Home Main Stories ইন্দোৰ দেশৰ সৰ্বশ্ৰেষ্ঠ পৰিষ্কাৰ নগৰ, গুৱাহাটী দেশৰ অন্যতম লেতেৰা চহৰ

ইন্দোৰ দেশৰ সৰ্বশ্ৰেষ্ঠ পৰিষ্কাৰ নগৰ, গুৱাহাটী দেশৰ অন্যতম লেতেৰা চহৰ

64
0

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২০ নৱেম্বৰ : গুৱাহাটী মহানগৰীক সৰ্বাংগ সুন্দৰভাৱে নিৰ্মাণ কৰাৰ বাবে বিভিন্ন পৰিকল্পনা গ্ৰহণ কৰা হৈ আহিছে যদিও মূৰকত সকলো ফুটুকাৰ ফেনতহে পৰিণত হৈছে। গুৱাহাটী মহানগৰীক স্মাৰ্ট চিটি ৰূপে গঢ়ি তোলাৰ বাবে বিভিন্ন পৰিকল্পনা গ্ৰহণ কৰা হৈছে। কিন্তু এজাক বৰষুণতে এনে পৰিকল্পনা উটি-ভাহি যোৱা পৰিলক্ষিত হৈছে। এজাক বৰষুণতে মহানগৰীত কৃত্ৰিম বানৰ সৃষ্টি হয়। শেহতীয়াকৈ স্বচ্ছ সৰ্বেক্ষণ সমীক্ষাত গুৱাহাটীক দেশৰ অন্যতম লেতেৰা চহৰ হিচাপে স্থান দিয়া হৈছে। উল্লেখ্য যে প্ৰতিবছৰে  দেশত স্বচ্ছ চহৰসমূহৰ এখন তালিকা প্ৰস্তুত কৰা হয়। বিগত ছবছৰ ধৰি স্বচ্ছ সৰ্বেক্ষণ বঁটা প্ৰদান কৰি অহা হৈছে। আজি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে আনুষ্ঠানিকভাৱে এই বঁটা প্ৰদান কৰে। উল্লেখ্য যে দেশজুৰি স্বচ্ছ চহৰসমূহক লৈ এক সমীক্ষা চলোৱা হৈছিল। ভাৰত চৰকাৰৰ গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগে এই সমীক্ষা চলাইছিল।

দেশৰ সৰ্বমুঠ ৪,৩২০ চহৰৰ ওপৰত এই সমীক্ষা চলোৱা হৈছিল। য’ত মধ্যপ্ৰদেশৰ ইন্দোৰে প্ৰথম স্থান লাভ কৰাৰ বিপৰীতে গুজৰাটৰ চুৰাট চহৰে দ্বিতীয় স্থান আৰু তেলেংগানাৰ বিজয়বাৰাই তৃতীয় স্থান লাভ কৰাৰ বিপৰীতে নবী মুম্বাই চতুৰ্থ স্থান, পুনেই পঞ্চম স্থান, ৰায়পুৰে ষষ্ঠ স্থান, ভূপালে সপ্তম স্থান, বৰোদাই অষ্টম স্থান, বিশাখাপট্টনমে নৱম, আহমেদাবাদে দশম, ৰাজকোটে একাদশ, লক্ষে®ৗৱে দ্বাদশ, হায়দৰাবাদে ত্ৰয়োদশ, থানেয়ে চতুৰ্দশ, গোৱালীয়ৰে পঞ্চদশ স্থান লাভ কৰে। লক্ষণীয় যে মুঠ ৪,৩২০খন চহৰৰ ভিতৰত ৩৪২খন চহৰক স্বচ্ছ আৰু আৱৰ্জনাবিহীন চহৰ হিচাপে স্থান দিয়া হৈছে। লক্ষণীয় যে সৰ্বভাৰতীয় প্ৰেক্ষাপটত চলোৱা এই সমীক্ষাত গুৱাহাটী তথা অসমৰ স্থান বহু তলত। অৰ্থাৎ গুৱাহাটীকে ধৰি অসমৰ আন চহৰসমূহক লেতেৰা চহৰৰ শাৰীত ৰখা হৈছে। ইয়াৰ ভিতৰত গুৱাহাটীয়ে ১,৬৫২ নম্বৰেৰে ২,৭০২নং স্থান লাভ কৰাৰ বিপৰীতে ডিব্ৰুগড়ে ২,৬৮৯ স্থান লাভ কৰিছে। আনহাতে ৩,১১৮নং স্থানত আছে যোৰহাট। লক্ষ্যণীয় যে চুবুৰীয়া মেঘালয়ৰ ৰাজধানী শ্বিলঙৰ স্থান ৪,০৮০।

LEAVE A REPLY

Please enter your comment!
Please enter your name here