Home Main Stories কুখ্যাত ড্ৰাগছ মাফিয়া ‘পচা’ক জেললৈ প্ৰেৰণ

কুখ্যাত ড্ৰাগছ মাফিয়া ‘পচা’ক জেললৈ প্ৰেৰণ

181
0

যোৰহাট ৫ জানুৱাৰী : যোৰহাটৰ কুখ্যাত ড্ৰাগছ মাফিয়া জুৱা সম্ৰাট পঁচা ওৰফে ৰমেশ বাচফৰক আৰক্ষীয়ে আজি আদালতত হাজিৰ কৰোৱাই  জেল হাজোতলৈ প্ৰেৰণ কৰা হয় । উল্লেখ্য যে যোৰহাট আৰক্ষীৰ গুলীত আহত হোৱা যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত থকা পচাক  আজি যোৰহাট ন্যায়িক দণ্ডাধীশৰ আদলতত হাজিৰ কৰোৱা হয় আৰু আদালতে জেললৈ প্ৰেৰণ কৰে কুখ্যাত ড্ৰাগছ মাফিয়াটোক । উল্লেখযোগ্য যে পলাতক অৱস্থাত থকা  গুৱাহাটী আৰক্ষীৰ সহযোগত যোৰহাট আৰক্ষীয়ে ধুবুৰীৰ ব্ৰহ্মপুত্ৰ ল’জৰ পৰা  ৩০ ডিচেম্বৰৰ নিশা গ্ৰেপ্তাৰ কৰিছিল আৰু ধুবুৰীৰ পৰা যোৰহাটলৈ আনি থকা অৱস্থাত পুলিবৰ আৰক্ষী থানাৰ অধীনৰ পানীচকুৱা অঞ্চলত প্ৰায় ২-৩০ মান বজাত পচাই প্ৰসাৱ কৰাৰ অজুহাত লৈ আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰোতে আৰক্ষীয়ে উপায়ন্তৰ হৈ পচাৰ ভৰিলৈ লক্ষ্য কৰি গুলিয়াব লগীয়া পৰিস্থিতি হৈছিল। গুলীবিদ্ধ অৱস্থাত পচাক ততাতৈয়াকৈ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰিছিল যোৰহট আৰক্ষীয়ে। ২০ ডিচেম্বৰৰ দিনা পচাৰ  যোৰহাটৰ হৰিজন কলনিত  থকা বাসগৃহত এগৰাকী স্থানীয় মহিলাৰ ওপৰত আক্ৰমনৰ ঘটনাক লৈ এক হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হৈছিল| ইয়াৰ পিছতে যোৰহাট আৰক্ষীয়ে পচাৰ লগতে আন কেইবাজনো জুৱাৰীক আটক কৰি আনিছিল যদিও পচাই আৰক্ষীৰ গাড়ীৰ পৰাই পলাই যাবলৈ সক্ষম হৈছিল|

LEAVE A REPLY

Please enter your comment!
Please enter your name here