Home ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় অক্টোবৰৰ পৰা বিদেশলৈ ক’ভিড ভেকচিন ৰপ্তানি কৰিব ভাৰতে :কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ দাবী অহা...

অক্টোবৰৰ পৰা বিদেশলৈ ক’ভিড ভেকচিন ৰপ্তানি কৰিব ভাৰতে :কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ দাবী অহা ৯০ দিনৰ ভিতৰত দেশত মজুত হ’ব ১০০ কোটি অতিৰিক্ত ভেকচিন

72
0


নতুন দিল্লী, ২০ ছেপ্টেম্বৰ: অক্টোবৰ মাহৰ পৰা কেন্দ্ৰীয় চৰকাৰে ক’ভিড ভেকচিন বিদেশলৈ ৰপ্তানি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মন্দাবিয়াই আজি প্ৰকাশ কৰিছে যে অক্টোবৰৰ পৰা পুনৰ এবাৰ ভাৰতে ক’ভিড ভেকচিন বিদেশলৈ ৰপ্তানি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ক’ভিডৰ দ্বিতীয়টো লহৰৰ পূৰ্বে ভাৰত চৰকাৰে বিশ্বৰ কে’বাখনো দেশলৈ ভেকচিন ৰপ্তানি কৰি আছিল৷ কিন্তু ক’ভিডৰ দ্বিতীয়টো লহৰে ভাৰতত ভয়াৱহতাৰ সৃষ্টি কৰাৰ সময়ছোৱাত বিদেশলৈ ভেকচিন ৰপ্তানি কাৰ্য বন্ধ কৰিছিল কেন্দ্ৰীয় চৰকাৰে৷ বিদেশলৈ ভেকচিন ১৫ানি কৰি থকা কাৰ্যক লৈ প্ৰবল সমালোচনাৰো সন্মুখীন হৈছিল মোদী চৰকাৰ৷ কিয়নো দ্বিতীয়টো লহৰৰ সময়ছোৱাত দেশৰ বৃহৎসংখ্যক লোকে ক’ভিড ভেকচিন লাভৰ পৰা বঞ্চিত হৈ আছিল৷ এনে সময়ছোৱাত দেশৰ নাগৰিকক ভেকচিন দিয়াৰ পৰিৱৰ্তে বিদেশলৈ ১৫ানি কৰি থকা কাৰ্যক লৈ সমালোচনা কৰিছিল বিৰোধীয়ে মোদী চৰকাৰক৷ ইয়াৰ পিছত ভেকচিন ৰপ্তানি কাৰ্য বন্ধ কৰিছিল৷ কিন্তু অক্টোবৰৰ পৰা দ্বিতীয় বাৰলৈ ভেকচিন মৈত্ৰী কাৰ্যসূচী অনুসৰি বিদেশলৈ ক’ভিড ভেকচিন ১৫ানি কৰিব কেন্দ্ৰীয় চৰকাৰে৷ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয় যে বিশ্বৰ সকলো দেশে একত্ৰিতভাৱে ক’ভিডৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে ভেকচিন ৰপ্তানি সিদ্ধান্ত লোৱা হৈছে৷ কিয়নো ভাৰতত ক’ভিডৰ স্থিতি বৰ্তমান স্বাভাৱিক আৰু ভাৰতত পৰ্যাপ্ত পৰিমাণে ভেকচিন উৎপাদন হৈ আছে৷ যাৰ বাবে ভাৰতে আন দেশলৈও ভেকচিন ১৫ানি কৰাৰ বাবে সিদ্ধান্ত লৈছে৷ তেওঁ কয় যে ভাৰতৰ আশী কোটি লোকক কমেও ভেকচিনৰ এপালি দিয়া হৈছে আৰু বিশ কোটিতকৈও অধিক লোকক দুই পালি ভেকচিন দিয়া হৈছে৷ বৰ্তমান দেশত প্ৰতিদিনে এক কোটিতকৈও অধিক লোকক ভেকচিন দি থকা হৈছে৷ যোৱা এঘাৰ দিনত দহ কোটিতকৈও অধিক ভেকচিন দিয়া হৈছে৷ অক্টোবৰত ভাৰতত ত্ৰিশ কোটি ভেকচিন উৎপাদন হ’ব৷ অহা ৯০ দিনত অতিৰিক্তভাৱে এশ কোটি ভেকচিন মজুত হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here