Home ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ শৃংখলাক লৈ ভাৰতীয় দল ঘোষণা

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ শৃংখলাক লৈ ভাৰতীয় দল ঘোষণা

338
0


নতুন দিল্লী, ২২ মে’: আই পি এল শেষ হ’বলৈ মাজত মাত্ৰ আৰু কেইদিনমান বাকী আছে। ইয়াৰ লগে লগে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ভাৰতৰ দিন বোৰ ঘূৰি আহিব। ইফালে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ সমাপ্ত হ’ব আৰু আনহাতে, ক্ৰিকেটৰ আন্তৰ্জাতিক পিটছত টীম ইণ্ডিয়াৰ কাৰ্যপ্ৰণালী প্ৰদৰ্শন কৰা আৰম্ভ হ’ব। ভাৰতীয় দলটোৱে প্ৰথমেই মুখামুখি হ’ব দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে । দক্ষিণ আফ্ৰিকাৰ দলটোৱে ৫ খন খেলৰ টি-২০ শৃংখলাৰ বাবে ভাৰত ভ্ৰমণ কৰিব। তেওঁলোকে এই শৃংখলাটোৰ বাবে তেওঁলোকৰ দল ঘোষণা কৰিছে, কিন্তু ভাৰতীয় দলটো ঘোষণা কৰা হোৱা নাছিল। কিন্তু আজি ভাৰতে তেওঁলোকৰ দল ঘোষণা কৰিছে। আই পি এল ২০২২ ৰ প্লে অফ মেচ আৰম্ভ হোৱাৰ আগতেই, ভাৰতে দক্ষিণ আফ্ৰিকাৰ পৰা টি-২০ শৃংখলা খেলিব পৰা দলটোকো নিশ্চিত কৰিছে। এই শৃংখলাটোৰ বাবে বহুতো খেলুৱৈক বিশ্ৰাম দিয়া হৈছে আৰু কে এল ৰাহুলক অধিনায়ক কৰা হৈছে। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত পাঁচখন খেলৰ টি-২০ শৃংখলা ৯ জুনৰ পৰা আৰম্ভ হ’ব। কিছু ডাঙৰ খেলুৱৈক বিশ্ৰাম দিয়া স্বত্বেও, নিৰ্বাচকসকলে এই শৃংখলাটোৰ বাবে এটা অতি সন্তুলিত দল বাছনি কৰিছে। টীম ইণ্ডিয়াৰ বাছনিত, অভিজ্ঞতা আৰু যুৱ উৎসাহৰ মাজৰ সমন্বয়ৰ বিশেষ যত্ন লোৱা হৈছে। টি-২০ দল – কে এল ৰাহুল (কেপ্টেইন), ৰুতুৰাজ গায়কৱাড়, ঈশান কিষাণ, দীপক হুডা, শ্ৰেয়াছ আয়াৰ, ঋষভ পন্ট (উপ অধিনায়ক) (উইকেটকীপাৰ), দিনেশ কাৰ্তিক (উইকেটকীপাৰ), হাৰ্দিক পাণ্ডিয়া, ভেঙ্কটেশ আয়াৰ, ৱাই চাহল, কুলদীপ যাদৱ, অক্সাৰ পেটেল, আৰ বিষ্ণোই, ভুৱনেশ্বৰ, হৰ্ষল পেটেল, আৰ্বেশ সিং।

LEAVE A REPLY

Please enter your comment!
Please enter your name here