Home স্থানীয় আজাৰাত সামগ্ৰী ভৰ্তি ট্ৰাক দুৰ্ঘটনাগ্ৰস্থ

আজাৰাত সামগ্ৰী ভৰ্তি ট্ৰাক দুৰ্ঘটনাগ্ৰস্থ

53
0

দৈনন্দিন বাৰ্তা, মিৰ্জা, ২৪ মে : কোভিড কেন্দ্ৰিক পৰিস্থিতি অতি ভয়াবহ হৈ থকাৰ মাজতেই আজি গুৱাহাটী মহানগৰীৰ আজাৰা থানাৰ অন্তৰ্গত আজাৰা কেন্দ্ৰীয় বিদ্যালয়ৰ সন্মুখৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ভয়াবহ পথ দুৰ্ঘটনা । পথ দুৰ্ঘটনাটো ভয়াবহ আছিল যদিও সৌভাগ্যক্ৰমে ৰক্ষা পৰে চালক ডেণ্ডিমেন । এই সন্দৰ্ভত আজাৰা আৰক্ষী সূত্ৰে জানিবলৈ পৰা মতে আজি বিয়লি প্রায় ৫ বজাত গুৱাহাটীৰ পৰা গোৱালপাৰাৰ লক্ষীপুৰ অভিমুখী AS 01 LC-3667 নম্বৰৰ বৈদ্যুতিক সামগ্ৰী ভৰ্তি ট্ৰাকখনৰ চকা পাংচাৰহৈ ঘাইপথৰ ওপৰতে পথালীকৈ লুটিখাই সংঘটিত হয় ভয়াবহ পথ দুৰ্ঘটনাটো । পিছত আজাৰা যানবাহন শাখাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিতহৈ লগে লগে ৮ জনীয়া আৰক্ষীৰ দল এটাই শ্ৰমিকৰ দৰে কঠোৰ পৰিশ্ৰমৰে আনলোডিং কৰি আন এখন গাড়ীত সামগ্ৰীসমূহ লোডিং কৰি পঠিয়াই দিয়ে । আৰক্ষীৰ এই মহানুভৱতাই ৰাইজৰ দৃষ্ঠি আকৰ্ষণ কৰিছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here