Home Main Stories ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থা অতি প্ৰাচীন আৰু শক্তিশালীঃ গুৱাহাটীত চিপিএৰ সন্মিলনত লোকসভাৰ অধ্যক্ষ...

ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থা অতি প্ৰাচীন আৰু শক্তিশালীঃ গুৱাহাটীত চিপিএৰ সন্মিলনত লোকসভাৰ অধ্যক্ষ ওম বিৰলা

195
0

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৯ এপ্ৰিল ঃ বিশ্বৰ ৪০খন দেশৰ প্ৰতিনিধিৰ অংশগ্ৰহণেৰে আজি পুৱা অসম বিধানসভাত অনুষ্ঠিত হয় কমনৱেলথ পাৰ্লিয়ামেণ্টৰী এছ’চিয়েচন চমুকৈ চিপিএৰ সন্মিলন। উক্ত সন্মিলনখন আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই। প্ৰথমবাৰলৈ অসমত অনুষ্ঠিত হৈছে এই চিপিএৰ বৃহৎ সন্মিলন। অৱশ্যে ৪০খন দেশ কমনৱেল্‌থ পাৰ্লিয়ামেণ্টৰী এছ’চিয়েচনৰ সদস্য হ’লেও আজিৰে পৰা আৰম্ভ হোৱা এই সন্মিলনত ভাগ ল’বলৈ গ্ৰেট বৃটেইন, মালয়েছিয়া, তাঞ্জানিয়া, ঘানাকে ধৰি ১২খন দেশৰ প্ৰতিনিধিহে আহি গুৱাহাটীত উপস্থিত হয়। বাকী আটাইকেইখন দেশে ভাৰ্ছুৱেলী এই সন্মিলনত অংশগ্ৰহণ কৰে। সন্মিলনৰ শুভাৰম্ভণী অনুষ্ঠানক কেন্দ্ৰ কৰি আজি পুৱাৰে পৰা এক উখল-মাখল হৈ পৰে অসম বিধানসভা। বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে নিজেই বিধানসভাৰ প্ৰৱেশদ্বাৰত ৰৈ প্ৰতিগৰাকী অতিথিক আদৰণি জনায়। বিহু আৰু বাগৰুম্বাৰ তালত মুখৰ হৈ পৰে সমগ্ৰ বিধানসভা চৌহদ। অসমীয়া পৰম্পৰা অনুসৰি সন্মিলনৰ উদ্বোধনী অনুষ্ঠানলৈ অহা প্ৰতিগৰাকী বিদেশী প্ৰতিনিধিক আদৰণি জনোৱা হয়। উল্লেখ্য যে আজি আৰু কাইলৈ কমনৱেলথ পাৰ্লিয়ামেণ্টৰী এছ’চিয়েচনৰ এই সন্মিলন অনুষ্ঠিত হ’ব। এই সন্মিলনত উপস্থিত থাকিব ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যৰ বিধানসভাৰ অধ্যক্ষ, উপাধ্যক্ষ আৰু বিধানসভাৰ প্ৰধান সচিবসকল।

উদ্বোধনী অনুষ্ঠানত আদৰণী ভাষণ আগবঢ়াই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৮৫ বছৰ গৰকা অসম বিধানসভাৰ বৰ্ণিল ইতিহাসৰ লগতে অসমৰ আৰ্থ-সামাজিক পটভূমিৰো এক আভাস দাঙি ধৰে বিদেশী ৰাষ্ট্ৰৰ প্ৰতিনিধিসকলৰ সন্মুখত। এয়া অসমৰ বাবে এক ঐতিহাসিক ক্ষণ। সন্মিলন আনুষ্ঠানিকভাৱে উদ্বোধন কৰি লোকসভাৰ অধ্যক্ষ ওম বিৰলাই অসমৰ প্ৰাকৃতিক পৰিৱেশ, কৃষ্টি-সংস্কৃতি, অতিথি পৰায়ণতাৰ ভূয়সী প্ৰশংসা কৰে। তেওঁ ভাষণ প্ৰসংগত কয় যে ভাৰতবৰ্ষৰ গণতান্ত্ৰিক ব্যৱস্থা অতি প্ৰাচীন আৰু শক্তিশালী। বিশ্বৰ ভিতৰতে ভাৰতবৰ্ষৰ গণতান্ত্ৰিক ব্যৱস্থা শক্তিশালী বুলি অভিহিত কৰি তেওঁ কয় যে এইখন দেশত পঞ্চায়তৰ পৰা আৰম্ভ কৰি সংসদীয় ব্যৱস্থালৈকে সকলোৰে পৰিকাঠামো যথেষ্ট মজবুত। তেওঁ লগতে কয় যে ভাৰতীয় সংস্কৃতিত সমগ্ৰ বিশ্বকে এটা পৰিয়াল বুলি ভবা হয়। সেয়েহে ভাৰতে সদায় সমগ্ৰ বিশ্বৰে শান্তি কামনা কৰি আহিছে। বিশ্বৰ গণতান্ত্ৰিক ব্যৱস্থাটোক আৰু অধিক শক্তিশালী কৰি তুলিবলৈ চিপিএ-ই প্ৰয়াস অব্যাহত ৰাখিব বুলিও তেওঁ আশা প্ৰকাশ কৰে। আনহাতে, উদ্বোধনী অনুষ্ঠানৰ শেষত ভাষণ আগবঢ়াই অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিৰে ভৰপূৰ অসমক এখন ক্ষুদ্ৰ বিশ্ব বুলি অভিহিত কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here