Home Uncategorized তামুলপুৰ জিলাত ১০ হাজাৰ গছপুলি ৰোপণ : উপায়ুক্ত সিমান্ত কুমাৰ দাসৰ দ্বাৰা...

তামুলপুৰ জিলাত ১০ হাজাৰ গছপুলি ৰোপণ : উপায়ুক্ত সিমান্ত কুমাৰ দাসৰ দ্বাৰা শুভাৰম্ভ

232
0

গণ বাৰ্তা, তামুলপুৰ ২৮ ফেব্ৰুৱাৰী:-গছ থাকিলেহে মানুহ বা অন্যান্য জীৱ জন্তু জীয়াই থাকিব।গছ-গছনি ধ্বংসৰ ফলত বৰ্তমান সময়ত গোলকীয় উষ্ণতা বৃদ্ধি পাইছে। ইয়াৰ ফলত প্ৰাকৃতিক ভাৰসাম্যতা হেৰুওৱাৰ উপক্ৰম হৈছে।গোলকীয় উষ্ণতা নিয়ন্ত্ৰণ কৰিবলৈ হলে মানুহে গছ গছনি ৰোপণ কৰিব লাগিব।ইয়াৰ অন্যথাই প্ৰকৃতিলৈ বিপদ নামি আহিব।এই উপদেশ প্ৰদান কৰে তামুলপুৰ জিলা উপায়ুক্ত সীমান্ত কুমাৰ দাসৰ। “আজাদী কি অমৃত মহোৎসৱ”ৰ লগত সংগতি ৰাখি আজি তামুলপুৰ জিলা উপায়ুক্ত সীমান্ত কুমাৰ দাসে তামুলপুৰত ১০ হাজাৰ গছ পুলি ৰোপনৰ কাৰ্যসূচী তামুলপুৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয় চৌহদত  শুভাৰম্ভ কৰে। আজি দিনৰ ১১ বজাত তামুলপুৰ জিলা উপাযুক্তৰ কাৰ্যালয়ত ৭৫ জোপা গছপুলিৰে এই কাৰ্যসূচী ৰূপায়ণ কৰি উপায়ুক্ত সীমান্ত কুমাৰ দাসে কয়, অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসম খনক সেউজীয়া কৰাৰ উদ্দেশ্যে ” আজদী কি অমৃত মহোৎসৱ” ৰ যোগেদি অসমৰ প্ৰতিখন জিলাত ১০ হাজাৰ গছপুলি ৰোপণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে।অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে গ্ৰহন কৰা এই কাৰ্যসূচীৰ জৰিয়তে অসমখন সেউজীয়াময় হব বুলি উপায়ুক্ত গৰাকীয়ে প্ৰকাশ কৰে। আজিৰ এই কাৰ্যসূচীত তামুলপুৰ জিলাৰ অতিৰক্ত উপাযুক্ত ডাঃ বেদাঙ্গ তালুকদাৰ, সহকাৰী আযুক্ত প্ৰীতম ঠাকুৰীয়া, বিভাস পাঠকৰ লগতে তামুলপুৰ জিলাৰ উপাযুক্ত কৰ্যালয়ৰ কৰ্মচাৰী সকল উপস্থিত থাকে।ইপিনে,তামুলপুৰ জিলাৰ উপাযুক্ত গৰাকীয়ে জানিব দিয়ে যে, তামুলপুৰ জিলাৰ অধীনৰ বিভিন্ন চৰকাৰী কাৰ্যালয়ৰ লগতে বিদ্যালয়, মহাবিদ্যালয় সমূহতো এই গছ পুলি ৰোপন কৰা হব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here