Home Main Stories কমনৱেলথ গেমছত ভাৰতীয় মহিলাই ৰচিলে ইতিহাস : দক্ষিণ আফ্ৰিকাক ১৭-১০ত পৰাস্ত ,...

কমনৱেলথ গেমছত ভাৰতীয় মহিলাই ৰচিলে ইতিহাস : দক্ষিণ আফ্ৰিকাক ১৭-১০ত পৰাস্ত , ল’ন বলত অসম কন্যা নয়নমণি শইকীয়াই আজুৰিলে স্বৰ্ণ

74
0


বাৰ্মিংহাম, ২ আগষ্ট ঃ কমনৱেল্‌থ গেম্‌ছত অসম কন্যা নয়নমণি শইকীয়াই ৰচিছে অভিলেখ৷ নয়নমণি শইকীয়াৰ ল’ন বল দলে ফাইনেলত দক্ষিণ আফ্ৰিকাক ১৭-১০ত পৰাস্ত কৰি স্বৰ্ণপদক আজুৰে৷ এই খবৰ বিয়পি পৰাৰ পিছত সমগ্ৰ দেশৰ লগতে অসমত উলাহৰ ধল বৈছে৷ কিয়নো ২২সংখ্যক কমনৱেল্‌থ গেম্‌ছত অসমৰ খেলুৱৈৰ এইটো প্ৰথমটো পদক৷ উল্লেখ্য যে কালি নয়নমণি শইকীয়াৰ ল’ন বল দলটোৱে নিউজীলেণ্ডক পৰাস্ত কৰি ৰূপৰ পদক নিশ্চিত কৰিছিল৷ ছেমিফাইনেলত নিউজীলেণ্ডক ল’ন বল দলটোৱে ১৯-১৩ত পৰাস্ত কৰি পদক নিশ্চিত কৰাৰ পিছত সকলোৱে আজি সন্ধিয়াৰ সময়ছোৱালৈ অধীৰ আগ্ৰহেৰে বাট চাই ৰৈছিল৷ সকলোৱে আশাৰে বাট চাই লৈছিল যে ভাৰতীয় মহিলা ল’ন বল দলটোৱে আঁজুৰি আনক স্বৰ্ণ পদক৷ সকলোৱে ইয়াৰ বাবে দোৱা-প্ৰাৰ্থনাও কৰিছিল৷ অৱশেষত ভাৰতীয় মহিলা দলটোৱে বাৰ্মিংহাম কমনৱেল্‌থ অভিলেখ ৰচি স্বৰ্ণ পদক আজুৰে৷ আজি ফাইনেল মেচখনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতীয় মহিলা ল’ন বল দলটোৱে অগ্ৰগতি লাভ কৰি আছিল৷ কিন্তু মাজৰ ভাগত দক্ষিণ আফ্ৰিকাও সুন্দৰ প্ৰদৰ্শন দাঙি ধৰিছিল যদিও সফলতা লাভ কৰিব নোৱাৰিলে৷ শেষত ভাৰতীয় মহিলা দলটোৱে তেওঁলোকৰ ধাৰাবাহিক প্ৰদৰ্শন অব্যাহত ৰাখি প্ৰতিদ্বন্দ্বী দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি পদক আঁজুৰি আনে৷ বাৰ্মিংহামৰ কমনৱেলথ গেমছত মহিলাৰ লনবলত ভাৰতীয় দলৰ বৃহৎ জয় ক্ন অসম কন্যা নয়নমণিৰ গৃহভূমি সৰুপথাৰত আনন্দ উল্লাহ
গণ বাৰ্তা, সৰুপথাৰ ঃ গভীৰ আত্মবিশ্বাস, দৃঢ় মনোবল, কঠোৰ সাধনা আৰু জীৱনৰ লক্ষ্য যদি স্থিৰ হয় তেন্তে সকলোৱে জীৱনত নি(য় সফলতা লাভ কৰিব পাৰে৷ সেই কথাকে যেন আজি দ্বিতীয়গৰাকী অসম কন্যা সৰুপথাৰৰ জীয়ৰী নয়নমণি শইকীয়াৰ লগতে ল’ন বল খেলুৱৈ ভাৰতীয় দলৰ নয়নমণিৰ সতীৰ্থসকলে কমনৱেল্‌থ গেম্‌ছ ভিলেজত প্ৰতিপন্ন কৰি দেখুৱালে সমগ্ৰ দেশবাসীক৷ ইংলেণ্ডৰ বাৰ্মিংহামত অনুষ্ঠিত কমনৱেল্‌থ গেম্‌ছত ল’ন বল খেলুৱৈ তথা অসম কন্যা সৰুপথাৰৰ নয়নমণি শইকীয়াৰ লগতে ল’ন বলৰ ভাৰতীয় মহিলাৰ চাৰিজনীয়া দলটিয়ে দলীয় শাখাত প্ৰতিনিধিত্ব কৰি আজি বিয়লিৰ ভাগত অনুষ্ঠিত ফাইনেল খেলত দক্ষিণ আফ্ৰিকাৰ দলটিক পৰাস্ত কৰি অসম তথা সমগ্ৰ ভাৰতবৰ্ষলৈ সুনাম কঢ়িয়াই অনা খবৰে গৃহভূমি সমগ্ৰ ধনশিৰি মহকুমাত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে৷ অসম কন্যা নয়নমণিৰ লগতে নয়নমণিৰ চাৰিজনীয়া দলটিৰ সতীৰ্থসকলৰ খেল উপভোগ কৰিবলৈ আজি পুৱাৰে পৰা সমগ্ৰ ধনশিৰিবাসীয়ে গভীৰ আগ্ৰহেৰে বাট চাই থকাৰ পিছত ফাইনেল খেলৰ ফলাফলত ল’ন বলত ভাৰতীয় মহিলা দলটিৰ জয় নিশ্চিত হোৱাৰ পিছতে এক আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হয়৷ অসম কন্যা নয়নমণিৰ গৃহভূমি ধনশিৰি মহকুমাৰ সৰুপথাৰৰ ৰণং টেঙাহোলা গাঁৱৰ স্বামীগৃহৰ চোতালত আজি বিয়লিৰ ভাগত ৰাজহুৱাভাৱে ৰাইজে টিভি স্কীনত নয়নমণিৰ লগতে দলটিৰ সতীৰ্থসকলৰ খেল উপভোগ কৰি থকাৰ দৃশ্য বহুকেইটা বৈদু্যতিক মাধ্যমৰ নিউজ চেনেলে পোনপটীয়াভাৱে সম্প্ৰচাৰ কৰা পৰিলক্ষিত হয়৷ ল’ন বলত ভাৰতীয় মহিলা দলটিৰ জয়ত সকলোৱে ব’ম ফট্‌কা ফুটুওৱাৰ লগতে আবতৰীয়া বিহু মাৰি আনন্দ-উল্লাস কৰা পৰিলক্ষিত হয়৷ অসম কন্যা নয়নমণি তথা ভাৰতীয় মহিলা ল’ন বল দলটিৰ এই জয়ৰ পিছতে নয়নমণিৰ টেঙাহোলা গাঁৱৰ স্বামীগৃহত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা, ধনশিৰি মহকুমাৰ মহকুমাধিপতি দিনচেংফা বৰুৱা, লগতে বিভিন্ন দল-সংগঠন, বহু শুভাকাংক্ষী উপস্থিত হৈ নয়নমণিৰ পিতৃ-মাতৃৰ লগতে স্বামী ভাস্কৰজ্যোতি গোহাঁই, কন্যা তনয়া আৰু নয়নমণিৰ শাহুমা জ্যোৎস্না ফুকনক অভিনন্দন তথা হিয়া উজাৰি শুভেচ্ছা জ্ঞাপন কৰে৷ বৰ্তমান নয়নমণিৰ টেঙাহোলা গাঁৱৰ স্বামীগৃহত বৰ্তমান বিভিন্ন দল-সংগঠন, শুভাকাংক্ষী ৰাইজৰ সোঁত ব’ব ধৰিছে৷ ইফালে, নয়নমণিৰ শাহুমা জ্যোৎস্না ফুকনে তেখেতৰ বোৱাৰীয়ে দেশলৈ সুনাম কঢ়িয়াই অনা এনে সফলতাত কয়– আজি মোৰ খুবেই ভাল লাগিছে৷ কিমান ভাল লাগিছে তাক হয়তো মই ভাষাৰে বুজাব নোৱাৰিম৷ ২০০৮ চনৰ পৰা কৰি থকা কষ্টৰ ফল আজি মোৰ বোৱাৰী নয়নমণিয়ে পালে৷
খেল উপভোগ কৰিলে নয়নমণিৰ পিতৃ-মাতৃৰ লগতে
বিধায়ক, উপায়ুক্ত, মহকুমাধিপতিয়েও
আজি অসম কন্যা সৰুপথাৰৰ জীয়ৰী নয়নমণিৰ টেঙাহোলাস্থিত স্বামীগৃহৰ চোতালত টিভি ৰাজহুৱাকৈ ৰাইজৰ লগত ল’ন বলৰ ফাইনেল খেল একেলগে উপভোগ কৰিলে নয়নমণিৰ পিতৃ হেমকান্ত শইকীয়া, মাতৃ নিৰদা শইকীয়াৰ লগতে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা, ধনশিৰি মহকুমাৰ মহকুমাধিপতি দিনচেংফা বৰুৱা, বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ স্বৰ্গীয়াৰীয়েও৷ সুদূৰ ইংলেণ্ডৰ বাৰ্মিংহামত অনুষ্ঠিত কমনৱেল্‌থ গেম্‌ছত দেশৰ হৈ প্ৰতিনিধিত্ব কৰি সমগ্ৰ বিশ্বৰ দৰবাৰত নাম উজলোৱা অসম কন্যা নয়নমণিৰ লগতে নয়নমণিৰ চাৰিজনীয়া ল’ন বলৰ মহিলা দলটিৰ এনে সফলতাত বৰ্তমান আনন্দত উৎফুল্ল হৈ পৰিছে দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান তথা সমগ্ৰ ধনশিৰিবাসী৷ বৰ্তমান সমগ্ৰ ধনশিৰি মহকুমাতে এক আনন্দৰ বন্যা ব’ব ধৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here