Home ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ফেক নিউজ-উৰাবাতৰিৰ ঘটনা ২১৪ শতাংশলৈ বৃদ্ধি ভাৰতত: ২০২০ত ফেক নিউজৰ ঘটনা ১,৫২৭...

ফেক নিউজ-উৰাবাতৰিৰ ঘটনা ২১৪ শতাংশলৈ বৃদ্ধি ভাৰতত: ২০২০ত ফেক নিউজৰ ঘটনা ১,৫২৭ টালৈ বৃদ্ধি

82
0


নতুন দিল্লী, ১৮ ছেপ্তেম্বৰ : ভাৰতত ক্ৰমবৰ্ধমান হাৰত ফেক নিউজ আৰু উৰাবাতৰিৰ ঘটনা বৃদ্ধি পাবলৈ ধৰিছে। ১৩০ কোটি জনতাৰ দেশ ভাৰতত দ্ৰুত হাৰত ফেক নিউজ আৰু উৰাবাতৰিৰ ঘটনা বৃদ্ধি পাবলৈ ধৰাটো এক উদ্বেগজনক বিষয় হৈ পৰিছে। ২০১৯ত ফেক নিউজৰ ঘটনা ৪৮৬টাৰ বিপৰীতে ২০২০ত ২১৪ শতাংশ বৃদ্ধি পাই ইয়াৰ সংখ্যা ১,৫২৭টা হয়গৈ। ২০১৮ত ইয়াৰ সংখ্যা আছিল ২৮০টা। নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰ’ৰ শেহতীয়া প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে। তেওঁলোকৰ প্ৰতিবেদন অনুসৰি ফেক নিউজ আৰু উৰাবাতৰিৰ ঘটনাৰ ক্ষেত্ৰত ৰাজ্যৰ তালিকাত শীৰ্ষস্থানত আছে তেলেংগানা, য’ত ২০২০ত ২৭৩টা এনে ঘটনা সংঘটিত হয়। দ্বিতীয় স্থানত থকা তামিলনাডুত ১৮৮টা আৰু তৃতীয় স্থানত থকা উত্তৰ প্ৰদেশত ১৬৬টা এনে ঘটনা সংঘটিত হয়। চহৰ অঞ্চলৰ ক্ষেত্ৰত হায়দৰাবাদত সৰ্বাধিক ২০৮টা এনে ঘটনা সংঘটিত হোৱাৰ বিপৰীতে চেন্নাইত ৪২টা আৰু দিল্লীত ৩০টা ঘটনা সংঘটিত হয়। উল্লেখ্য যে কোৰোনা মহামাৰীৰ প্ৰথম লহৰৰ সময়ছোৱাত দেশত ব্যাপক হাৰত ফেক নিউজ আৰু উৰাবাতৰি প্ৰচাৰ হ’বলৈ ধৰিছিল। ইয়াৰ ফলত ক’ভিড নিয়ন্ত্ৰণৰ ক্ষেত্ৰত প্ৰত্যাহবান আহি পৰিছিল। এটা বিশেষ সম্প্ৰদায়ৰ লোকক কোৰোনা ভাইৰাছৰ বাবে জগৰীয়া কৰিবলৈ ধৰিছিল। আই পি চিৰ ধাৰা ৫০৫ৰ অধীনত ফেক নিউজ প্ৰচাৰ কৰাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি অহা হৈছে। ছাইবাৰ অপৰাধৰ সংখ্যাত যদি দৃষ্টি দিয়া হয়, তেন্তে ২০২০ত ৫০,০৩৫টা গোচৰ পঞ্জীয়ন হৈছিল। যি ২০১৯ৰ তুলনাত ১১.৮ শতাংশ অধিক আছিল। এন চি আৰ বিৰ তথ্য অনুসৰি দেশত ছাইবাৰ অপৰাধৰ হাৰ (প্ৰতি এক লাখ জনসংখ্যাৰ ভিতৰত এটা ঘটনা) ২০১৯ত ৩.৩ণ বৃদ্ধি পায় ৩.৭ শতাংশ হয়গৈ। তথ্য অনুসৰি ২০১৯ত ছাইবাৰ অপৰাধৰ মুঠ সংখ্যা আছিল ৪৪,৭৩৫টা। আনহাতে, ২০১৮ত ইয়াৰ সংখ্যা আছিল ২৭,২৪৮টা। এন চি আৰ বিৰ তথ্য অনুসৰি ২০২০ত অনলাইন বেংকিং প্ৰৱঞ্চনাৰ ঘটনা ৪,০৪৭টা সংঘটিত হয়। অ’ টি পি প্ৰৱঞ্চনাৰ ঘটনা ১,০৯৩টা, ক্ৰেডিট-ডেভিড কাৰ্ড প্ৰৱঞ্চনা ১,১৯৪টা আৰু এ টি এমৰ সৈতে জড়িত প্ৰৱঞ্চনাৰ ঘটনা ২,১৬০টা পঞ্জীয়ন হয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here