Home নগাঁও নগাঁৱত জাগ্ৰীতি মহিলা মণ্ডল সংঘৰ অভিনৱ পদক্ষেপ আত্মসহায়ক গোটে প্ৰস্তুত কৰা সামগীৰে...

নগাঁৱত জাগ্ৰীতি মহিলা মণ্ডল সংঘৰ অভিনৱ পদক্ষেপ আত্মসহায়ক গোটে প্ৰস্তুত কৰা সামগীৰে পাঁচ কৃতী শিক্ষাগুৰুক সম্বৰ্ধনা

526
0


 ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ৫ ছেপ্টেম্বৰ : নগাঁও জিলাৰ খাগৰিজান উন্নয়ন খণ্ডৰ অন্তৰ্গত  অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনৰ জাগ্ৰীতি মহিলা মণ্ডল সংঘৰ উদ্যোগত ৬০ সংখ্যাক ৰাষ্ট্ৰীয় শিক্ষক দিৱসটি আজি পালন কৰা হয়। চহৰখনৰ মাজৰআটী অৰুণোদয় সাংস্কৃতিক সমাজৰ কাৰ্যালয়ত অনুষ্ঠিত শিক্ষক দিৱস উপলক্ষে অনুষ্ঠিত সভাত সভাপতিত্ব কৰে উদ্যোক্তা সংগঠনৰ সভাপতি ৰুনু বৰাই আৰু উদ্দেশ্যে ব্যাখ্যা কৰে সাধাৰণ সম্পাদিকা পম্পী বৰাই। সভাখন আঁত ধৰে জীৱিকা অভিযানৰ খাগৰিজান উন্নয়ন খণ্ডৰ সমন্বয়ক ৰুণুমী গোস্বামীয়ে। দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত দিৱস উপলক্ষে  পাঁচ গৰাকী কৃতী শিক্ষকক সম্বৰ্ধনা জনায়। তেওঁলোক হৈছে অৱসৰপ্ৰাপ্ত অধ্যক্ষ  পদৰাম বৰা, প্ৰধান শিক্ষয়িত্ৰী শিখামালা বৰা, প্ৰধান শিক্ষয়িত্ৰী দিব্যজ্যোতি বৰা, অৱসৰপ্ৰাপ্ত শিক্ষক মঙ্গল ৰাম কলিতা আৰু অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী জুনু মহন্ত। তেওঁলোকক মহিলা সকলে আত্মসহায়ক গোটৰ দ্বাৰা প্ৰস্তুত কৰা মানপত্ৰ, গামোচা, বিভিন্ন ফল মুল ভৰ্তি বাহৰ খৰাহিৰে সম্বৰ্ধনা জনায়। উল্লেখ্য যে আজি শিশু কাইলৈ দেশৰ নাগৰিক। সেয়ে তেওঁলোকক সু-নাগৰিক হিচাপে গঢ় দিয়াৰ দায়িত্ব অকল শিক্ষকৰেই নহয়, এই ক্ষেত্ৰত মাতৃসকলৰ ভুমিকা অপৰিসীম। লগতে এখন সুস্থ তথা এখন শিক্ষিত সমাজ পাবলৈ নিৰক্ষৰ মহিলা সকলকো শিক্ষিত কৰি তোলাই মূল উদ্দেশ্য আগত ৰাখি আজি শিক্ষক দিৱসটি মহিলা সকলে পালন কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here