Home Main Stories গোৱালপাৰাৰ চুনাৰী জয়ভূম কামাখ্যাবাৰী হাইস্কুলত দুটাকৈ আছুতীয়া স্মাৰ্ট ক্লাছ ৰুম উদ্ধোধন:

গোৱালপাৰাৰ চুনাৰী জয়ভূম কামাখ্যাবাৰী হাইস্কুলত দুটাকৈ আছুতীয়া স্মাৰ্ট ক্লাছ ৰুম উদ্ধোধন:

32
0

আনিছুল জামান, গোৱালপাৰা, ১৭ মে : গোৱালপাৰা জিলাৰ লক্ষীপুৰ থানাৰ অন্তৰ্গত জয়ভূম কামাখ্যাবাৰী হাইস্কুলত দুটাকৈ আছুতীয়া স্মাৰ্ট ক্লাছ ৰুমৰ আজি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা হয়। ২০১৫-২০১৬ বিত্তীয় বৰ্ষৰ আৰ এম এছ এ ফাণ্ডৰ অধীনত আৰম্ভ কৰা বিদ্যালয় গৃহ নিৰ্মাণৰ কাম প্ৰায় এবছৰ পূর্বে সম্পূৰ্ণ হৈ উঠে যদিও কোভিড-১৯ ৰ বাবে উদ্বোধন কৰা হোৱা নাছিল বুলি জানিব পৰা গৈছে। উদ্বোধন কৰা বিদ্যালয়খনৰ নৱ নিৰ্মিত স্মাৰ্ট ক্লাছ ৰুম দুটাত ছাত্ৰ-ছাত্ৰী সকলক ভিডিঅ প্ৰজেক্টৰৰ সহায়ত শৈক্ষিক পাঠদান দিয়াৰ লগতে দেশ বিদেশৰ বহু প্ৰয়োজনীয় ভিডিঅ দেখুওৱা হব বুলি উল্লেখ কৰে মিৰদান ছছিয়েল ৱেলফেয়াৰ চচাইটিৰ
পৰিচালন সঞ্চালক আব্দুৰ ৰহিম জিব্রানে।প্ৰায় ২১.৮৯ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা এই কোঠালীটো হৈছে বিজ্ঞান আৰু কম্পিউটাৰ গৱেষণাগাৰ। দুয়োটা কোঠা উদ্ধোধন কৰে গোৱালপাৰা জিলা অতিৰিক্ত উপায়ুক্ত জয় শংকৰ শৰ্মাৰ লগতে মুখ্যমন্ত্ৰীৰ প্ৰাক্তন ও এছ ডি প্ৰকাশ কেশ্যাৱে । বিদ্যালয় খনৰ প্ৰধান শিক্ষক মালেক উদ্দিন আহমেদে উদ্দেশ্য ব্যাখা কৰা সভাত
ভাষণ প্ৰসংগত অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে কয় যে বিজ্ঞানৰ যুগত ছাত্ৰ ছাত্ৰী সকলে ন ন বিষয়ত জ্ঞান আহৰণ কৰিবলৈ হলে ডিজিটেল পদ্ধতিৰ শ্ৰেণী কোঠাৰ শিক্ষা লাভ কৰিব লাগিব। কভিড মহামাৰীৰ বাবে দেশৰ শিক্ষা ব্যৱস্থা স্থবিৰ হৈ পৰাত ছাত্ৰ ছাত্ৰীৰ বহু ক্ষতি হলেও সামগ্ৰীক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰৰ সিদ্ধান্তক আকোৱালি লবই লাগিব।
একেদৰে গোৱালপাৰা জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক ছাদুল্লা খানে বিদ্যালয়ত স্মাৰ্ট শ্ৰেণীকোঠা আৰু বিজ্ঞান আৰু কম্পিউটাৰ লেবৰেটৰীৰ প্ৰয়োজনীয়তা সম্পৰ্কে এক চুটি মন্তব্য আগবঢ়ায়। লগতে জিলাবাসী কভিড প্ৰটকল মানি চলিব লাগিব আৰু চৰকাৰী নিৰ্দেশনা মানি চলিলেহে এই কভিড মহামাৰীৰ নিচিনা মহামাৰীক প্ৰতিৰোধ কৰিব পৰা যাব বুলি তেওঁ উল্লেখ কৰে। কভিড প্ৰটকল মানি অনুষ্টুপীয়াকৈ আয়োজিত সভাত লক্ষীপুৰ ৰাজহ চক্ৰ বিষয়া ৰিপনজ্যোতি নাথৰ লগতে কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক তথা বগুৱানৰ সু সন্তান জ্যোতিৰঞ্জন নাথেও উপস্থিত থাকে । উক্ত অনুষ্ঠানত জিলা অতিৰিক্ত আৰক্ষী অধিক্ষক অমিতাভ বসুমতাৰীয়ে উপস্থিত থাকি এছ ও পি ৰ নিয়ম মতে অনুষ্ঠান সামৰণি মাৰাত আগভাগ লোৱা পৰিলক্ষিত হয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here