গণ বাৰ্তা, কলগাছিয়া, ২ মাৰ্চঃ– ৰাজ্যৰ সমাজ কল্যাণ বিভাগৰ পৰা ইতিমধ্যে অভিভক্ত বৰপেটা জিলাত ৩১ খন অঙ্গনবাড়ী কেন্দ্ৰ আদৰ্শ অঙ্গনবাড়ী কেন্দ্ৰ হিচাপে বিবেচিত কৰা হৈছে। তাৰে ভিতৰত ১১ খন বজালী জিলাৰ আৰু ২০ খন হল বৰপেটা জিলাৰ। বৰপেটা জিলাৰ অন্তৰ্গত ১৭৪ নং কান্দাপাৰা অঙ্গনৱাড়ী কেন্দ্ৰটো আদৰ্শ কেন্দ্ৰ হিচাপে ঘোষণা কৰা হৈছে। উল্লেখ্য যে, ইতিমধ্যে আদৰ্শ অঙ্গনৱাড়ী কেন্দ্ৰ হিচাপে বিবেচিত হোৱা অঙ্গনবাড়ী কেন্দ্ৰ সমূহৰ গৃহ নিৰ্মাণৰ বাবে চৰকাৰে ২৫ লাখ টকাকৈ আৱন্টন দিছে। সেয়ে ২৫ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হবলগীয়া ১৭৪ নং কান্দাপাৰা অঙ্গনবাড়ী কেন্দ্ৰৰ গৃহ নিৰ্মাণ কাৰ্য আজি বৰপেটা জিলা সমাজ কল্যাণ বিষয়া নিলেশ্বৰ ৰায়, ৰূপসী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া নবৰত্ন পাটোৱাৰীৰ উপস্থিতিত শুভ উদ্বোধন কৰে বৰপেটা জিলাৰ উপায়ুক্ত তেজ প্ৰসাদ ভুষালে। উক্ত অনুষ্ঠানটিৰ শুভ উদ্বোধনী উপলক্ষে এখন সভা অনুষ্ঠিত হয়। ৰূপসী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া নবৰত্ন পাটোৱাৰীয়ে আত ধৰা অনুষ্ঠানটিত উদ্দেশ্য বাখ্যা কৰে জিলা সমাজ কল্যাণ বিষয়া নিলেশ্বৰ ৰায়ে। উক্ত উদ্বোধনী সভাত ভাষণ প্ৰসংগত জিলা উপায়ুক্ত তেজ প্ৰসাদ ভুষালে, বাল্য বিবাহ, শিশুশ্ৰম আদিৰ ওপৰত গুৰুত্বপূৰ্ণ বক্তব্য ৰখাৰ উপৰিও শৈক্ষিক, সামাজিক ক্ষেত্ৰত পিছ পৰা ঠাইসমূহ উন্নয়নৰ ক্ষেত্ৰত আগুৱাই নিয়াৰ লক্ষ্যৰে এনেকুৱা আঁচনি লোৱা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। ইয়াৰ উপৰিও উক্ত অনুষ্ঠানটোত উপস্থিত হৈ ৭০৫ নং কান্দাপাৰা প্ৰাথমিক বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰী সকলে হাত চাপৰিৰে ব্যতিক্ৰমী ভাবে জনোৱা আদৰণীয়ে তেখেতক আপ্লুত কৰাৰ বাবে বিদ্যালয় কৰ্তৃপক্ষ আৰু কণ কণ ছাত্ৰ-ছাত্ৰী সকলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে উপায়ুক্ত তেজ প্ৰসাদ ভুষালে।