Home Main Stories ক্ৰিকেট জ্বৰত আক্ৰান্ত ৰাজধানী , গুৱাহাটীত উপস্থিত ভাৰত-দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট দল

ক্ৰিকেট জ্বৰত আক্ৰান্ত ৰাজধানী , গুৱাহাটীত উপস্থিত ভাৰত-দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট দল

187
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৯ ছেপ্টেম্বৰ ঃ মহানগৰীত ক্ৰিকেট তাৰকা৷ দীঘলীয়া অপেক্ষাৰ অন্তত গুৱাহাটীত পদাৰ্পণ কৰিলে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ খেলুৱৈৰ দলে৷ বৃহস্পতিবাৰে বিয়লি ৪.৩০ বজাত গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয় দল দুটা৷ বিমানবন্দৰৰ পৰাই তিনিখন শীত-তাপ নিয়ন্ত্ৰিত বাছেৰে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ খেলুৱৈসকলক ৰেডিচন ব্লু হোটেললৈ নিয়া হয়৷ খেলুৱৈসকলৰ সুৰক্ষাৰ বাবে বিমানবন্দৰৰ পৰা ৰেডিচন ব্লু হোটেললৈ কট্‌কটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে আৰক্ষীয়ে৷ উল্লেখ্য যে ২ অক্টোবৰত গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত আন্তঃৰাষ্ট্ৰীয় টী-২০ ক্ৰিকেট খেল৷ ৩০ ছেপ্টেম্বৰত দুয়োটা দলে অসম ক্ৰিকেট সন্থাৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুশীলন চলাব৷ বি চি চি আইৰ সম্পাদক জয় শ্বাহে দেওবাৰে অতিথি হিচাপে খেলখন উপভোগ কৰিব৷ ২ অক্টোবৰত গুৱাহাটীত হ’বলগীয়া ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ টী-২০ ক্ৰিকেট খেলৰ বাবে মেচ ৰেফাৰীৰ দায়িত্বত আছে টীম ইণ্ডিয়াৰ প্ৰাক্তন পেচ বলাৰ জভাগল শ্ৰীনাথ৷ খেলখনৰ সফল আয়োজনৰ বাবে ইতিমধ্যে প্ৰস্তুত হৈছে অসম ক্ৰিকেট সন্থা৷ ২ অক্টোবৰত শৃংখলাৰ দ্বিতীয়খন টী-২০ খেল ভাৰত আৰু আলহী দল দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’ব৷ দুয়ো দলৰ খেলুৱৈসকলে থিৰুৱন্তপুৰমৰ পৰা বিশেষ বিমানযোগে গুৱাহাটীত উপস্থিত হয়হি৷ আঢ়ৈ বছৰৰ মূৰত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় টী-২০ খেলখন প্ৰায় ৪১ হাজাৰ দৰ্শকে ষ্টেডিয়ামৰ পৰা প্ৰত্যক্ষ কৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here