Home স্থানীয় চিৰাঙত জে জে এমৰ অধীনত খোৱাপানী যোগান আঁচনিৰ উদ্বোধন

চিৰাঙত জে জে এমৰ অধীনত খোৱাপানী যোগান আঁচনিৰ উদ্বোধন

512
0

গণবাৰ্তা ,কাজলগাঁও , ৩১ আগষ্ট : জল জীৱন মিছনৰ অধীনত মংগলবাৰে চিৰাং জিলাৰ ডংচিয়াপাৰা আৰু দেৱৰগাঁৱত খোৱা পানী যোগান আঁচনিৰ শুভ উদ্ধোধন কৰে। বিজনী বিধান সভা সমষ্টিৰ বিধায়ক অজয় কুমাৰ ৰায় আৰু বন, ভূমি আৰু ৰাজহ ক্ষেত্ৰৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে আনুষ্ঠানিকভাৱে এই আঁচনিৰ উদ্বোধন কৰে ।অনুষ্ঠানটোৰ জৰিয়তে বিজনী মহকুমাত মুঠ ১২৫ টা  আৰু দেৱৰগাঁওত ৭৫ টা খোৱা পানীৰ টেপ এই আঁচনিৰ অধীনত হিতাধিকাৰীসকলক হস্তান্তৰ কৰা হয় ।কোকৰাঝাৰ সংমণ্ডল-২ আৰু বিজনী মহকুমাত পৃথকে অনুষ্ঠিত কাৰ্যসূচীসমূহত সহকাৰী কাৰ্যবাহী অভিযন্তা ৰূপেশ্বৰ ব্ৰহ্ম আৰু বদৰুজ জামানে জে জে এমৰ উদ্দেশ্য সম্পৰ্কে সমবেত লোকসকলক অৱগত কৰে আৰু   চিৰাং জিলাত জে জে এমৰ ৰূপায়ণ পৰিকল্পনাৰ বিষয়ে আলোকপাত কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here