Home স্থানীয় পেঙেৰীৰ তৰানীত এমহীয়া নাট আৰু নৃত্য কৰ্মশালাৰ সামৰণি অনুষ্ঠানেৰে অভিনৱ সাংস্কৃতিক কাৰ্যসূচী

পেঙেৰীৰ তৰানীত এমহীয়া নাট আৰু নৃত্য কৰ্মশালাৰ সামৰণি অনুষ্ঠানেৰে অভিনৱ সাংস্কৃতিক কাৰ্যসূচী

260
0



গণ বাৰ্ত,ফিল’বাৰী , ৩০ আগষ্ট :
তিনিচুকীয়া জিলাৰ অৰুণাচল সীমান্তৱৰ্তী বুঢ়ীদিহিং মৌজাৰ তৰাণী ৰাজহুৱা প্ৰেক্ষাগৃহত,তৰাণী সূৰ্যোদয় সংগীত বিদ্যালয়,তৰাণী প্ৰগতিশীল টিউচন শিক্ষণ কেন্দ্ৰৰ উদ্যোগত আৰু সদৌ মৰাণ ছাত্ৰ সন্থা চিকৰাজান-তৰাণী শাখা সমিতিৰ সৌজন্যত চলি অহা এমহীয়া নাট কৰ্মশালা আৰু ২০ দিনীয়া নৃত্য কৰ্মশালাৰ দেওবাৰে সামৰণি পৰে।উক্ত  নাট  আৰু  নৃত্য কৰ্মশালা  সামৰণিৰ দিনটোত সংগতি ৰাখি সন্ধিয়ালৈ অনুষ্ঠিত কৰে এক অভিনৱ সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচী । উক্ত সাংস্কৃতিক অনুষ্ঠানটোৰ আঁ‌ত ধৰে উদ্যোক্তা গণৰাজ মৰাণ,আৰু অনন্ত মৰাণে । বন্তি প্ৰজ্বলন কৰে আমাৰ অসম কাকতৰ ফিল’বাৰী সাংবাদিক তথা “আপকু” তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক সুৰজিৎ  বড়াই ।চিকৰাজান জাতীয় বিদ্যালয়ৰ অধ্যক্ষ বৈদ্য বড়াই উদ্বোধন কৰা সাংস্কৃতিক অভিনৱ কাৰ্যসূচীত এমহীয়া নাট কৰ্মশালাত অংশগ্ৰহণ কৰা কণ কণ শিশু সকলৰ দ্বাৰা সৌৰভ জ্যোতি ফুকণ আৰু অনুপল মৰাণৰ পৰিকল্পনা পৰিচালনাৰে,”ৰুখাৰি চিদাঙ্গ” “সময়ৰ ছবি” “ৰজা মন্ত্ৰীৰ ভাকুটকুট” আৰু “ৰুগীয়া বিৰিখৰ ছাঁ” শীৰ্ষক  চাৰিখন নাটক পৰিৱেশন কৰাৰ লগতে কুৰিৰোধিক অঞ্চলটোৰ শিশু শিল্পিয়ে  নৃত্য প্ৰদৰ্শন কৰে ।ইয়াৰোপৰি অসমৰ জনপ্ৰিয় শিল্পী অশোক বৰশইকীয়া,হীৰকদ্বীপ বৰুৱা,নৱজিত বৰেণ্য বৰুৱা আৰু সুৰজ চেতিয়াই গীত পৰিৱেশন কৰি ৰাইজক আমোদ দিয়ে ।উক্ত কাৰ্যসূচীৰ মাজতেই  আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি উঠা “THE DODO” নামৰ  চুটী ছবিৰ পৰিচালক তথা ডুমডুমা কৰদৈগুৰী যুৱক পিংকু মৰাণক স্থানীয় ৰাইজে  সম্বৰ্ধনা প্ৰদান কৰে ।উল্লেখ্য যে পিংকু মৰাণৰ পৰিচালনাত নিৰ্মিত চুটি ছবি “THE DODO” য়ে কেৰেলাত অনুষ্ঠিত হোৱা কচিং ইণ্টাৰনেচনেল ফ্লিম এৱাৰ্ড ২০২১ ত শ্ৰেষ্ঠ কনচেফট  চুটি ছবি বঁ‌টা আজুৰি আনিবলৈ সক্ষম হৈছিল।তৰানী ৰাজহুৱা পেক্ষাগৃহত অনুষ্ঠিত হোৱা সাংস্কৃতিক অনুষ্ঠানত এমহীয়া নাট  কৰ্মশালাৰ মুখ্য প্ৰশিক্ষক তথা ত্ৰিপুৰাৰ এন এছ ডিৰ পৰা নাট বিষয়ত স্নাটক ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হোৱা যুৱ নাট্যকৰ্মী সৌৰভজ্যোতি ফুকন,  নৃত্য কৰ্মশালাৰ প্ৰশিক্ষক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ড° ভুপেন হাজৰিকা পৰিৱেশ্য কলা অধ্যয়ন কেন্দ্ৰৰ ছাত্ৰ মুগ্ধজ্যোতি শইকীয়াক উদ্যোক্তাসকলৰ লগতে তৰাণীৰ কেওটা অনুষ্ঠান প্ৰতিষ্ঠানে সম্বৰ্ধনা জনায় ।অনুষ্ঠানত বুঢ়ীদিহিং  শতদল শাখা সাহিত্য সভাৰ সভাপতি সুমণ মৰাণৰ লগতে স্থানীয় জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, ,মৰাণ ছাত্ৰ সন্থা,গোৰ্খা ছাত্ৰ সন্থা,মৰাণ মহিলা পৰিষদ,মৰাণ কলা সংস্কৃতি বিকাশ কেন্দ্ৰৰ বিষয়ববীয়া ,

LEAVE A REPLY

Please enter your comment!
Please enter your name here