Home Main Stories লামডিঙত অসম কাব্য কাননৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ শুভাৰম্ভনি

লামডিঙত অসম কাব্য কাননৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ শুভাৰম্ভনি

219
0

গণ বাৰ্তা,লামডিং১৬জানুৱাৰী: হোজাই জিলাৰ লামডিঙত অসম কাব্য কাননৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ শুভাৰম্ভনি হয়৷ ২০১৭ চনত চচিয়েল মিডিয়া ফেচবুক মাধ্যমত জন্ম লাভ কৰা অসমৰ অগ্ৰণী কাব্যানুষ্ঠান অসম কাব্য কাননৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ আজি লামডিঙ সমাজবাড়ীত শুভ উদ্বোধন কৰে। হোজাই জিলাৰ লামডিঙত উদ্বোধনী অনুষ্ঠানটো অসম কাব্য কাননৰ কাৰ্যকৰী সভাপতি ড° ৰমেশ কুমাৰ কাকতিয়ে পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰাৰ লগতে  অসম কাব্য কাননৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ উদ্বোধন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক শ্ৰীযুত পদুম ৰাজখোৱাই। ইয়াৰো পৰি কাব্যম প্ৰকাশৰ কেন্দ্ৰীয় কাৰ্যালয় উদ্বোধন কৰে অসম কাব্য কাননৰ সভাপতি ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতীদেৱে আৰু বৰ্ণৰাগ পুথিভঁৰাল উন্মোচন কৰে অসম কাব্য কাননৰ উপদেষ্টা শ্ৰীযুত চন্দন ভাগৱতীয়ে। অসম কাব্য কাননৰ সম্পাদক নৱ ৰাজনে আঁত ধৰা উন্মোচনী সভাখন অসম কাব্য কাননৰ কাৰ্যকৰী সভাপতি ড° ৰমেশ কুমাৰ কাকতিয়ে সভাপতিত্ব কৰে৷ উক্ত অনুষ্ঠানত কবিতা আবৃত্তি কৰে পাৰ্থজিৎ কলিতা, মৃনাল কুমাৰ শৰ্মা, ৰুলি দাস, মন্টু লাল আচাৰ্যী, কৃষ্ণ দৈমাৰী, বিশিষ্ট সাহিত্যিক কে বি নেপালী আৰু শিশু প্ৰয়ান নিৰ্মলীয়াই।উক্ত অনুষ্ঠানত ‘অন্তৰঙ্গ আলাপ’ত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ক্ৰমে প্ৰদীপ চন্দ্ৰ শৰ্মা, পৰিতোষ দাস,ৰূমা চৌধুৰী, মনোৰঞ্জন গোপ, কে বি নেপালী,কৃষ্ণ দৈমাৰী,ভাৰ্গৱ কুমাৰ নাথ,অচ্যুত ঠাকুৰীয়া,আব্দুল জলিল, কামাখ্যা প্ৰসাদ হাজৰিকা,  জয়ন্ত দাস, চিন্ময় দে,পল্লৱী কলিতাকে ধৰি অৰ্ধ শতাধিক ব্যক্তিয়ে অংশগ্ৰহণ কৰে। ‘কাব্যম প্ৰকাশ’ৰ প্ৰকাশক তথা বিশিষ্ট সাহিত্যিক শ্ৰীযুত প্ৰদীপ চন্দ্ৰ শৰ্মাদেৱৰ শলাগৰ শৰাইৰে  সভাখনৰ সফলৰূপে সামৰণি কৰে৷ মুখ্য অতিথি হিচাপে উপস্থিত আছিল লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here