Home Main Stories অমানৱীয় উচ্ছেদেৰে ভূমি বেদখল মুক্ত সম্ভৱ নহয়! ভূমি বেদখল মুক্ত কৰি ৰাখিবলৈ...

অমানৱীয় উচ্ছেদেৰে ভূমি বেদখল মুক্ত সম্ভৱ নহয়! ভূমি বেদখল মুক্ত কৰি ৰাখিবলৈ চৰকাৰে কি কি পদক্ষেপ গ্ৰহণ কৰা উচিত!

533
0

  🖊️ আশ্ৰাফুল ইছলাম  ◆

মাননীয় মুখ্যমন্ত্ৰী মহাশয়ে কোৱাৰ দৰে মুছলমান সমাজৰ জন বিস্ফোৰণৰ বাবেই ভূমি বেদখল হোৱা কথাটো সত্য নহয়। কিন্তু মুছলমান সমাজে জনসংখ্যা বৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত অধিক সজাগ আৰু সচেতন হোৱাৰ প্ৰয়োজন আছে। 

ভূমি বেদখলৰ মূল কাৰণ অসমৰ জলন্ত সমস্যা বান-গৰাখহনীয়া। বান-গৰাখহনীয়াৰ কবলত পৰি অসমত প্ৰতি বছৰে গড়ে ৮০০০ হেক্টৰ ভূমি জাহ যায় আৰু ইতিমধ্যেই অসমৰ মুঠ ভূমিৰ প্ৰায় ৮ শতাংশ ভূমি সম্পূৰ্ণৰূপে জাহ গৈছে। বান-গৰাখহনীয়াৰ কবলত পৰি কেৱল যে ভূমি জাহ গৈছে তেনেকুৱা নহয়; লাখ লাখ লোকে নিজৰ ভূমি হেৰুৱাৰ লগতে ঘৰ-ভেঁটি পৰ্যন্ত হেৰুৱাই সৰ্বহাৰা হৈ পৰিছে! এইদৰে সৰ্বহাৰা হোৱা লোকসকলৰ ভিতৰত নৈ পৰিয়া বা চৰ-চাপৰি অঞ্চলত বসবাস কৰা অসমীয়া (মিঞা) মুছলমানৰ সংখ্যাই সৰহ হব। 

বিভিন্ন সময়ত সংঘটিত হোৱা গোষ্ঠী সংঘৰ্ষবোৰতো বহু লোকে নিজৰ মাটি, ঘৰ আৰু ভেঁটি এৰি থৈ সৰ্বহাৰা হৈ আন ঠাইলৈ স্থানান্তৰিত হবলগীয়া হয় বা হৈছে। এই কথাও সকলোৱে জানে যে গোষ্ঠী সংঘৰ্ষবোৰতো আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে বা হবলগীয়া হয় মুছলমান লোকসকলেই। 
তদুপৰি এতিয়াও আমাৰ দেশৰ ২৭% লোক সম্পূৰ্ণ ভূমিহীন! মুছলমান সকলৰ মাজত আকৌ সৰ্বাধিক ভূমিহীন ৩৫%। জনজাতীয় লোকসকলৰ মাজতো ভূমিহীন লোকৰ সংখ্যা বেছি। 

এইদৰে বান-গৰাখহনীয়া আৰু গোষ্ঠী সংঘৰ্ষত সৰ্বহাৰা হোৱা আৰু সমাজৰ সম্পূৰ্ণ ভূমিহীন দৰিদ্ৰ লোকসকলৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি? নিশ্চয় আছে। ভাৰতীয় সংবিধানৰ ২১ অনুচ্ছেদৰ জৰিয়তে দেশৰ সকলোকে “Right to life, liberty and security” ৰ অধিকাৰ প্ৰদান কৰিছে। কোনেও এই অধিকাৰ খৰ্ব কৰিব নোৱাৰে। সেয়েহে এই সৰ্বহাৰা লোকসকল জীয়াই থাকিবৰ বাবে ঘৰ এটি সাজিবৰ বাবে যি নূন্যতম ভূমিৰ প্ৰয়োজন সেই ভূমি প্ৰদান কৰাটো চৰকাৰৰ দায়িত্ব হয়। কিন্তু আমাৰ চৰকাৰবোৰে এই দায়িত্ব পালন কৰা নাই। 

গতিকেই বান-গৰাখহনীয়া আৰু গোষ্ঠী সংঘৰ্ষত সৰ্বহাৰা হোৱা আৰু সমাজৰ সম্পূৰ্ণ ভূমিহীন দৰিদ্ৰ লোকসকলে জীয়াই থকাৰ তাড়নাত উপায়বিহীন হৈ বিভিন্ন ধৰণৰ  চৰকাৰী ভূমি বেদখল কৰা দেখা যায়! এইদৰে ভূমি বেদখল কৰা লোকৰ মাজত স্বাভাৱিকতেই মুছলমান লোকৰ সংখ্যা বেছি হব।
ভূ মাফিয়া, বহিৰাগত বনিক গোষ্ঠী আৰু পুঁজিপতি গোষ্ঠীবোৰৰ অবৈধ ভূমি বেদখলহে আচল সমস্যা। কিন্ত এইবোৰক লৈ কাৰো মাথা বেথা নাই! বৰং বহু সময়ত চৰকাৰৰ পৃষ্ঠপোষকতাতেই এনেকুৱা ভূমি বেদখল হয় বুলি অভিযোগ আছে। 

আমি ভূমি বেদখল কাৰ্যৰ সমৰ্থক নহয়। কিন্তু গণতান্ত্ৰিক আৰু কল্যাণকামী ৰাষ্ট্ৰ এখনত চৰকাৰে দেশৰ অসহায় সৰ্বহাৰা লোকসকলৰ প্ৰতি দায়িত্ব পালন নকৰি কেৱল বেদখলকাৰী আখ্যাৰে অমানৱীয়ভাৱে উচ্ছেদ কৰা কাৰ্য অতি দুৰ্ভাগ্যজনক আৰ লজ্জাজনক। কেৱল অমানৱীয় উচ্ছেদেৰে ভূমি বেদখল মুক্ত কৰি ৰখাটো কোনো পধ্যেই সম্ভৱ নহয়। 

গতিকে ভূমি বেদখল মুক্ত কৰি ৰাখিবলৈ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি মিত্ৰজোঁট চৰকাৰৰ যদি সৎ সাহস আৰু ইচ্ছা আছে; তেন্তে তলত উল্লেখিত পাঁচদফীয়া পদক্ষেপ গ্ৰহণ কৰক- 

১/ অসমৰ বান-গৰাখহনীয়া সমস্যাৰ এক বিজ্ঞান সন্মত আৰু বাস্তৱসন্মত নিয়ন্ত্ৰণ আৰু স্থায়ী সমাধানৰ ব্যৱস্থা কৰক।

২/ অসমত ভৱিষ্যতে যাতে কেতিয়াও কোনো ধৰণৰ সাম্প্ৰদায়িক সংঘাত আৰু গোষ্ঠী সংঘৰ্ষ সংঘটিত হব নোৱাৰে তাৰ বাবে ঐক্য-সম্প্ৰীতিৰ শান্তিপূৰ্ণ অসম গঢ়ি তোলক।

৩/ বান-গৰাখহনীয়া আৰু গোষ্ঠী সংঘৰ্ষত সৰ্বহাৰা হোৱা লোকসকলক পুনৰ সংস্থাপন দিয়াৰ বাবে নীতি গ্ৰহণ কৰক। 

৪/ ভূমিহীন দৰিদ্ৰ লোকসকলক ঘৰ সাজি বসবাস কৰাৰ বাবে প্ৰয়োজনীয় নূন্যতম ভূমি প্ৰদান কৰা নীতি গ্ৰহণ কৰক।

৫/ ভূ মাফিয়া, বহিৰাগত বনিক গোষ্ঠী আৰু পুঁজিপতি গোষ্ঠীবোৰৰ অবৈধ ভূমি বেদখল নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক।

( লেখক ‘ৰাইজৰ দল’ৰ সম্পাদক, ফোন নম্বৰ 📞 7002240549 )

LEAVE A REPLY

Please enter your comment!
Please enter your name here