Home স্থানীয় জাগুনত এন এছ চি এনৰ দুধর্ষ কেদাৰ আটক

জাগুনত এন এছ চি এনৰ দুধর্ষ কেদাৰ আটক

149
0

লেখাপানীৰ পৰা শৰৎ গগৈ, ১৩ জুন : অসম অৰুণাচল সীমান্তত বৰ্তমানেও অব্যাহত আছে উগ্ৰপন্থীৰ বিৰুদ্ধে ভাৰতীয় সেনাৰ তীব্ৰ অভিযান । কভিড আৰু সন্ধ্য আইনৰ সুযোগ লৈ জাগুন অঞ্চলত একাংশ উগ্ৰপন্থী সদস্যই বিচৰণ কাৰ্য্য অব্যাহত ৰখাৰ সন্দেহ কৰি ভাৰতীয় সেনাই অভিযান চলাই আটক কৰিছে এজনৰ পিছত আনজন উগ্ৰপন্থী সদস্য । তেনেস্থলত তিনিচুকীয়া জিলাৰ লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত জাগুন অৰুণাচল বুঢ়ীদিহিং নৈৰ ঘাটত শুক্ৰবাৰে এজন এন এছ চি এনৰ সক্ৰিয় কেডাৰ লেখাপানী স্থিত বেটেলিয়নৰ ভাৰতীয় সেনাই বিশেষ সূত্ৰৰ পম খেদি আটক কৰিবলৈ সক্ষম হয় । আটক কৰা উগ্ৰপন্থী জন বৰডুমচাৰ চেমন পমুং (২৩) বুলি জানিব পৰা গৈছে । আটক কৰা ধৃত কেডাৰ জনৰ পৰা ভাৰতীয় সেনাই ড্ৰাইভিং লাইচেন্স, এখন খুকুৰী, এটা মোবাইল , চিমকাৰ্ড সহ নিচাযুক্ত দ্ৰব্য জব্দ কৰে বুলি ভাৰতীয় সেনাই জানিবলৈ দিয়ে । আটকাধিন কেডাৰজনক লেখাপানী আৰক্ষীক চমজাই দিয়ে যদিও বৰডুমচা আৰক্ষী থানাৰ অন্তৰ্গত নিবাসী হোৱাত পুনৰ লেখাপানী আৰক্ষীয়ে কেডাৰজনক বৰডুমচা আৰক্ষীক চমজাই দিয়ে বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে । বৰ্তমান অসম আৰক্ষীয়ে আটকাধীন কেডাৰ জনক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here