰ বিদায়ী সভাপতি ধ্ৰnৱজ্যোতি শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত নলবাৰী জিলা সাংবাদিক সন্থাৰ ন-পুৰণি কাৰ্যনিৰ্বাহকৰ প্ৰাৰম্ভিক সভাৰ আৰম্ভণিতে নলবাৰী জিলাৰ কেইবাগৰাকী সাংবাদিকৰ মৃত্যুত তেওঁলোকৰ আত্মাৰ সদ্‌গতি কামনা কৰি এক মিনিট মৌন প্ৰাৰ্থনা কৰে৷ তাৰ পিছত নলবাৰী জিলা সমিতিৰ নৱনিৰ্বাচিত বিষয়ববীয়াসকলক গামোচাৰে আদৰণি জনায়৷ উপন্যাসক সম্ৰাট ৰজনীকান্ত বৰদলৈৰ জন্মদিনৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা ন-পুৰণি কাৰ্যনিৰ্বাহকৰ প্ৰাৰম্ভিক সভাত সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰে ভাষণ প্ৰসংগত ঔপন্যাসিকগৰাকীৰ জীৱন-দৰ্শন আৰু সৃষ্টি সম্পৰ্কে বক্তব্য প্ৰদান কৰে৷ তেখেতে কয় যে ব্ৰিটিছৰ অধীনৰ কৰ্মচাৰী হৈয়ো ৰজনীকান্ত বৰদলৈয়ে এগৰাকী স্বাভিমানী অসমীয়া হিচাপে কাম কৰিছিল৷ আনহাতে, বীৰ লাচিত বৰফুকন কিছুক্ষেত্ৰত উপেক্ষিত হৈ থকা বুলিও আক্ষেপ কৰে নকুল তালুকদাৰে৷ অসমীয়া ভাষাৰ ওপৰত চলি থকা আক্ৰমণ আমি প্ৰতিহত কৰিব লাগিব বুলিও মন্তব্য কৰে নকুল তালুকদাৰে৷ সাংবাদিকসকলক একত্ৰিত হৈ অপশক্তিসমূহৰ বিৰুদ্ধে যুঁজ দিবলৈ আহ৩ান জনায় সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰে৷ সভাত শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে বৰক্ষেত্ৰী ৰাজহ চক্ৰ বিষয়া উদয় শংকৰ দত্ত আৰু অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক গোবিন্দ কলিতাই৷ সভাত গণ অধিকাৰ কাকতৰ সঞ্চালক ছাহজাহান তালুকদাৰ উপস্থিত হৈ শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে৷ ন-পুৰণি কাৰ্যনিৰ্বাহকৰ প্ৰাৰম্ভিক সভাত নলবাৰী জিলা সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি ধ্ৰnৱজ্যোতি শৰ্মাৰ পৰা নৱনিৰ্বাচিত সভাপতি ৰাজেন ডেকাসহ নতুন সমিতিৰ বিষয়ববীয়াই কাৰ্যভাৰ গ্ৰহণ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here