গণ বাৰ্তা বিশেষ, ডিফু, ৭ মে’ ঃ অহা জুলাই মাহৰ প্ৰথম ভাগত সামৰণি পৰিব কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ শাসকীয় দলৰ কাৰ্যকাল। সেয়ে সমাগত কাৰ্বি আংলঙৰ স্বায়ত্তশাসিত পৰিষদৰ প্ৰতি লক্ষ্য ৰাখি যথাসময়ত এখন স্বচ্ছ আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ দুদিনীয়া কাৰ্যসূচীলৈ পাহাৰীয়া জিলা কাৰ্বি আংলং ভ্ৰমণত আহিছে ৰাজ্যিক নিৰ্বাচনী আয়ুক্ত অলক কুমাৰ। শুকুৰবাৰে পশ্চিম কাৰ্বি আংলঙৰ উপায়ুক্ত কাৰ্যালয়ত উপায়ুক্ত আৰক্ষী অধীক্ষক আৰু বিভাগীয় বিষয়া-কৰ্মচাৰীৰ সৈতে বৈঠকত মিলিত হোৱাৰ পিছত শনিবাৰে পুৱা প্ৰায় ১১ মান বজাত ডিফু উপায়ুক্ত কাৰ্যালয়ৰ সন্মিলন কক্ষত পুনৰ আন এক বৈঠকত মিলিত হয়।
বৈঠকত কাৰ্বি আংলং জিলাৰ উপায়ুক্ত দিবাকৰ নাথ, আৰক্ষীৰ মধ্য মণ্ডলৰ উপ-মহাপৰিদৰ্শক সত্যৰাজ হাজৰিকা, আৰক্ষী অধীক্ষক পুষ্পৰাজ সিং, জিলা নিৰ্বাচনী বিষয়াকে ধৰি বহুকেইজন বিভাগীয় বিষয়া উপস্থিত থাকে। আয়ুক্তগৰাকীয়ে আগন্তুক কাৰ্বি পৰিষদৰ নিৰ্বাচনকেন্দ্ৰিক সকলো বিষয়ৰ ওপৰত বুজ লয় আয়ুক্তগৰাকীয়ে। স্বচ্ছ আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ বৈঠকত আলোচনা কৰাৰ উপৰিও প্ৰশাসনিক দিশৰ ওপৰতো অধিক গুৰুত্ব প্ৰদান কৰা হয়। বৈঠকৰ অন্তত সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত আয়ুক্তগৰাকীয়ে কয় যে আগন্তুক কাৰ্বি পৰিষদৰ নিৰ্বাচনৰ দিন নিশ্চিত কৰা নাই যদিও বৰ্তমানৰ পৰিষদৰ কাৰ্যকাল যিহেতু ৩ জুলাইতত শেষ হ’ব সেয়ে জুন মাহৰ মাজভাগৰ ভিতৰতে নিৰ্বাচনৰ সকলো কাম সমাপ্ত কৰিব লাগিব বুলি কয়।